ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ-বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত বাইক আৰোহী
ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আঠানিৰ মণিপুৰত নিশা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ আৰু এখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষই সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ। এই শিহৰণকাৰী দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন।
জানিব পৰা মতে, দুৰ্ঘটনাত আহত বাইক আৰোহীজন মাক্ৰিঝোৰাৰ এক্ৰামূল হক। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ইক্ৰামূল হক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সংকটজনক অৱস্থাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)লৈ প্ৰেৰণ কৰা হৈছে।
আনহাতে, দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছখনৰ নম্বৰ AS-15-AC-5972 বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আঠানি আৰক্ষীৰ এটা দল। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাছ আৰু বাইকখন জব্দ কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বৰ্তমানলৈকে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে দুৰ্ঘটনাৰ সবিশেষ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা এক্ৰামূল হকৰ স্বাস্থ্যৰ অৱস্থাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















