হাইঠা মাটিত পৰিল! এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ অৰ্থনীতিৰ প্ৰশংসা কৰে। হোয়াইট হাউছত সংবাদমেল সম্বোধন কৰি ট্ৰাম্পে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ উদাহৰণ দাঙি ধৰে। তেওঁ এই প্ৰশ্নও উত্থাপন কৰে যে আমেৰিকাত সুতৰ হাৰ কিয় ইমান বেছি। তেওঁ আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ ফালে আঙুলিয়াই দিয়ে।
ভাৰতত সুতৰ হাৰ কম হোৱাৰ কথা উল্লেখ কৰি ট্ৰাম্পে ভাৰতৰ অৰ্থনীতিৰ প্ৰশংসা কৰে। তেওঁ কয়, “ভাৰতলৈ এবাৰ চাওক। তেওঁলোকৰ সুতৰ হাৰ কম আৰু অৰ্থনৈতিক বৃদ্ধি ৭ শতাংশ।” ট্ৰাম্পে লগতে দাবী কৰে যে যদিহে আমেৰিকাতো সুতৰ হাৰ হ্ৰাস কৰা হয় তেন্তে আমেৰিকাৰ অৰ্থনীতি ১৪ৰ পৰা ১৫ শতাংশ বৃদ্ধি পাব পাৰে।
ট্ৰাম্পে কয় যে, ‘যেতিয়া আমেৰিকাৰ অৰ্থনীতি ভাল হয় তেতিয়া ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ বৃদ্ধি কৰে।’ তেওঁৰ মতে এনে পৰিস্থিতিত সুতৰ হাৰ হ্ৰাস কৰিব লাগে। তেওঁ ফেডাৰেল ৰিজাৰ্ভৰ প্ৰাক্তন অধ্যক্ষ এলান গ্ৰীণস্পেনক প্ৰশংসা কৰি কয় যে, ‘তেওঁ সুতৰ হাৰ হ্ৰাস কৰিলেহেঁতেন। কিন্তু তেওঁ মূলতঃ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত অভিযোগ কৰিছিল।’
আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ ওপৰত ৰাজনীতিৰ প্ৰভাৱ সন্দৰ্ভতো মন্তব্য কৰে ট্ৰাম্পে। তেওঁ কয়, “মই অধ্যক্ষক দোষ দিয়া নাই। কিন্তু আমাৰ ফেডৰ ওপৰত ৰাজনীতিৰ প্ৰভাৱ আছে।”
শেহতীয়াকৈ ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়াৰ ‘QUAD’ (Quad)ৰ নেতাসকলৰ সৈতে হোৱা বৈঠকৰ কথাও ট্ৰাম্পে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে ‘কোৱাড ব্যুৰো লিডাৰ্ছ ফ’ৰাম’ত অৰ্থনৈতিক সুৰক্ষা বিষয়ত পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ কথা চৰ্চা হৈছিল। লগতে তেওঁ ‘Quad SI Accelerator’ মুকলি কৰাৰ কথাও ঘোষণা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















