বাংলাদেশত পুনৰ ৰাজনৈতিক অস্থিৰতাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দেশখনৰ বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণ, অগ্নিসংযোগ, ৰাজনৈতিক সংঘৰ্ষ আৰু আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ ফলত আইন-শৃংখলা পৰিস্থিতি ক্ৰমাৎ অৱনতি ঘটিছে। ৰাজধানী ঢাকাৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলালৈকে হিংসাত্মক ঘটনাৰ খবৰ পোৱা গৈছে। আনকি বাহন জ্বলাই দিয়া, ৰাজনীতিবিদৰ বাসগৃহত আক্ৰমণ আৰু প্ৰাক্তন অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ পৰিয়ালৰ ঘৰতো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
দেশৰ বিভিন্ন স্থানত নিৰাপত্তাৰক্ষী মোতায়েন বৃদ্ধি কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীয়ে তৎপৰতা বৃদ্ধি কৰিছে। এনে পৰিস্থিতিত বাংলাদেশ পুনৰ গৃহযুদ্ধসদৃশ পৰিস্থিতিৰ দিশে আগবাঢ়িছে নেকি, তাক লৈ উদ্বেগ বৃদ্ধি পাইছে।
শ্বেখ হাছিনাৰ দলৰ দেশজোৰা লকডাউন!
২০২৪ চনৰ আগষ্ট মাহত ক্ষমতাচ্যুত হোৱাৰ পিছৰে পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় লৈ আছে। তেওঁৰ দল আৱামী লীগৰ ৰাজনৈতিক কাৰ্যকলাপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত দলটোৱে দেশজুৰি প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ১৯ নৱেম্বৰত দেশজোৰা লকডাউনৰ আহ্বান জনাইছে আৱামী লীগে। দলটোৰ দাবী, এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে ৰাজনৈতিক অধিকাৰ আৰু শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ দাবী উত্থাপন কৰিছে। আনহাতে, চৰকাৰে এই কাৰ্যসূচীক দেশত অস্থিৰতা সৃষ্টি কৰাৰ চেষ্টা বুলি অভিহিত কৰিছে। ৰয়টাৰৰ তথ্য অনুসৰি, বিগত ১০ দিনত বাংলাদেশৰ কমেও ২৮খন জিলাত বোমা বিস্ফোৰণ আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাসমূহে দেশখনৰ ৰাজনৈতিক পৰিস্থিতি অধিক জটিল কৰি তুলিছে।
শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ দাবীক লৈ উত্তেজনা বৃদ্ধি
বাংলাদেশৰ বৰ্তমানৰ অস্থিৰতাৰ মূল কাৰণ ২০২৪ চনৰ জুলাই-আগষ্টত সংঘটিত ছাত্ৰ আন্দোলন। সেই আন্দোলনৰ ফলত শ্বেখ হাছিনাৰ প্ৰায় ১৫ বছৰীয়া শাসনৰ অন্ত পৰিছিল। হাছিনাই দেশ এৰি যোৱাৰ পিছত নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছিল। পৰৱৰ্তী সময়ত অন্তৱৰ্তীকালীন চৰকাৰে আৱামী লীগৰ ৰাজনৈতিক কাৰ্যকলাপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে আৰু দলটোৰ নিৰ্বাচনী অংশগ্ৰহণৰ পথ বন্ধ হৈ পৰে। ফলত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনত আৱামী লীগে অংশগ্ৰহণ কৰিব নোৱাৰিলে। এই নিৰ্বাচনৰ পিছত বিএনপিৰ তাৰিক ৰহমানৰ নেতৃত্বত চৰকাৰ গঠন হয়। কিন্তু ক্ষমতাৰ পৰিৱৰ্তন হোৱাৰ পিছতো দেশখনত ৰাজনৈতিক সংঘাতৰ অন্ত পৰা নাই।
ভাৰতত থকা শ্বেখ হাছিনাই ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি অহাৰ ইচ্ছা প্ৰকাশ কৰা বুলি খবৰ প্ৰকাশ পাইছে। তেওঁৰ এই ঘোষণাক লৈ আৱামী লীগৰ সমৰ্থকসকলৰ মাজত নতুন উদ্দীপনা সৃষ্টি হৈছে। আনহাতে, হাছিনাক বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰাৰ দাবী উত্থাপন কৰি আহিছে নতুন চৰকাৰে। এনে পৰিস্থিতিত তেওঁৰ প্ৰত্যাৱৰ্তনৰ দাবীয়ে দেশৰ ৰাজনৈতিক উত্তেজনা অধিক বৃদ্ধি কৰিছে।
মহম্মদ ইউনুছৰ পৰিয়ালৰ গৃহত অগ্নিসংযোগ
১৮ নৱেম্বৰৰ নিশা চট্টগ্ৰামত মহম্মদ ইউনুছৰ পূৰ্বপুৰুষৰ ঘৰটোত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। প্ৰথম অৱস্থাত এই ঘটনাক পেট্ৰ’ল বোমাৰে আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছিল। আৰক্ষীৰ তথ্য অনুসৰি, ঘৰৰ তলৰ মহলাৰ এটা খালী কোঠাৰ পৰা জুইৰ সূত্ৰপাত হৈছিল। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰা হয়। এই ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়। ইয়াৰ লগতে চট্টগ্ৰামৰ কেইবাটাও বেংকৰ শাখাতো আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। মহম্মদ ইউনুছ আছিল শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী। আৱামী লীগৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁ ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। সেয়েহে তেওঁৰ পৰিয়ালৰ সৈতে জড়িত বাসগৃহত হোৱা আক্ৰমণক ৰাজনৈতিক প্ৰতিশোধৰ ঘটনা হিচাপে চোৱা হৈছে।
ৰাজনৈতিক হিংসাত প্ৰাণ গ’ল কেইবাজনো লোকৰ
বাংলাদেশত চলি থকা হিংসা কেৱল এটা ৰাজনৈতিক দলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। বিভিন্ন স্থানত পৃথক পৃথক সংঘৰ্ষ আৰু আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। নাৰাইলত বিএনপিৰ দুজন নেতা, ফৰিদপুৰত কৃষক দলৰ এজন নেতা আৰু পিৰোজপুৰত এজন বাছ কৰ্মচাৰীৰ মৃত্যুৰ খবৰ প্ৰকাশ পাইছে। ঢাকা ট্ৰিবিউনৰ তথ্য অনুসৰি, বিগত দুদিনত ৰাজনৈতিক হিংসা আৰু অগ্নিসংযোগৰ পৃথক ঘটনাত কমেও চাৰিজন লোকৰ মৃত্যু হৈছে। এই ঘটনাসমূহে দেশখনৰ ৰাজনৈতিক পৰিস্থিতি অধিক উদ্বেগজনক কৰি তুলিছে। বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত সংঘাত, আক্ৰমণ আৰু প্ৰতিশোধমূলক ঘটনাৰ ফলত সাধাৰণ জনতাও আতংকিত হৈ পৰিছে।
নিৰাপত্তা ব্যৱস্থা কটকটীয়া, গ্ৰেপ্তাৰ অভিযান অব্যাহত
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাংলাদেশ চৰকাৰে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিছে। ঢাকাৰ বিভিন্ন স্থানত আৰক্ষীৰ চেকপইণ্ট বৃদ্ধি কৰা হৈছে। স্পৰ্শকাতৰ অঞ্চলসমূহত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। ৰয়টাৰৰ বাতৰি অনুসৰি, ঢাকাত ২৪ ঘণ্টাৰ ভিতৰত নিষিদ্ধ সংগঠনৰ সৈতে জড়িত ৭১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, ১০ নৱেম্বৰৰ পৰা গ্ৰামীণ বেংকৰ কমেও ৩৭টা শাখা আক্ৰমণৰ লক্ষ্য হোৱা বুলি জানিব পৰা গৈছে। বোমা বিস্ফোৰণ, অগ্নিসংযোগ আৰু বিভিন্ন প্ৰতিষ্ঠানত আক্ৰমণৰ ঘটনাই চৰকাৰৰ বাবে আইন-শৃংখলা বজাই ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।
কিয় গৃহযুদ্ধৰ দিশে আগবাঢ়িছে বাংলাদেশ?
বাংলাদেশৰ ৰাজনৈতিক সংকটৰ মূলতে আছে আৱামী লীগ আৰু বিএনপিৰ মাজত দীৰ্ঘদিনীয়া ক্ষমতাৰ সংঘাত। এই সংঘাত এতিয়া কেৱল চৰকাৰ গঠন বা নিৰ্বাচনত জয়লাভৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। ইয়াৰ সৈতে জড়িত হৈ পৰিছে ৰাজনৈতিক প্ৰতিশোধ, দলীয় সংঘাত, প্ৰতিষ্ঠানসমূহৰ ওপৰত নিয়ন্ত্ৰণ আৰু পুৰণি ক্ষমতাৰ যুঁজ।
শ্বেখ হাছিনাৰ শাসনকালত বিৰোধী দলসমূহে ৰাজনৈতিক দমন আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। ২০২৪ চনৰ আন্দোলনৰ পিছত আৱামী লীগৰ নেতা-কৰ্মীসকলৰ বিৰুদ্ধেও বিভিন্ন অভিযান চলোৱা হয়। দলটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত আৱামী লীগেও ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। বিএনপি ক্ষমতালৈ অহাৰ পিছতো ৰাজনৈতিক হিংসাৰ ঘটনা সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। বিভিন্ন দলৰ মাজত সংঘাত আৰু প্ৰতিশোধৰ ৰাজনীতিয়ে দেশখনৰ পৰিস্থিতি অধিক জটিল কৰি তুলিছে।
২০২৪ চনৰ আন্দোলনৰ পিছত বাংলাদেশৰ জনসাধাৰণে গণতান্ত্ৰিক পৰিৱৰ্তন, শান্তি আৰু স্থিৰতাৰ আশা কৰিছিল। কিন্তু বৰ্তমানৰ হিংসাত্মক ঘটনাসমূহে সেই আশাত পুনৰ অনিশ্চয়তা সৃষ্টি কৰিছে। দেশখনৰ বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণ, অগ্নিসংযোগ আৰু ৰাজনৈতিক সংঘৰ্ষ অব্যাহত থাকিলে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা আছে। বাংলাদেশৰ ৰাজনৈতিক সংকট এতিয়া এক বিপজ্জনক সন্ধিক্ষণত উপনীত হৈছে। ৰাজনৈতিক দলসমূহৰ মাজত আলোচনা আৰু শান্তিপূৰ্ণ সমাধানৰ পথ মুকলি নহ’লে দেশখনত অস্থিৰতা আৰু হিংসা অধিক বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে বিভিন্ন মহলে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















