• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

48 seconds ago
পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

18 minutes ago
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

2 hours ago
সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

2 hours ago
কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

2 hours ago
চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

3 hours ago
পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

4 hours ago
৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

5 hours ago
মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

5 hours ago
ৰাজপথত গৰু-ম’হৰ মুকলি বিচৰণ, জে’ল হ’ব মালিকৰ!

ৰাজপথত গৰু-ম’হৰ মুকলি বিচৰণ, জে’ল হ’ব মালিকৰ!

5 hours ago
Ananya Panday: হৃদয় ভাঙিল অনন্যাৰ! ৱাকাৰক এৰি কাৰ সংগী হ’বলৈ মেলিছে মন?

Ananya Panday: হৃদয় ভাঙিল অনন্যাৰ! ৱাকাৰক এৰি কাৰ সংগী হ’বলৈ মেলিছে মন?

6 hours ago
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, কেতিয়াৰ পৰা হ’ব আৰম্ভ?

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, কেতিয়াৰ পৰা হ’ব আৰম্ভ?

7 hours ago
ঘৰৰ মূল দুৱাৰৰ সন্মুখত কি কি ৰাখিব লাগে? ভুল কৰিলে বিঘ্নিত হ’ব সুখ-শান্তি!

ঘৰৰ মূল দুৱাৰৰ সন্মুখত কি কি ৰাখিব লাগে? ভুল কৰিলে বিঘ্নিত হ’ব সুখ-শান্তি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

দেশৰ সৰু-বৰ উদ্যোগপতিক প্ৰশ্ন প্ৰধানমন্ত্ৰী মোদীৰ

editor by editor
November 19, 2026
in বাণিজ্য, ভাৰত, ৰাজনীতি
0
‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লগতে ভাৰতক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত উদ্যোগপতিসকলক অধিক দায়িত্বশীল ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উদ্যোগ সংস্থা FICCI (Federation of Indian Chambers of Commerce and Industry)ৰ বাৰ্ষিক সাধাৰণ সভা আৰু সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্যোগ জগতৰ প্ৰতিনিধিসকলক দেশৰ উন্নয়নৰ স্বাৰ্থত মুকলিকৈ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়।

ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বিগত ১২-১৩ বছৰত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু সফলতাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষই বৰ্তমান দ্ৰুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে। দেশৰ অৰ্থনৈতিক বিকাশৰ ফলত বহু লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনৰ কথা উল্লেখ কৰি মোদীয়ে দাবী কৰে যে বিগত ১২-১৩ বছৰত দেশৰ প্ৰায় ৫০ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে।

ইয়াৰ লগতে উদ্যোগ খণ্ডক প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে উদ্যোগসমূহক সকাহ দিয়াৰ উদ্দেশ্যে কৰ্পৰেট কৰৰ হাৰ হ্ৰাস কৰিছে। ২০১৪ চনত কৰ্পৰেট কৰৰ মূল হাৰ ৩০ শতাংশৰ পৰা ২২ শতাংশলৈ হ্ৰাস কৰা হৈছিল। আনহাতে, ব্যক্তিগত আয়কৰৰ ক্ষেত্ৰতো বছৰি ১২ লাখ টকালৈকে আয়ৰ ওপৰত কৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে।

কিন্তু চৰকাৰে কৰ ৰেহাই দিয়াৰ পিছত উদ্যোগসমূহে নিজৰ কৰ্মচাৰীসকলৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই প্ৰশ্নও উত্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ উদ্যোগপতিসকলক প্ৰশ্ন কৰে, চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, কিন্তু আপোনালোকে কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰিলেনে? কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিলেনে?

মোদীৰ মতে, এখন দেশৰ প্ৰকৃত উন্নয়ন কেৱল চৰকাৰৰ প্ৰচেষ্টাৰে সম্ভৱ নহয়। ইয়াৰ বাবে কৃষক, ক্ষুদ্ৰ উদ্যোগী, বৃহৎ উদ্যোগ, সম্পদ সৃষ্টিকাৰী আৰু কৰদাতা—সকলোৰে অৱদান অতি গুৰুত্বপূৰ্ণ। দেশৰ উন্নয়নৰ ক্ষেত্ৰত এই প্ৰতিটো শ্ৰেণীৰ লোকক সন্মান আৰু উপযুক্ত সুযোগ প্ৰদান কৰাটো প্ৰয়োজনীয় বুলিও তেওঁ মন্তব্য কৰে।

ভাষণত পূৰ্বৰ চৰকাৰসমূহৰ কাৰ্যকালত উদ্যোগ জগতৰ সৈতে হোৱা সম্পৰ্কৰ বিষয়েও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ দিনত উদ্যোগসমূহে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু বৰ্তমানৰ চৰকাৰে উদ্যোগৰ সৈতে সহযোগিতামূলক সম্পৰ্ক বজাই ৰাখিবলৈ আগ্ৰহী।

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগপতিসকলক উদ্দেশ্যি কয়, “এইখন পুৰণি চৰকাৰ নহয়। এইখন বন্ধুত্বৰ চৰকাৰ। এই চৰকাৰে বন্ধুত্ব বজাই ৰাখিব জানে আৰু আপোনালোক মোৰ প্ৰকৃত বন্ধু। গতিকে কোনো সংকোচ নকৰাকৈ দেশৰ উন্নয়নৰ বাবে কি কি পৰিৱৰ্তন আৰু সংস্কাৰৰ প্ৰয়োজন, সেই বিষয়ে মোক মুকলিকৈ লিখি জনাওক।”

ইয়াৰ উপৰি আগন্তুক ২০ বছৰৰ বাবে প্ৰতিটো দীৰ্ঘম্যাদী বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ‘ইণ্ডিয়া ফাৰ্ষ্ট’ নীতি অনুসৰণ কৰিবলৈ উদ্যোগসমূহক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি বিনিয়োগ কৰিলে ভাৰতক স্বাৱলম্বী কৰি তোলাৰ লগতে উদ্যোগিক বিকাশৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

লগতে কৃষি আৰু ইয়াৰ সৈতে জড়িত আনুষংগিক খণ্ডসমূহত অধিক বিনিয়োগ কৰিবলৈও উদ্যোগপতিসকলক আহ্বান জনায় মোদীয়ে। তেওঁৰ মতে, কৃষি, উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ মাজত সু-সমন্বয় গঢ়ি উঠিলে দেশৰ অৰ্থনীতি অধিক শক্তিশালী হ’ব। সামগ্ৰিকভাৱে প্ৰধানমন্ত্ৰী মোদীৰ এই ভাষণত চৰকাৰৰ কৰ ৰেহাই আৰু উদ্যোগৰ প্ৰতি গ্ৰহণ কৰা সহযোগিতামূলক নীতিৰ কথা উল্লেখ কৰাৰ লগতে কৰ্মচাৰীৰ কল্যাণ, দৰমহা বৃদ্ধি, নিয়োগ সৃষ্টি আৰু দেশীয় বিনিয়োগৰ ক্ষেত্ৰত উদ্যোগসমূহৰ দায়িত্বৰ বিষয়টো বিশেষভাৱে উত্থাপন কৰা হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?
ৰাজনীতি

পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

November 19, 2026
কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ
নিয়োগ

কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

November 19, 2026
চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও
ভাৰত

চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

November 19, 2026
পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ
ৰাজনীতি

পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

November 19, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.