অসম লাইভ ২৪ঃ আজি অনুষ্ঠিত কৰা হ’ল হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ পঞ্চমখন কেবিনেট বৈঠক। বৈঠকত সপ্তাহজোৰা কামৰ খতিয়ান লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকৰ অন্তত লোৱা হয় চাৰিটা সিদ্ধান্ত। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ক্ৰমে পীযুষ হাজৰিকা, ৰণোজ পেগু, অজন্তা নেওগ আৰু কেশৱ মহন্তই।
১। বৈঠকত ৪টা ফৰেনসিক লেবৰেটৰী বনোৱাৰ সিদ্ধান্ত গ্ৰহণ। শিলচৰ মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ আৰু বঙাইগাঁও চিভিল হাস্পতালত এই ফৰেনসিক লেবৰেটৰী বনোৱা হ’ব।
২। সমাজ কল্যাণ বিভাগৰ এছ এম পি আঁচনিৰ অধীনত চাউল fciৰ পৰা লোৱাৰ সিদ্ধান্ত গ্ৰহণ। fciৰ পৰা যদিহে ৩ টকাত চাউল কিনা হয় তেন্তে বছৰি ২০০ কোটি টকাৰ ৰাহি হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী অজন্তা নেওগে।
৩। নিৰ্মীয়মান ৫ খন বিশ্ববিদ্যালয়ৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ কেবিনেটে। ইয়াৰ লগতে বিশ্ববিদ্যালয়সমূহে বোৰ্ড গঠন আৰু নামভৰ্তি কৰিব পাৰিব।
৪। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু হাই মাদ্ৰাছা পৰীক্ষা সম্পৰ্কেও আজিৰ কেবিনেটে কৰে আলোচনা। পূৰ্বৰ ব্যৱস্থা অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰিব পৰাটো সম্ভৱ নহয় বুলি কেবিনেটে পৰামৰ্শ আগবঢ়ায়। অৱশ্যে ১৮ জুনত দল-সংগঠনৰ লগত শিক্ষা বিভাগে আলোচনা কৰি এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ