মনোৰঞ্জন জগতত আন এক দুখৰ খবৰ। নেটফ্লিক্সৰ চিৰিজ ‘ইউ’ত অভিনয় কৰা আলেকজেণ্ডাৰ হাস্কিনৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৮ বছৰ। “ইউ”ত অভিনয় কৰা আলেকজেণ্ডাৰ হাস্কিনৰ ছান্টা মনিকা ঘাটৰ পৰা জপিয়াই ডুব যোৱাৰ পিছত মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।
মৃত্যুৰ পূৰ্বে এগৰাকী মহিলাক চৰ মাৰিছিল বুলি অভিযোগ উঠিছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ঘাটৰ ৰেলিঙৰ ওপৰেৰে জপিয়াই পৰাৰ পূৰ্বে এগৰাকী মহিলাৰ সৈতে কাজিয়াত লিপ্ত হয়।
হাস্কিনৰ পিতৃ ডানা কেলিফৰ্ণিয়া হাইৱে পেট্ৰ’লৰ এজন বিষয়া। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে এই ঘটনাৰ পূৰ্বে তেওঁৰ পুত্ৰক বিচলিত হোৱা যেন নালাগিল। আৰু তেওঁৰ পুত্ৰই কিয় জপিয়াই পৰিল তেওঁলোকৰ কোনো ধাৰণা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















