টিকট বুকিং কৰাৰ সময়ত কিছুমান নিয়মৰ প্ৰতি চকু দিয়াটো উচিত। গ্ৰুপত টিকট বুকিং কৰাৰ নিয়মত বৃহৎ পৰিৱৰ্তন আনিছে চাউথ ৱেষ্টাৰ্ণ ৰে’লৱেই। বিয়া, শিক্ষামূলক ভ্ৰমণ, তীৰ্থযাত্ৰা, ক্ৰীড়া বা সাংস্কৃতিক অনুষ্ঠানৰ বাবে যদি গোটে ৰেলৰ টিকট বুকিং কৰিব বিচাৰে তেন্তে এতিয়াৰ পৰা নতুন নিয়ম মানি চলিব লাগিব।
পুৱা ৯ বজাৰ পৰা বৃহৎ গ্ৰুপত টিকট বুকিং গ্ৰহণ কৰা হ’ব বুলি দক্ষিণ পশ্চিম ৰে’লৱেই জনাইছে। অৰ্থাৎ সাধাৰণ যাত্ৰীৰ বাবে আগতীয়া টিকট বুকিং আৰম্ভ হোৱাৰ এঘণ্টাৰ পিছত গ্ৰুপ বুকিং কৰিব পাৰিব।
ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া ড০ মঞ্জুনাথ কানামাৰীয়ে কয় যে বাল্ক/গ্ৰুপ বুকিং সন্দৰ্ভত পূৰ্বৰ সকলো নিয়ম বাতিল কৰি নতুন গাইডলাইন প্ৰৱৰ্তন কৰা হৈছে। বাণিজ্যিক বিজ্ঞপ্তি অনুসৰি কাৰ্যকৰী হ’ব এই নতুন নিয়ম।
গ্ৰুপত কোনে কিনিব পাৰে টিকট?
বিয়া বা বিবাহ অনুষ্ঠানলৈ যোৱা পৰিয়াল, ছাত্ৰ-ছাত্ৰী, তীৰ্থযাত্ৰী, ক্ৰীড়া দল বা সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা গোটে এই সুবিধা লাভ কৰিব পাৰে। এই নিয়ম সকলো শ্ৰেণীৰ ৰেলৰ টিকটৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। কেৱল নিশ্চিত টিকটৰ বাবেই নহয়, আৰ এ চি বা ৱেইটলিষ্ট টিকটৰ বাবেও গ্ৰুপ বুকিঙৰ সুবিধা উপলব্ধ হ’ব।
একেলগে কিমান টিকট বুকিং কৰিব পাৰিব?
নতুন নিয়মৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ’ল গ্ৰুপ বুকিঙৰ বাবে আসন বা বাৰ্থৰ কোনো নিৰ্দিষ্ট সৰ্বোচ্চ সীমা নাই। অৰ্থাৎ একেলগে বুকিং কৰিব পৰা বাৰ্থৰ কোনো নিৰ্দিষ্ট সংখ্যক নাই। মুখ্য সংৰক্ষণ তত্বাৱধায়ক (চি আৰ এছ) আৰু ষ্টেচন মেনেজাৰে (এছ এম) পৰিস্থিতি অনুসৰি গ্ৰুপ বুকিং অনুমোদন দিব পাৰে।
কেনেকৈ আবেদন কৰিব?
গ্ৰুপ বুকিঙৰ বাবে আবেদন কৰাসকলে পোনপটীয়াকৈ ৰে’লৱেৰ অনুমোদিত বিষয়াৰ ওচৰত আবেদন দাখিল কৰিব লাগিব। সাধাৰণতে ট্ৰেভেল এজেণ্টৰ জৰিয়তে আবেদন কৰিব নোৱাৰিব। অৱশ্যে বিদেশী পৰ্যটক বা প্ৰবাসী ভাৰতীয়ৰ ক্ষেত্ৰত নিয়ম অনুসৰি ট্ৰেভেল এজেণ্টৰ জৰিয়তে বুকিং কৰাৰ সুযোগ থাকিব।
আবেদনৰ সময়ত ভ্ৰমণৰ উদ্দেশ্য স্পষ্টকৈ উল্লেখ কৰিব লাগিব। গোটৰ প্ৰতিজন যাত্ৰীৰ নাম, বয়স, লিংগ, ঠিকনা, উদ্দেশ্য আদিও উল্লেখ কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















