আমেৰিকাৰ প্ৰখ্যাত আলোচনী ‘টাইম’ৰ TIME100 NEXT তালিকাত স্থান লাভ কৰিছে ভাৰতৰ ৯গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে। বিভিন্ন ক্ৰীড়াক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু সফলতাৰে বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা এই খেলুৱৈসকলক ভাৰতৰ নতুন প্ৰজন্মৰ উদীয়মান প্ৰতিভা হিচাপে স্বীকৃতি দিয়া হৈছে।
এই তালিকাত স্থান লাভ কৰা খেলুৱৈসকলৰ ভিতৰত অন্যতম হৈছে অলিম্পিক পদক বিজয়ী ভাৰতীয় বক্সাৰ অসম কন্যা লাভলীনা বৰগোহাঁই আৰু ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা বৈভৱ সূৰ্য্যবংশী। কম বয়সতে নিজৰ অসাধাৰণ বেটিঙেৰে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বৈভৱক ক্ৰিকেটৰ নতুন যুগৰ এগৰাকী উদ্ভাৱনী প্ৰতিভা হিচাপে অভিহিত কৰা হৈছে। তেওঁৰ প্ৰতিভা আৰু খেলৰ ধৰণে ভৱিষ্যতে ভাৰতীয় ক্ৰিকেটলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।
ইয়াৰ উপৰি এই তালিকাত স্থান লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হৰমনপ্ৰীত কৌৰেও। ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ জয়ৰ দিশত নেতৃত্ব দিয়া হৰমনপ্ৰীতক ক্ৰীড়াক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ আৰু সমঅধিকাৰৰ পোষকতা কৰা এগৰাকী শক্তিশালী কণ্ঠ হিচাপে স্বীকৃতি দিয়া হৈছে।
তালিকাখনত আন এগৰাকী বিশেষ নাম হৈছে বিশ্বৰ কনিষ্ঠতম বিশ্ব দবা চেম্পিয়ন ডি গুকেশ। দবা খেলত নিজৰ অসাধাৰণ দক্ষতাৰে বিশ্বজুৰি চৰ্চা লাভ কৰা গুকেশেও TIME100 NEXTত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে এছিয়ান গেমছত এটা সোণৰ পদকসহ মুঠ তিনিটা পদক অৰ্জন কৰা দৌৰবিদ বিথ্যা ৰামাৰাজেও এই স্বীকৃতি লাভ কৰিছে।
আনহাতে, অলিম্পিক পদক বিজয়ী ভাৰোত্তোলক মিৰাবাই চানু, এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ১৭ বছৰীয়া আৰ্চাৰ কুমকুম মহোদ আৰু ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক সবিতা পুনিয়াৰ নামো তালিকাখনত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰি ভাৰতৰ প্ৰাক্তন টেনিছ তাৰকা ছানিয়া মিৰ্জায়ো এই সন্মানীয় তালিকাত স্থান লাভ কৰিছে।
উল্লেখ্য যে, TIME100 NEXT হৈছে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা, নেতৃত্ব আৰু কৰ্মৰাজিৰে ভৱিষ্যতে বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থকা উদীয়মান ব্যক্তিসকলক স্বীকৃতি প্ৰদানৰ বাবে টাইম আলোচনীয়ে প্ৰস্তুত কৰা এখন বিশেষ তালিকা। এই তালিকাত ভাৰতৰ ৯গৰাকী খেলুৱৈয়ে স্থান লাভ কৰাটো দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক উল্লেখযোগ্য স্বীকৃতি হিচাপে বিবেচিত হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















