ৰাজ্যত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। পুৱাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লখিমপুৰ জিলাৰ বগীনদীৰ বালি চাপৰিত প্ৰশাসনে চলালে বৃহৎ উচ্ছেদ অভিযান। PGR ভূমিৰ পৰা উচ্ছেদিত হোৱাৰ পাছত বালি চাপৰিত অস্থায়ীভাৱে আশ্ৰয় লৈ থকা পৰিয়ালসমূহৰ বিৰুদ্ধে এইবাৰ চলিল প্ৰশাসনৰ বুলড’জাৰ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে বগীনদীৰ PGR ভূমিৰ পৰা প্ৰশাসনে উচ্ছেদ কৰিছিল ১৩২টা পৰিয়ালক। উচ্ছেদৰ পাছত উপায়ন্তৰ হৈ পৰিয়ালকেইটাই বগীনদীৰ বালি চাপৰিত অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰিছিল। কিন্তু এইবাৰ সেই বালি চাপৰিৰ পৰাও প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাত পুনৰ গৃহহীন হৈ পৰিল পৰিয়ালকেইটা।
পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰি প্ৰশাসনে বালি চাপৰিত উচ্ছেদ অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত বুলড’জাৰ ব্যৱহাৰ কৰি অস্থায়ীভাৱে নিৰ্মাণ কৰা ঘৰসমূহ ভাঙি পেলোৱা হয়। ফলত পূৰ্বে PGR ভূমিৰ পৰা উচ্ছেদিত হৈ বালি চাপৰিত আশ্ৰয় লোৱা লোকসকল পুনৰ আশ্ৰয়হীন হৈ পৰে।
এতিয়া প্ৰশাসনৰ দ্বিতীয়টো উচ্ছেদ অভিযানৰ পাছত পৰিয়ালকেইটাই মুকলি আকাশৰ তলত দিন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পূৰ্বৰ উচ্ছেদৰ পাছত অস্থায়ীভাৱে মূৰ গুজিবলৈ ঠাই বিচাৰি বালি চাপৰিত আশ্ৰয় লোৱা লোকসকলৰ বাবে এই অভিযান হৈ পৰিছে আন এক গভীৰ সংকট।
এফালে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ প্ৰশাসনৰ অভিযান, আনফালে উচ্ছেদৰ পাছত আশ্ৰয়হীন হৈ পৰা পৰিয়ালসমূহৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে প্ৰশ্ন। পুনৰ উচ্ছেদৰ সন্মুখীন হোৱা এই পৰিয়ালসমূহে এতিয়া ক’ত আশ্ৰয় ল’ব, সেয়াই হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















