• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

3 minutes ago
মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ

মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ

1 hour ago
ছিৰাজে মূল একাদশত স্থান নোপোৱাক লৈ বিতৰ্ক তুংগত, ‘তেওঁৰ নাম ছিৰাজ, সেইটোৱেই কাৰণ!’

ছিৰাজে মূল একাদশত স্থান নোপোৱাক লৈ বিতৰ্ক তুংগত, ‘তেওঁৰ নাম ছিৰাজ, সেইটোৱেই কাৰণ!’

2 hours ago
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

ভাগ্য সলনি হ’ব এই ৪ ৰাশিৰ! আৰ্থিক দিশত শুভফল লাভৰ যোগ

2 hours ago
এয়াই নেকি সোণ কিনাৰ উত্তম সময়?

এয়াই নেকি সোণ কিনাৰ উত্তম সময়?

3 hours ago
আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ

আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ

4 hours ago
বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

4 hours ago
Burj Khalifaতকৈও অধিক ব্যয়ৰে নিৰ্মিত গেম GTA 6 মুকলি

Burj Khalifaতকৈও অধিক ব্যয়ৰে নিৰ্মিত গেম GTA 6 মুকলি

4 hours ago
প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান

প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান

5 hours ago
দেশলৈ উভতাৰ বাবে সাজু হাছিনা! দিল্লীস্থ বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ

দেশলৈ উভতাৰ বাবে সাজু হাছিনা! দিল্লীস্থ বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ

6 hours ago
জানক কেনে যাব আপোনাৰ দিনটো

জানক কেনে যাব আপোনাৰ দিনটো

7 hours ago
ভয়াৱহ ঘূৰ্ণীবতাহৰ ভাবুকি! ৩৯খন ৰে’ল বাতিল

ভয়াৱহ ঘূৰ্ণীবতাহৰ ভাবুকি! ৩৯খন ৰে’ল বাতিল

15 hours ago
এ আই ইউ ডি এফৰ ভৱিষ্যৎ কি? : ভাস্কৰজ্যোতি বৰা

এ আই ইউ ডি এফৰ ভৱিষ্যৎ কি? : ভাস্কৰজ্যোতি বৰা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

যোগী আদিত্যনাথৰ মাতৃ আৰু নাই

editor by editor
November 20, 2026
in ভাৰত, ৰাজনীতি, লেখা
0
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মাতৃ সাবিত্ৰী দেৱীৰ দেহাৱসান। ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাবিত্ৰী দেৱীয়ে। উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাৰ পাঞ্চুৰ গাঁৱত থকা নিজৰ পূৰ্বপুৰুষৰ ঘৰতে মৃত্যু হয় তেওঁৰ। এই খবৰ নিশ্চিত কৰিছে পৌৰী গড়ৱালৰ আৰক্ষী অধীক্ষক সৰ্বেশ কুমাৰে।

উল্লেখ্য যে, পাঞ্চুৰ গাঁওখনতে জন্মগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁৰ মাতৃ সাবিত্ৰী দেৱী দীৰ্ঘদিন ধৰি এই গাঁওখনতে বাস কৰি আহিছিল। মাতৃৰ মৃত্যুৰ খবৰ লাভ কৰাৰ সময়ত যোগী আদিত্যনাথ গোৰখপুৰত এখন ৰাজহুৱা সভাত ভাষণ দি আছিল। অৱশ্যে এই ঘটনাক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। তেওঁ মাতৃৰ শেষকৃত্যত অংশগ্ৰহণ কৰিবলৈ উত্তৰাখণ্ডলৈ যাব নে নাই, সেয়াও নিশ্চিত হোৱা নাই।

ইয়াৰ পূৰ্বে ২০২০ চনৰ এপ্ৰিল মাহত যোগী আদিত্যনাথৰ পিতৃ আনন্দ সিং বিষ্টৰ মৃত্যু হৈছিল। সেই সময়ত ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা নিয়ম আৰু উত্তৰ প্ৰদেশৰ পৰিস্থিতিৰ বাবে পিতৃৰ শেষকৃত্যত উপস্থিত থাকিব পৰা নাছিল তেওঁ। তেতিয়া তেওঁ ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু লকডাউনৰ কথা উল্লেখ কৰি অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰাৰ কথা জনাইছিল। মৃত্যুৰ সময়ত সাবিত্ৰী দেৱীয়ে চাৰিজন পুত্ৰ আৰু তিনিগৰাকী কন্যাক এৰি থৈ গৈছে। তেওঁৰ সন্তানসকলৰ ভিতৰত আছে যোগী আদিত্যনাথ, মনেন্দ্ৰ সিং, মহেন্দ্ৰ সিং, শৈলেন্দ্ৰ মোহন, পুষ্পা দেৱী, কৌশল আৰু শশী দেৱী।

১৯৯৪ চনতে সাংসাৰিক জীৱন এৰিছিল যোগী আদিত্যনাথে

উল্লেখ্য যে যোগী আদিত্যনাথৰ প্ৰকৃত নাম অজয় সিং বিষ্ট। ১৯৭২ চনৰ ৫ জুনত উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাৰ পাঞ্চুৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল তেওঁ। ১৯৯৪ চনত মাত্ৰ ২২ বছৰ বয়সতে সাংসাৰিক জীৱন ত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰে যোগী আদিত্যনাথে। ইয়াৰ পিছতে তেওঁ গোৰখপুৰৰ গোৰখনাথ মন্দিৰৰ সৈতে জড়িত হয় আৰু মহন্ত অবৈদ্যনাথৰ শিষ্যত্ব গ্ৰহণ কৰে। সন্ন্যাস গ্ৰহণ কৰাৰ পিছত পৰিয়ালৰ সৈতে তেওঁৰ যোগাযোগ কিছু পৰিমাণে কমি আহিছিল যদিও মাতৃৰ সৈতে সম্পৰ্ক অটুট আছিল। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতো সময়ে সময়ে তেওঁ নিজৰ জন্মস্থান আৰু পৰিয়ালৰ লোকসকলক সাক্ষাৎ কৰিবলৈ গৈছিল।

২৮ বছৰৰ মূৰত জন্মস্থানলৈ গৈছিল যোগী

২০২২ চনৰ মে’ত প্ৰায় ২৮ বছৰৰ মূৰত নিজৰ জন্মস্থান পাঞ্চুৰ গাঁৱলৈ গৈছিল যোগী আদিত্যনাথ। সেই সময়ত তেওঁ মাতৃ সাবিত্ৰী দেৱী আৰু পৰিয়ালৰ আন সদস্যসকলক সাক্ষাৎ কৰিছিল। যোগীৰ আগমনৰ বাবে গাঁওখনত বিশেষ প্ৰস্তুতি চলোৱা হৈছিল। আনকি সেই ভ্ৰমণৰ সময়ত নিজৰ পূৰ্বপুৰুষৰ ঘৰতে নিশাটো কটাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

২০২৪ চনত মাতৃক সাক্ষাৎ কৰিছিল যোগীয়ে

২০২৪ চনৰ জুনতো মাতৃৰ স্বাস্থ্যৰ বুজ ল’বলৈ ঋষিকেশৰ এইমছলৈ গৈছিল যোগী আদিত্যনাথ। বয়সজনিত বিভিন্ন সমস্যাৰ বাবে সাবিত্ৰী দেৱীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত চিকিৎসকসকলৰ সৈতে কথা পাতি মাতৃৰ স্বাস্থ্যৰ বুজ লৈছিল তেওঁ। চিকিৎসালয়ত মাতৃৰ সৈতে প্ৰায় ২০ মিনিট সময় কটাইছিল যোগীয়ে। এই ভ্ৰমণৰ সময়ত উত্তৰাখণ্ডৰ তদানীন্তন স্বাস্থ্যমন্ত্ৰী ধন সিং ৰাৱট আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটেও তেওঁক সংগ দিছিল।

২০২৬ চনৰ মে’তো মাতৃৰ আশীৰ্বাদ লৈছিল যোগীয়ে

চলিত বৰ্ষৰ মে’ত পুনৰ নিজৰ জন্মস্থান পাঞ্চুৰ গাঁৱলৈ গৈছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। দুদিনীয়া উত্তৰাখণ্ড ভ্ৰমণৰ সময়ত ৭ মে’ত গাঁৱখনত উপস্থিত হৈ ৮ মে’ত কেইবাটাও ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল তেওঁ। এই সময়ছোৱাত পাঞ্চুৰ গাঁৱত নতুনকৈ নিৰ্মাণ কৰা শ্ৰী হৰি বিষ্ণু পঞ্চদেৱ মন্দিৰৰ অভিষেক অনুষ্ঠান আৰু শ্ৰী বিষ্ণু মহাযজ্ঞত অংশগ্ৰহণ কৰে যোগীয়ে। ধৰ্মীয় অনুষ্ঠানৰ পিছত নিজৰ ঘৰলৈ গৈ মাতৃ সাবিত্ৰী দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰে। লগতে পৰিয়ালৰ আন সদস্য আৰু আত্মীয়-স্বজনৰ সৈতেও সময় কটায়।

গাঁওখনত উপস্থিত হৈ স্থানীয় লোকসকলৰ সৈতেও মত বিনিময় কৰিছিল তেওঁ। ইয়াৰ মাজতে পিতৃ প্ৰয়াত আনন্দ সিং বিষ্টৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা এক আৱেগিক মুহূৰ্তও চৰ্চালৈ আহিছিল। প্ৰতিমূৰ্তিটো বিথ্যানীৰ মহাযোগী গুৰু গোৰখনাথ চৰকাৰী মহাবিদ্যালয়ৰ চৌহদত অৱস্থিত।

সাবিত্ৰী দেৱীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ধামীৰ

যোগী আদিত্যনাথৰ মাতৃ সাবিত্ৰী দেৱীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰি তেওঁ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ধামীয়ে কয় যে মাতৃৰ মৰম, স্নেহ আৰু আশীৰ্বাদ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। মাতৃৰ বিয়োগ পৰিয়ালটোৰ বাবে এক অপূৰণীয় ক্ষতি। এই কঠিন সময়ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ
অপৰাধ

মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ

November 20, 2026
ছিৰাজে মূল একাদশত স্থান নোপোৱাক লৈ বিতৰ্ক তুংগত, ‘তেওঁৰ নাম ছিৰাজ, সেইটোৱেই কাৰণ!’
বিনোদন

ছিৰাজে মূল একাদশত স্থান নোপোৱাক লৈ বিতৰ্ক তুংগত, ‘তেওঁৰ নাম ছিৰাজ, সেইটোৱেই কাৰণ!’

November 20, 2026
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!
জীৱনশৈলী

ভাগ্য সলনি হ’ব এই ৪ ৰাশিৰ! আৰ্থিক দিশত শুভফল লাভৰ যোগ

November 20, 2026
আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ
ৰাজনীতি

আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ

November 20, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.