নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনত এ আই ইউ ডি এফ পৰাস্ত হোৱাৰ পাছত সমষ্টিটোত এক ব্যতিক্রমী দৃশ্য দেখিবলৈ পোৱা গ’ল। এ আই ইউ ডি এফৰ পৰাজিত প্রার্থী দলটোৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে ধন্যবাদ যাত্রা কৰিলে। ভোটাৰে প্রত্যাখ্যান কৰাৰ পাছত আজমলৰ ধন্যবাদ যাত্রা। সাধাৰণতে নিৰ্বাচনৰ ফলাফলৰ পাছত এনে পৰিৱেশ ক’তো দেখা নাযায়। পৰাজিত প্রার্থীয়ে ধন্যবাদ জনাই মানুহৰ কাষলৈ নাযায়। কিন্তু এইবাৰ এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীয়ে এই কাম কৰিলে। নিশ্চিতকৈ ই তাৎপর্যপূর্ণ। ইয়াৰ বহুমাত্রিক ৰাজনৈতিক দিশ আছে। সংখ্যালঘুপ্রধান সমষ্টি নগাঁৱত বিজেপি প্রার্থী দেৱাশিস শর্মা জয়ী হ’ল। এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল দ্বিতীয় স্থানত থাকিল, আৰু কংগ্ৰেছ প্রার্থী শিৱামণি বহু দূৰৈত তৃতীয় স্থানত ৰ’লগৈ। বিজেপিৰ দেৱাশিস শৰ্মাই ৭,১৪,৩৪৯টা ভোট লাভ কৰে। বদৰুদ্দিন আজমলে লাভ কৰে ৫,৭২,১২৫টা ভোট। দেৱাশিস শৰ্মা ১,৪২,২২৪টা ভোটৰ ব্যৱধানত জয়ী হয়। শোচনীয়ভাৱে কংগ্ৰেছৰ শিৱামণি বৰাই লাভ কৰে মাত্ৰ ১,২৯,৪৯২টা ভোট। এই ফলাফলৰ পাছতো বদৰুদ্দিন আজমলৰ ধন্যবাদ যাত্রা কিয়? হয়, এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ।
‘২৪ৰ লোকসভা নির্বাচন আৰু ‘২৬ বিধানসভা নির্বাচনত শোচনীয় ফলাফলৰ পাছত নগাঁৱৰ উপ-নির্বাচন আছিল এ আই ইউ ডি এফৰ বাবে অতি গুৰুত্বপূর্ণ। সংখ্যালঘুপ্রধান নগাঁও সমষ্টিত শক্তি প্ৰদৰ্শনৰ লক্ষ্য নির্ধাৰণ কৰি লৈছিল এ আই ইউ ডি এফে। সেইবাবে দলটোৱে প্রার্থী হিচাপে প্রক্ষেপ কৰিছিল মুৰব্বী বদৰুদ্দিন আজমলক। পৰাস্ত হ’লেও নগাঁৱৰ নির্বাচনী ফলাফল এ আই ইউ ডি এফে বৰ বেয়া বুলি ভবা নাই। কাৰণ কংগ্ৰেছ বিধ্বস্ত হৈ পৰাৰ বিপৰীতে বিজেপিৰ প্ৰধান প্রতিদ্বন্দ্বীৰূপে চিহ্নিত হয় এ আই ইউ ডি এফ। এ আই ইউ ডি এফৰ ৰাজনীতি ধৰ্মীয় সংখ্যালঘুভিত্তিক। ধর্মীয় সংখ্যালঘুৱে কংগ্ৰেছ ত্যাগ কৰি এ আই ইউ ডি এফক সমর্থন জনালে নগাঁৱত। বিধানসভা নির্বাচনলৈকে কংগ্ৰেছৰ লগত থকা ধর্মীয় সংখ্যালঘু ভোটাৰ এ আই ইউ ডি এফমুখী হ’ল। সেইবাবে এ আই ইউ ডি এফ ফলাফলক লৈ সন্তুষ্ট। দলটোৱে নগাঁৱৰ ফলাফলৰ জৰিয়তে দীর্ঘম্যাদী ৰাজনীতিৰ সম্ভাৱনা দেখিবলৈ পাইছে।
এ আই ইউ ডি এফ হৈছে ধর্মীয় সংখ্যালঘু দল। মূলতঃ পূর্ববংগীয় মূলৰ অভিবাসী মুছলমানৰ মাজত আছে দলটোৰ গণভিত্তি। ২০০৫ চনৰ ২ অক্টোবৰত গঠন হৈছিল এ আই ইউ ডি এফ। এ আই ইউ ডি এফৰ জন্মৰ এক বিশেষ পৃষ্ঠভূমি আছে। উচ্চতম ন্যায়ালয়ে আই এম ডি টি আইন বাতিল কৰাৰ ফলত অসমৰ অভিবাসী মুছলমানৰ মাজত এক বিশেষ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছিল এচামে। সৰ্বসাধাৰণ অভিবাসী মুছলমান মানুহৰ মাজত ভয়-শংকা আহিছিল। নিৰাপত্তাক লৈ তেওঁলোক শংকিত হৈ পৰিছিল। এই পৰিস্থিতিত মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত গঠন হ’ল এ আই ইউ ডি এফ। অভিবাসী মুছলমানৰ স্বাৰ্থৰক্ষাৰ প্ৰতিশ্ৰুতিৰে গঠন হোৱা এ আই ইউ ডি এফে ৰাজ্যৰ ৰাজনীতিত চমক দেখুৱাবলৈ সক্ষম হৈছিল। ধর্মীয় সংখ্যালঘু মানুহৰ সুৰক্ষা, ন্যায্যপ্রাপ্তি, উন্নয়ন, বিকাশ, সামাজিক সবলীকৰণৰ কথা কোৱা এ আই ইউ ডি এফক আঁকোৱালি ল’লে সংখ্যালঘু সমাজে। ২০০৬ চনৰ বিধানসভা নির্বাচনত ১০টা সমষ্টিত জয়লাভ কৰে নৱগঠিত দলটোৱে। এ আই ইউ ডি এফে লাভ কৰা মুঠ ভোটৰ হাৰ আছিল ৯.০৩ শতাংশ। ২০১১ৰ বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰ শক্তি বৃদ্ধি হৈ ১৮গৰাকী বিধায়ক নিৰ্বাচিত হ’ল। ভোটৰ হাৰ পূৰ্বতকৈ বৃদ্ধি হৈ ১২.৫৭ শতাংশ হ’ল। ‘১৬ৰ বিধানসভা নিৰ্বাচনত ১৩গৰাকী বিধায়ক আছিল এ আই ইউ ডি এফৰ। ভোটৰ হাৰ আছিল ১৩.০৫ শতাংশ। অৱশ্যে জনিয়া সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ পৰা সমষ্টিটো কাঢ়ি ল’বলৈ সক্ষম হৈছিল এ আই ইউ ডি এফ, আৰু জনিয়াৰ বিধায়কক ধৰি বিধায়কৰ সংখ্যা হৈছিলগৈ ১৪গৰাকী। ‘২১ত এ আই ইউ ডি এফে লাভ কৰে ১৬টা সমষ্টি। ভোটৰ হাৰ আছিল ৯.২৯ শতাংশ। যোৱা বিধানসভা নির্বাচনত মাত্র ২টা সমষ্টিতহে জয়লাভ কৰিবলৈ সক্ষম হয় দলটো। ভোটৰ হাৰ কমি হ’লগৈ ৫.৪৬ শতাংশ। এ আই ইউ ডি এফৰ লোকসভা নিৰ্বাচনৰ পৰিক্ৰমা হৈছে- ২০০৯ চনত ধুবুৰী সমষ্টি দখল কৰে এ আই ইউ ডি এফে। দলটোৰ মুঠ ভোটৰ হাৰ আছিল ১৬.৩ শতাংশ। ‘১৪ৰ লোকসভা নির্বাচন আছিল এ আই ইউ ডি এফৰ বাবে আটাইতকৈ ভাল। দলটোৱে লোকসভালৈ ৩জন সাংসদক পঠিয়াবলৈ সক্ষম হয়। কিন্তু লক্ষণীয়ভাৱে ২০০৯ চনতকৈ মুঠ ভোটৰ হাৰ কমিছিল ‘১৪ত। ‘১৪ত ভোটৰ হাৰ আছিল ১৪.৮ শতাংশ। ‘১৯ৰ লোকসভা নির্বাচনত কেৱল ধুবুৰী সমষ্টিতহে জয়ী হয় এ আই ইউ ডি এফ। ভোটৰ হাৰ আছিল ৭.৮ শতাংশ, আৰু ‘২৪ৰ লোকসভা নির্বাচন আছিল এ আই ইউ ডি এফৰ বাবে একেবাৰে বেয়া। এটা সমষ্টিতো জয়ী হ’ব নোৱাৰিলে দলটোৱে। ভোটৰ হাৰ কমি হ’লগৈ ৩.১৩ শতাংশ। এই নির্বাচনী পৰিক্ৰমাৰ প্ৰেক্ষাপটত নগাঁৱৰ উপ-নিৰ্বাচনৰ ফলাফলে স্বাভাৱিকতেই এ আই ইউ ডি এফক উৎসাহিত কৰিছে।
এতিয়া প্রশ্ন আহিছে অসমৰ ৰাজনীতিত এ আই ইউ ডি এফৰ ভবিষ্যৎ কি? এ আই ইউ ডি এফৰ প্ৰাসংগিকতা কিমান? একে আষাৰে ক’ব পাৰি এ আই ইউ ডি এফৰ প্ৰাসংগিকতা আছে আৰু থাকিব। দলটোৰ ভৱিষ্যৎ আছে আৰু থাকিব। কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে এ আই ইউ ডি এফক সমালোচনা কৰি সংখ্যালঘু মানুহৰ মাজৰ পৰা নাইকিয়া কৰিবলৈ চেষ্টা চলাইছে যদিও সেয়া সফল হোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে। যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক বাতাৱৰণ সৃষ্টি হৈছিল। মূলতঃ এ আই ইউ ডি এফৰ দৰে সংখ্যালঘু দলৰ বাবেই অসমত বিজেপি শক্তিশালী হোৱা বুলি প্ৰচাৰ কৰিছিল কংগ্ৰেছ আৰু আনকেইটা বিৰোধী দলে। সংখ্যালঘু ৰাজনীতিৰ বিপৰীতে সংখ্যাগুৰুৰ ৰাজনীতি শক্তিশালী হৈছে বুলি ধাৰণা দিছিল। এ আই ইউ ডি এফৰ দৰে দল থাকিলে বিজেপিৰ ৰাজনীতি সুচল হৈ থাকে বুলি ব্যাপক চর্চা চলি আহিছে। তাক কোনেও নুই কৰিবও নোৱাৰে। বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবে এ আই ইউ ডি এফক প্রত্যাখ্যান কৰিব লাগিব। সেই বাগধাৰা ক্ৰমাৎ শক্তিশালী হৈ আহিছিল। ২০২১ চনৰ পৰাই সকলো বিৰোধী দলে এ আই ইউ ডি এফক একাষৰীয়া কৰিলে। এ আই ইউ ডি এফ বিজেপিৰ বি টীম বুলি প্রতিপন্ন কৰিবলৈ উঠিপৰি লাগিল। এই পৰিস্থিতিত সংখ্যালঘু মানুহৰ মাজত এ আই ইউ ডি এফক লৈ প্রশ্ন উত্থাপন হ’ল। সংখ্যালঘু জনসাধাৰণে এ আই ইউ ডি এফৰ কাম-কাজৰ মূল্যায়ন কৰিলে। ২০০৬ চনৰ পৰা দলটোৱে সংখ্যালঘু মানুহৰ বাবে কি কৰিলে? সংখ্যালঘু সমাজৰ কিমান উন্নয়ন হ’ল? সংখ্যালঘুৰ ন্যায্যপ্ৰাপ্তিৰ বাবে দলটোৱে শক্তিশালী ভূমিকা ল’লেনে? সংখ্যালঘু সমাজৰ সংস্কাৰৰ বাবে গুৰুত্ব দিলেনে, সংখ্যালঘু সমাজৰ মাজত পুৰণি ধ্যান-ধাৰণা বৰ্তাই ৰখাৰ বাবেহে চেষ্টা কৰিলে। এই সকলোবোৰ কথা চর্চা হ’ল সংখ্যালঘু জনসাধাৰণৰ মাজত। ইয়াৰ লগতে কংগ্রেছে এটা কথা সজোৰে প্ৰতিষ্ঠা কৰিলে যে বিজেপিক ক্ষমতাচ্যুত কৰিব পাৰিব কেৱল কংগ্রেছেহে। এ আই ইউ ডি এফে কেতিয়াও বিজেপি চৰকাৰ আঁতৰাব নোৱাৰে, আৰু এ আই ইউ ডি এফ কেতিয়াও চৰকাৰৰ অংশীদাৰ হ’ব নোৱাৰে। এ আই ইউ ডি এফক সমৰ্থন কৰি ভোট বিভাজন কৰাতকৈ কংগ্রেছক ভোট দিলেহে লাভ হ’ব, সেই কথা ভোটাৰৰ মনত সুমুৱাই দিলে। বিশেষকৈ গৌৰৱ গগৈয়ে প্রদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত ধর্মীয় সংখ্যালঘুৰ মাজত কংগ্ৰেছৰ হেৰুওৱা গণভিত্তি পুনৰ উভতি আহিল। সংখ্যালঘু সমাজত গৌৰৱ গগৈ জনপ্রিয়। সংখ্যালঘুৰ নতুন প্ৰজন্মৰ মাজত গৌৰৱ গগৈৰ গ্ৰহণযোগ্যতা সর্বাধিক। হিন্দুত্ববাদী ৰাজনীতিক প্রতিহত কৰিবলৈ কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ প্ৰয়োজন। ধৰ্মনিৰপেক্ষ কংগ্ৰেছেহে বিকল্প চৰকাৰ গঠন কৰিব পাৰিব, সেই বিশ্বাসৰ বাবেই ‘২৬ৰ বিধানসভা নিৰ্বাচনত ধৰাশায়ী হৈছিল এ আই ইউ ডি এফ।
যোৱা বিধানসভা নিৰ্বাচনত বিজেপিৰ চমকপ্রদ বিজয় আৰু কংগ্ৰেছৰ শোচনীয় পৰাজয়ে সংখ্যালঘুৰ ৰাজনীতিত আকৌ বিশেষ দিশৰ সূচনা কৰিলে। সংখ্যালঘু সমাজত ৰাজনৈতিক ধ্যান-ধাৰণাৰ পুনৰ বিবেচনা হ’ল। সংখ্যালঘু মানুহৰ মনত প্রশ্ন আহিল। কংগ্রেছে বিকল্প চৰকাৰ গঠন কৰিব নোৱাৰিলে সংখ্যালঘু সমাজ কাৰ লগত থাকিব? অন্তর্ভুক্তিবাদী ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল কংগ্ৰেছৰ লগত থাকিব নে সংখ্যালঘুৰ দল এ আই ইউ ডি এফৰ লগত থাকিব? কাৰণ কংগ্ৰেছৰ লগতো ধর্মীয় সংখ্যালঘু সমাজৰ অভিজ্ঞতা সুখকৰ নাছিল। সুদীর্ঘকাল কংগ্রেছক ভোট দি অহা সত্ত্বেও সংখ্যালঘু সমাজৰ উত্তৰণৰ বাবে বিশেষ একোৱেই নকৰিলে কংগ্ৰেছ চৰকাৰে। বৰঞ্চ কংগ্রেছে সমস্যাৰ সমাধান নকৰাৰ বাবে সংখ্যালঘুৰ সমস্যা দিনক দিনে অধিক জটিল হৈহে আহিল। এই প্রেক্ষাপটত অন্তর্ভুক্তিবাদী ৰাজনীতিৰ লগত থাকিব নে আত্মপৰিচয়ৰ ৰাজনীতিত থাকিব ধর্মীয় সংখ্যালঘু? মূলতঃ এই দিশটোৱেই চর্চা হৈছে সংখ্যালঘুৰ মাজত। নগাঁৱৰ উপ-নির্বাচনে দেখুৱালে এনে পৰিস্থিতিত কংগ্রেছতকৈ এ আই ইউ ডি এফক অধিক পছন্দ কৰিছে সংখ্যালঘুৱে। সংখ্যালঘুৱে বিচাৰিছে সংখ্যালঘুৰ ৰাজনীতি। যি ৰাজনীতিত তেওঁলোকৰ আত্মপৰিচয়, সুৰক্ষা, উন্নয়ন-বিকাশ আৰু উত্তৰণৰ সম্ভাৱনা থাকে। এ আই ইউ ডি এফে যিহেতু সংখ্যালঘুৰ কথাই কয়, সেইবাবে সংখ্যালঘুৰ এক ৰাজনৈতিক মঞ্চ হৈ থাকিব এ আই ইউ ডি এফ। এ আই ইউ ডি এফৰ আগ্রাসী সংখ্যালঘু ৰাজনীতিত আশ্বস্ত হয় বৃহৎসংখ্যক সংখ্যালঘু। অসমৰ সংখ্যালঘুৱে সম্মুখীন হৈ অহা প্রধান সমস্যাসমূহ হৈছে নাগৰিকত্বৰ সমস্যা, ডি ভোটাৰ, উচ্ছেদ আৰু নির্যাতন। এই বিষয়সমূহক লৈ এ আই ইউ ডি এফ সদায় সৰৱ হৈ থাকে। এ আই ইউ ডি এফে সংখ্যালঘুক সকলো দিশৰ পৰা সুৰক্ষা দিব বিচাৰে। কংগ্ৰেছে এইকেইটা বিষয়ত দ্বৰ্থ্যবোধক স্থিতি লৈ আহিছে পূৰ্বৰে পৰা। গৌৰৱ গগৈৰ নেতৃত্বত সংখ্যালঘুৰ এই প্ৰধান সমস্যাকেইটাৰ ক্ষেত্ৰত একপ্ৰকাৰ নীৰৱতা অৱলম্বন কৰে কংগ্রেছে। এনে প্রেক্ষাপটত এ আই ইউ ডি এফৰ বাবে পুনৰ এক সাৰুৱা ক্ষেত্ৰ গঢ় লৈ উঠিছে। কেৱল এ আই ইউ ডি এফহে সংখ্যালঘুৰ দল, সেই কথা প্রতিপন্ন কৰাৰ পুনৰ চেষ্টা কৰিছে দলটোৱে।
সংখ্যালঘু ৰাজনীতিত কংগ্ৰেছৰ সংখ্যালঘু নেতৃত্বৰ গ্ৰহণযোগ্যতাক লৈও প্রশ্ন আহে। কংগ্রেছে সর্বজন গ্রহণযোগ্য সংখ্যালঘু নেতা গঢ়িব নোৱাৰিলে। তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰা যিসকল সংখ্যালঘু নেতাই কংগ্ৰেছৰ সংখ্যালঘু ৰাজনীতি নিয়ন্ত্ৰণ কৰিছে, তেওঁলোকেও গ্রহণযোগ্যতা হেৰুৱাইছে। সংখ্যালঘু সমাজৰ বাবে একো কৰিব নোৱৰা বুলি প্রমাণ হৈছে। হয়, একেদৰে এ আই ইউ ডি এফৰ নেতাসকলেও সংখ্যালঘুৰ বাবে বিশেষ একো কৰিব পৰা নাই। কিন্তু তেওঁলোক সংখ্যালঘুৰ কণ্ঠ হৈ থকাৰ চেষ্টা কৰে। যি কণ্ঠই সংখ্যালঘু ৰাইজক আশ্বস্ত কৰে। তেওঁলোকৰ মাজত আশাৰ ৰেঙনি আনে। মৌলানা বদৰুদ্দিন আজমলৰ তুলনাত কংগ্ৰেছৰ তেনে এজন সংখ্যালঘু নেতা নাই। এ আই ইউ ডি এফক সমর্থন কৰক বা নকৰক, বদৰুদ্দিন আজমলক সমর্থন কৰক বা নকৰক, এই কথা স্বীকাৰ কৰিবই লাগিব যে বৰ্তমান অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল এজন শক্তিশালী সংখ্যালঘু নেতা। কেৱল ৰাজ্যৰ ৰাজনীতিতেই নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিতো আজমল এজন গুৰুত্বপূৰ্ণ সংখ্যালঘু নেতা। অসমৰ সংখ্যালঘুৰ ইছ্যু বদৰুদ্দিন আজমলেহে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰে, আন কোনেও নকৰে।
সংখ্যালঘু অঞ্চলত দল শক্তিশালী কৰাৰ ক্ষেত্ৰত এ আই ইউ ডি এফৰ নেতাসকলে দক্ষতাৰ পৰিচয় দিব পাৰিছিল। প্ৰায়সকল নেতাই সাংগঠনিক দক্ষতা দেখুৱাব পাৰিছিল। যোৱা ৫টা বছৰত দুৰ্বল হৈ পৰা সাংগঠনিক ভেটি পুনৰ ঘূৰাই অনাৰ বাবে চেষ্টা কৰিব দলটোৱে। দলটোৰ নেতাসকলৰ সংখ্যালঘু সমাজৰ লগত থকা নিকট সম্পর্কই দলৰ ভেটি আকৌ গঢ়ি তোলাত সহজ কৰিব। পূৰ্বৰ ভুল-ভ্রান্তি দূৰ কৰি আগবাঢ়িব পাৰিলে সংখ্যালঘু সমাজত এ আই ইউ ডি এফৰ গণভিত্তি পুনৰ শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। ৰাজনীতিত জোৱাৰ-ভাটা অহাটো স্বাভাৱিক। উত্থান-পতনৰ মাজেৰেহে ৰাজনীতি। বিপর্যয়ে দলৰ ভৱিষ্যৎ শক্তিশালী কৰাত সহায়ো কৰে। এ আই ইউ ডি এফৰ ক্ষেত্ৰত বর্তমান সেইটোৱেই হৈছে। অসমৰ ৰাজনীতিত এ আই ইউ ডি এফ পুনৰ ঠন ধৰি উঠাৰ সম্ভাৱনা আছে। আছে এ আই ইউ ডি এফৰ ভৱিষ্যৎ। তাক কেনেদৰে আগবঢ়াই নিব পাৰে, সেই কথা নিৰ্ভৰ কৰিব এ আই ইউ ডি এফ নেতৃত্বৰ বিচক্ষণতাৰ ওপৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















