পশ্চিমবংগত পুনৰ চৰ্চালৈ আহিছে এগৰাকী বিজেপি নেত্ৰীৰ বিৰুদ্ধে উত্থাপিত ধনদাবী আৰু ভয়-ভাবুকিৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি নেত্ৰী পিয়ালী বিশ্বাসক। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলৰ লগতে স্থানীয় ব্যৱসায়ীসকলৰ মাজতো সৃষ্টি হৈছে ব্যাপক চৰ্চা।
উল্লেখ্য যে, পিয়ালী বিশ্বাস পশ্চিমবংগৰ নদিয়া জিলাৰ ৰাণাঘাট বিজেপি মণ্ডলৰ সভানেত্ৰী হিচাপে দায়িত্বত আছিল বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, নেত্ৰীগৰাকীয়ে নিজৰ ৰাজনৈতিক পৰিচয় আৰু প্ৰভাৱ ব্যৱহাৰ কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁলোকৰ পৰা ধন দাবী কৰিছিল।
সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, অভিযোগকাৰীসকলৰ দাবী, পিয়ালী বিশ্বাসে ফোনযোগে ৰাণাঘাটৰ একাধিক ব্যৱসায়ীৰ সৈতে যোগাযোগ কৰি ধন দাবী কৰিছিল। দাবী কৰা ধন আদায় নিদিলে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ লগতে মিছা গোচৰত ফচাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে।
আনহাতে, কেৱল ধনদাবীয়েই নহয়, মাৰপিট আৰু ভয়-ভাবুকি প্ৰদানৰ অভিযোগো নেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে। অভিযোগৰ ভিত্তিত স্থানীয় লোকসকলে আৰক্ষীৰ কাষ চাপি লিখিত অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে ৰাণাঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি পিয়ালী বিশ্বাসক গ্ৰেপ্তাৰ কৰে।
এই ঘটনাৰ আন এটা গুৰুত্বপূৰ্ণ দিশো পোহৰলৈ আহিছে। বাতৰি অনুসৰি, ঘটনাৰ সূত্ৰপাত হৈছিল ৰাণাঘাটৰ ইন্দিৰা কলনী অঞ্চলত। অভিযোগ অনুসৰি, পিয়ালী বিশ্বাসে কেইগৰাকীমান লোকক লগত লৈ অঞ্চলটোৰ এটা সন্দেহজনক জুৱা আৰু ছাট্টাৰ ঘাটিত উপস্থিত হৈছিল। আনকি তেওঁ নিজৰ ম’বাইল ফোনৰ জৰিয়তে সমগ্ৰ ঘটনাটো ফেচবুক লাইভো কৰিছিল।
পিয়লি বিশ্বাসৰ কি অভিযোগ?
নেত্ৰীগৰাকীৰ দাবী অনুসৰি, অঞ্চলটোত দীৰ্ঘদিন ধৰি অবৈধ জুৱা আৰু ছাট্টাৰ ব্যৱসায় চলি আহিছিল। এই অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ উদ্দেশ্যেই তেওঁ সেই স্থানত উপস্থিত হৈছিল। তেওঁৰ অভিযোগ, জুৱাৰ ঘাটিৰ বিৰুদ্ধে মাত মতাৰ বাবেই তেওঁক পৰিকল্পিতভাৱে মিছা গোচৰত অভিযুক্ত কৰা হৈছে। অৱশ্যে স্থানীয় লোকসকলৰ অভিযোগ সম্পূৰ্ণ পৃথক। তেওঁলোকৰ মতে, নেত্ৰীগৰাকীৰ বিৰুদ্ধে ধনদাবী আৰু ভাবুকি প্ৰদানৰ অভিযোগ আছে। ফলত ঘটনাটোৱে এতিয়া দুটা পৃথক অভিযোগৰ ৰূপ লৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















