অসমত বাংলাদেশৰ ইছলামিক সংগঠন হিজবুত তাহৰীৰৰ আত্মপ্ৰকাশক লৈ তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। পাথাৰকান্দিৰ জুৰবাৰীত সংগঠনটোৱে কাৰ্যালয় স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। মোবাইল ফোনৰ জৰিয়তে চলি থকা সংগঠনটোৱে এইবাৰ অসমত স্থায়ী কাৰ্যালয় স্থাপন কৰি সাংগঠনিক কাৰ্যকলাপ আৰম্ভ কৰাৰ খবৰ পোহৰলৈ আহিছে।
জুৰবাৰীত সংগঠনটোৰ কাৰ্যালয় মুকলি কৰাৰ সময়ত অৰ্ধশতাধিক অসমৰ মুছলমানে হিজবুত তাহৰীৰত যোগদান কৰা বুলি অভিযোগ উঠিছে। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বাংলাদেশত নিষিদ্ধ ঘোষণাৰ দাবী উত্থাপিত হোৱা সংগঠনটোৱে অসমত কেনেদৰে কাৰ্যালয় স্থাপন কৰিবলৈ সক্ষম হ’ল, তাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে।
আৰক্ষীৰ চকুৰ সন্মুখতে বাংলাদেশৰ সংগঠনটোৱে ঘাটি স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে যদিও শ্ৰীভূমি আৰক্ষীৰ ভূমিকা লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ লোকে। সংগঠনটোৰ কাৰ্যালয় স্থাপনৰ ঘটনাক লৈ এতিয়াও আৰক্ষীৰ তৎপৰতাৰ অভাৱ দেখা পোৱা গৈছে বুলি অভিযোগ উঠিছে।
ইফালে, সংগঠনটোৰ কাৰ্যকলাপক একাংশ সচেতন মুছলমানে তীব্ৰ বিৰোধিতা কৰিছে। জুৰবাৰীত হিজবুত তাহৰীৰৰ কাৰ্যালয় বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাৰ্যালয় মুকলিৰ সৈতে জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। অসমৰ সামাজিক সম্প্ৰীতি আৰু নিৰাপত্তাৰ প্ৰতি আশংকা প্ৰকাশ কৰি সংগঠনটোৰ কাৰ্যকলাপৰ তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















