• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

2 minutes ago
টকলা মূৰত পুনৰ গজিব চুলি! ঔষধৰ সলনি নতুন যন্ত্ৰ উদ্ভাৱন বিজ্ঞানীৰ

টকলা মূৰত পুনৰ গজিব চুলি! ঔষধৰ সলনি নতুন যন্ত্ৰ উদ্ভাৱন বিজ্ঞানীৰ

20 minutes ago
‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

1 hour ago
পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

1 hour ago
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

3 hours ago
সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

3 hours ago
কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

4 hours ago
চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

4 hours ago
পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

5 hours ago
৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

6 hours ago
মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

6 hours ago
ৰাজপথত গৰু-ম’হৰ মুকলি বিচৰণ, জে’ল হ’ব মালিকৰ!

ৰাজপথত গৰু-ম’হৰ মুকলি বিচৰণ, জে’ল হ’ব মালিকৰ!

6 hours ago
Ananya Panday: হৃদয় ভাঙিল অনন্যাৰ! ৱাকাৰক এৰি কাৰ সংগী হ’বলৈ মেলিছে মন?

Ananya Panday: হৃদয় ভাঙিল অনন্যাৰ! ৱাকাৰক এৰি কাৰ সংগী হ’বলৈ মেলিছে মন?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

আন এক ভয়ংকৰ পথ দুৰ্ঘটনা

editor by editor
November 19, 2026
in বিবিধ, বিশ্ব, লেখা
0
বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন যাত্ৰীবাহী বাছ আৰু LPG টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৭ জন আহত হৈছে। সংঘৰ্ষৰ পিছতে দুয়োখন বাহন অগ্নিদগ্ধ হোৱাৰ ফলত বহু যাত্ৰী বাহনৰ ভিতৰত আবদ্ধ হৈ পৰে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত। দেশখনৰ সংবাদ প্ৰতিষ্ঠান ডনৰ প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ১০:৩০ বজাত বেলুচিস্তানৰ গ্ৱাদাৰ জিলাৰ অৰমাৰা অঞ্চলৰ বাছলৰ ওচৰত মাক্ৰাণ উপকূলীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।

তুৰবাটৰ পৰা কৰাচী অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা LPG টেংকাৰৰ মুখামুখি সংঘৰ্ষ হয়। গেছ টেংকাৰখন কৰাচীৰ পৰা গ্ৱাদাৰৰ সমীপৰ ইৰাণ-গাবাদ সীমান্তৰ দিশে গৈ আছিল। সংঘৰ্ষৰ তীব্ৰতা ইমানেই ভয়ংকৰ আছিল যে দুয়োখন বাহনত লগে লগে জুই লাগে।

জুইত আবদ্ধ হৈ পৰে বহু যাত্ৰী

দুৰ্ঘটনাৰ সময়ত বাছখনত মহিলা আৰু শিশুসহ ৪০ জনতকৈ অধিক যাত্ৰী আছিল। সংঘৰ্ষৰ পিছতে জুই বিয়পি পৰাত বহু যাত্ৰী বাছখনৰ ভিতৰত আবদ্ধ হৈ পৰে। অৰমাৰাৰ ডিএছপি নবী বখ্ছ ৰুঞ্জাই জানিবলৈ দিয়া মতে, ভয়ংকৰ জুইত অগ্নিদগ্ধ হৈ মহিলা আৰু শিশুসহ ১০ জন লোকৰ মৃত্যু হয়। উদ্ধাৰকাৰী দলে বাছখনৰ পৰা ৮টা মৃ*তদেহ আৰু গেছ টেংকাৰখনৰ পৰা দুটা মৃ*তদেহ উদ্ধাৰ কৰে। আনহাতে, দুৰ্ঘটনাত আহত ২৭ জন লোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে পাকিস্তান সেনা, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়। যৌথভাৱে উদ্ধাৰ আৰু অগ্নিনিৰ্বাপক অভিযান আৰম্ভ কৰা হয়। ভয়ংকৰ জুই নিৰ্বাপণ কৰাৰ লগতে বাহনৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ চেষ্টা চলোৱা হয়। দুৰ্ঘটনাৰ ফলত মাক্ৰাণ উপকূলীয় ঘাইপথত যান-বাহনৰ চলাচল বহু ঘণ্টা ধৰি ব্যাহত হৈ পৰে। ঘাইপথত যান-বাহনৰ দীঘলীয়া শাৰী সৃষ্টি হোৱাৰ ফলত যাত্ৰীসকলেও ব্যাপক সমস্যাৰ সন্মুখীন হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?
ৰাজনীতি

পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

November 19, 2026
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!
জীৱনশৈলী

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

November 19, 2026
সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি
অসম

সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

November 19, 2026
কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ
নিয়োগ

কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

November 19, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.