নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতীয় দলৰ প্লেইং ইলেভেনৰ পৰা অভিজ্ঞ পেচাৰ মহম্মদ ছিৰাজ বাদ পৰাক লৈ এতিয়া ক্ৰিকেটৰ লগতে ৰাজনৈতিক মহলতো চৰ্চা চলিছে। ছিৰাজক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্তক লৈ কংগ্ৰেছৰ সাংসদ ইমৰাণ মাছুদে প্ৰশ্ন উত্থাপন কৰি এক বিতৰ্কিত মন্তব্য কৰিছে। তেওঁৰ মতে, শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত ছিৰাজক দলত স্থান নিদিয়াৰ কোনো যুক্তিসংগত কাৰণ দেখা নাযায়।
ছিৰাজৰ বাদ পৰাক লৈ ইমৰাণ মাছুদৰ প্ৰশ্ন
মহম্মদ ছিৰাজ ভাৰতীয় টেষ্ট দলৰ এগৰাকী অন্যতম নিৰ্ভৰযোগ্য পেচাৰ। শেহতীয়া সময়ছোৱাত তেওঁৰ প্ৰদৰ্শনো যথেষ্ট ভাল। এনে পৰিস্থিতিত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ প্লেইং ইলেভেনত ছিৰাজৰ নাম নথকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ সাংসদ ইমৰাণ মাছুদে।
মাছুদে ছিৰাজৰ বাদ পৰাৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, খেলুৱৈগৰাকীয়ে ভাল প্ৰদৰ্শন কৰাৰ পিছতো যদি দলত স্থান লাভ কৰা নাই, তেন্তে ইয়াৰ আঁৰত আন কোনো কাৰণ থাকিব পাৰে। তেওঁ আনকি ছিৰাজৰ নাম আৰু পৰিচয়ক লৈও মন্তব্য কৰে। ইমৰাণ মাছুদে কয়, “তেওঁৰ নাম ছিৰাজ, সেই কাৰণেই যথেষ্ট নহয়নে? যদি তেওঁ ভাল প্ৰদৰ্শন কৰি আছে আৰু তথাপিও নিৰ্বাচিত হোৱা নাই, তেন্তে ইয়াৰ আন কি কাৰণ থাকিব পাৰে? সেইটোৱেই একমাত্ৰ কাৰণ, আন কোনো কাৰণ থাকিব নোৱাৰে।” তেওঁৰ এই মন্তব্যই বিষয়টোক ৰাজনৈতিক দিশলৈ লৈ গৈছে।
নিউজীলেণ্ডৰ বিৰুদ্ধে ৱেলিংটনৰ বেচিন ৰিজাৰ্ভত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ বাবে ভাৰতীয় দলৰ মেনেজমেণ্টে চাৰিজন পেচাৰক লৈ প্লেইং ইলেভেন গঠন কৰে। দলত যশপ্ৰীত বুমৰাহ, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ আৰু যুৱ পেচাৰ অংশুল কম্বোজক স্থান দিয়া হয়। কিন্তু বৰ্তমানৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰত ভাৰতৰ অন্যতম সফল উইকেট দখলকাৰী মহম্মদ ছিৰাজক দলত স্থান দিয়া নহ’ল। এই সিদ্ধান্তক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত বিভিন্ন মত প্ৰকাশ পাইছে। একাংশই দলৰ কৌশলগত সিদ্ধান্ত বুলি সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই ছিৰাজৰ শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত তেওঁক দলত স্থান দিব লাগিছিল বুলি মত প্ৰকাশ কৰিছে।
ছিৰাজক বাদ দিয়াৰ সিদ্ধান্তৰ বিষয়ে ভাৰতীয় বেটিং প্ৰশিক্ষক কোটাকেও নিজৰ মত প্ৰকাশ কৰিছে। প্ৰথম দিনাৰ খেলৰ অন্তত তেওঁ কয় যে খেলপথাৰৰ পৰিস্থিতি আৰু দলৰ প্ৰয়োজনীয়তা বিবেচনা কৰি অধিনায়ক তথা দলৰ মেনেজমেণ্টে সম্ভৱপৰ শক্তিশালী একাদশ বাছনি কৰিছে।
কোটাকে স্পষ্ট কৰি দিয়ে যে দল নিৰ্বাচনৰ সময়ত খেলুৱৈৰ ব্যক্তিগত প্ৰদৰ্শনৰ লগতে সামগ্ৰিক দলীয় সংমিশ্ৰণ আৰু খেলৰ পৰিস্থিতিও বিবেচনা কৰা হয়। তেওঁৰ মতে, অধিনায়ক আৰু মেনেজমেণ্টে যি একাদশ বাছনি কৰিছে, সেয়া তেওঁলোকৰ দৃষ্টিত সেই সময়ৰ বাবে আটাইতকৈ শক্তিশালী দল।
মহম্মদ ছিৰাজক প্ৰথম টেষ্টৰ পৰা বাদ দিয়াৰ সিদ্ধান্তক লৈ এতিয়া ক্ৰিকেট অনুৰাগীৰ মাজত বিতৰ্ক অব্যাহত আছে। ইমৰাণ মাছুদৰ মন্তব্যই এই বিতৰ্কক অধিক চৰ্চালৈ আনিছে। অৱশ্যে দলৰ মেনেজমেণ্টে স্পষ্টকৈ জানিবলৈ দিছে যে খেলুৱৈ বাছনিৰ ক্ষেত্ৰত দলীয় সংমিশ্ৰণ আৰু খেলপথাৰৰ পৰিস্থিতিকেই অগ্ৰাধিকাৰ দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















