ৰে’লৰ জৰিয়তে লাখ লাখ লোকে প্ৰতিদিনে যাত্ৰা কৰে। কিন্তু যাত্ৰীসকলৰ আৰাম নিশ্চিত কৰাৰ বাবে আৰু ৰে’ল যাত্ৰাৰ সময়ত অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ ৰে’লৱেৰ ফালৰ পৰা যাত্ৰীসকলৰ বাবে বিভিন্ন নিয়ম-নীতি বান্ধি দিয়া হয়।
এই ক্ষেত্ৰত যাত্ৰীসকলে বহু কাম কৰিব পাৰে যাৰ ফলত যথেষ্ট জৰিমনা ভৰিব পাৰে। কিছুমান অবৈধ কাম কৰিলেও শেষত জে’লত পৰিব পাৰে। এতিয়া এই তালিকাত আৰু দুটা কথা যোগ কৰা হৈছে যাৰ ফলত আপুনি বৃহৎ পৰিমাণৰ ধন দিব লাগিব। আনকি এইবোৰ কৰিলে কাৰাগাৰত ভৰোৱাৰ আশংকাও আছে।
ইষ্টাৰ্ণ ৰে’লৱেই স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে যে ৰে’লত জোৰেৰে সংগীত বজোৱা বা ফোনত জোৰেৰে কথা পতা যাত্ৰীক জৰিমনা বিহা হ’ব। ইয়াৰ বাবে ইষ্টাৰ্ণ ৰে’লৱে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। বিতংভাৱে জানো আহক:
কি কি নিষেধাজ্ঞা আৰোপ কৰা হৈছে:
- ৰে’লৰ ডবা আৰু ৰে’ল ষ্টেচনৰ চৌহদত উচ্চস্বৰে সংগীত বা ভিডিঅ’ বজোৱাত নিষেধাজ্ঞা।
- মোবাইল ফোন স্পীকাৰ অন কৰি সংগীত বা ভিডিঅ’ চাব নোৱাৰিব, ইয়াৰফোন ব্যৱহাৰ কৰিব লাগিব।
- ফোনত জোৰেৰে বা ৰেলত বহু সময় কথা পতাত নিষেধাজ্ঞা।
- মোবাইলৰ ৰিংটোন চাইলেণ্ট, ভাইব্ৰেচন বা কম ভলিউমত ৰাখিব লাগিব।
ইষ্টাৰ্ণ ৰে’লৱেই যাত্ৰীসকলক সজাগ কৰাৰ বাবে ষ্টেচন আৰু ৰে’লত অভিযান চলাব। এচি কোচত এই বিষয়ত বিশেষ গুৰুত্ব দিয়া হ’ব। যদি কোনো যাত্ৰীয়ে নিৰ্দেশ অমান্য কৰি বিশৃংখলতা বা বিৰক্তিৰ পৰিৱেশ সৃষ্টি কৰে তেন্তে সেই যাত্ৰীজনৰ বিৰুদ্ধে ৰেলৱে আইন ১৯৮৯ৰ ১৪৫ নং ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
নিৰ্দেশ অমান্য কৰাৰ শাস্তি কি?
ৰে’লৱেই জাৰি কৰা গাইডলাইন অনুসৰি নিৰ্দেশনা অমান্য কৰাৰ বাবে সৰ্বোচ্চ ১০০০ টকা জৰিমনা আৰু/বা ৬ মাহ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব পাৰে। এনে ক্ষেত্ৰত টিকট পৰীক্ষক পদ বা তাৰ ওপৰৰ কৰ্তৃত্বপ্ৰাপ্ত বাণিজ্যিক কৰ্মচাৰীয়ে ব্যৱস্থা ল’ব পাৰে। এই নিয়মসমূহ কাৰ্যকৰী কৰিবলৈ পূব ৰে’লৱেৰ সকলো সংমণ্ডলক কঠোৰ নিৰ্দেশনা দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















