ৰাজ্যত পথ দুৰ্ঘটনা ৰোধ আৰু দ্ৰুতবেগী বাহনৰ চলাচল নিয়ন্ত্ৰণৰ লক্ষ্যৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে পৰিবহণ বিভাগে। এই উদ্দেশ্যে ১৮ নৱেম্বৰত বিভাগটোৱে নতুন SOP জাৰি কৰিছে। নতুন নিৰ্দেশনা অনুসৰি, নিৰ্ধাৰিত শ্ৰেণীৰ পৰিবহণ বাহনত স্পীড গভৰ্ণৰ সংস্থাপন কৰাটো বাধ্যতামূলক কৰা হৈছে। অৰ্থাৎ, স্পীড গভৰ্ণৰ অবিহনে এতিয়াৰে পৰা যোগ্য পৰিবহণ বাহনৰ চলাচল আৰু ফিটনেছ প্ৰমাণপত্ৰ নবীকৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে।
পৰিবহণ বিভাগে ৰাজ্যৰ সকলো যোগ্য পৰিবহণ বাহনত ১০০ শতাংশ স্পীড গভৰ্ণৰ সংস্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই নিৰ্দেশনা নতুন আৰু পুৰণি উভয় ধৰণৰ পৰিবহণ বাহনৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব। অৱশ্যে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ লগতে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহন আৰু আৰক্ষীৰ বাহনক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে।
নতুন বাহনৰ ক্ষেত্ৰত কি নিয়ম?
নতুনকৈ পঞ্জীয়ন কৰিবলৈ অহা যোগ্য পৰিবহণ বাহনত স্পীড গভৰ্ণৰ সংস্থাপন কৰা হৈছে নে নাই, সেয়া পৰীক্ষা কৰা হ’ব। স্পীড গভৰ্ণৰৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতহে বাহনখনৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া আগবঢ়োৱা হ’ব। লগতে বাহনখনৰ স্পীড গভৰ্ণৰ সম্পৰ্কীয় সকলো তথ্য VAHAN প’ৰ্টেলত উপলব্ধ থকাটো বাধ্যতামূলক কৰা হৈছে। আনহাতে, ইতিমধ্যে চলাচল কৰি থকা পুৰণি পৰিবহণ বাহনসমূহৰ গৰাকীয়েও অনুমোদিত কেন্দ্ৰৰ পৰা স্পীড গভৰ্ণৰ সংস্থাপন কৰিব লাগিব। ইয়াৰ বাবে পৰিবহণ বিভাগে বিভিন্ন জিলাত বিশেষ সংস্থাপন শিবিৰৰো ব্যৱস্থা কৰিব।
স্পীড গভৰ্ণৰ নাথাকিলে নবীকৰণ নহ’ব ফিটনেছ চাৰ্টিফিকেট
নতুন SOPৰ অন্যতম গুৰুত্বপূৰ্ণ দিশটো হৈছে বাহনৰ ফিটনেছ চাৰ্টিফিকেট নবীকৰণ। নিৰ্দেশনা অনুসৰি, স্পীড গভৰ্ণৰ সংস্থাপন নকৰা যোগ্য পৰিবহণ বাহনৰ ফিটনেছ চাৰ্টিফিকেট নবীকৰণত বাধা আহিব পাৰে। ফিটনেছ নবীকৰণৰ পূৰ্বে বাহনখনৰ বিশেষ পৰীক্ষা কৰা হ’ব। কেৱল স্পীড গভৰ্ণৰ সংস্থাপন কৰিলেই দায়িত্ব শেষ নহ’ব। যদিহে স্পীড গভৰ্ণৰ বিকল হৈ থাকে অথবা কোনোবাই ইয়াৰ কাৰ্যক্ষমতাত হস্তক্ষেপ কৰে, তেন্তে বাহনৰ গৰাকীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এনে ক্ষেত্ৰত বাহনৰ ফিটনেছ চাৰ্টিফিকেট নিলম্বন কৰাৰ লগতে বাহন জব্দ কৰাৰ ব্যৱস্থাও থাকিব।
নিয়ম উলংঘা কৰিলে জব্দ হ’ব পাৰে বাহন
নিৰ্ধাৰিত গতিসীমা অতিক্ৰম কৰি বাহন চলোৱা, স্পীড গভৰ্ণৰ নথকা বা বিকল অৱস্থাত বাহন চলোৱা আৰু স্পীড গভৰ্ণৰত কোনো ধৰণৰ হেতালি খেলাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজন অনুসৰি বাহনৰ পাৰ্মিট আৰু ফিটনেছ চাৰ্টিফিকেট নিলম্বন কৰিব পাৰিব পৰিবহণ বিভাগে। ইয়াৰ উপৰি, স্পীড গভৰ্ণৰ সংস্থাপন নকৰা বাহন জব্দ কৰাৰো নিৰ্দেশনা জাৰি কৰা হৈছে। সেয়েহে নতুন নিয়মক আওকাণ কৰি বাহন চলালে বিপদত পৰিব পাৰে বাহনৰ গৰাকী।
ৰাজ্যজুৰি চলিব বিশেষ তালাচী অভিযান
নতুন SOP কাৰ্যকৰী কৰাৰ বাবে ৰাজ্যজুৰি বিশেষ তালাচী অভিযান চলোৱাৰ নিৰ্দেশ দিছে পৰিবহণ বিভাগে। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ NH-27, NH-17 আৰু NH-15ত স্পীড গভৰ্ণৰ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই অভিযানত স্পীড ৰাডাৰৰ সহায়ত বাহনৰ গতিবেগ পৰীক্ষা কৰা হ’ব। পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীয়ে যৌথভাৱে এই অভিযান চলাব। যিসমূহ বাহনৰ VAHAN প’ৰ্টেলত স্পীড গভৰ্ণৰ সম্পৰ্কীয় তথ্য অসম্পূৰ্ণ হৈ থাকিব, সেই বাহনৰ গৰাকীক সংশ্লিষ্ট জিলা পৰিবহণ বিষয়া (DTO)ৰ কাৰ্যালয়ৰ পৰা জাননী প্ৰেৰণ কৰা হ’ব।
বাহনৰ গৰাকীৰ সুবিধাৰ বাবেও বিশেষ ব্যৱস্থা
স্পীড গভৰ্ণৰ সংস্থাপনৰ ক্ষেত্ৰত বাহনৰ গৰাকীয়ে যাতে সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে পৰিবহণ বিভাগে বিশেষ শিবিৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। জিলা পৰিবহণ বিষয়া (DTO)ৰ কাৰ্যালয়ৰ লগতে বিভিন্ন বাছ আস্থান আৰু ট্ৰাক ষ্টেণ্ডতো স্পীড গভৰ্ণৰ সংস্থাপনৰ বিশেষ শিবিৰ আয়োজন কৰা হ’ব। আনহাতে, কোনো বাহনে এখন জিলাত নিয়ম ভংগ কৰি আন এখন জিলাত চলাচল কৰিলেও ৰেহাই নাপাব। এনে ঘটনা সংঘটিত হ’লে আৰক্ষীয়ে সংশ্লিষ্ট জিলাৰ DTOক অৱগত কৰিব লাগিব।
মুঠতে, ৰাজ্যত পথ সুৰক্ষা নিশ্চিত কৰা আৰু দ্ৰুতবেগী বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে পৰিবহণ বিভাগে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নতুন SOP অনুসৰি, যোগ্য পৰিবহণ বাহনৰ গৰাকীয়ে স্পীড গভৰ্ণৰ সংস্থাপন, ইয়াৰ কাৰ্যক্ষমতা আৰু VAHAN প’ৰ্টেলত তথ্য সঠিকভাৱে আপডেট থকাটো নিশ্চিত কৰিব লাগিব। অন্যথা ফিটনেছ নবীকৰণৰ পৰা আৰম্ভ কৰি বাহন জব্দ আৰু পাৰ্মিট নিলম্বনলৈকে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















