মেছিৰ জীৱনত এনে বহু কাহিনী আছে, যিবোৰ তেওঁৰ খ্যাতি, ট্ৰফী, ৰেকৰ্ড আৰু গ’লৰ আঁৰত কিছু পৰিমাণে হেৰাই যায়। বিশেষকৈ শৈশৱৰ সংগ্ৰাম, পৰিয়ালৰ ত্যাগ আৰু বাৰ্চিলোনালৈ যোৱাৰ আগৰ দিনবোৰৰ কাহিনী যথেষ্ট আৱেগিক। তেনে কম চৰ্চিত মেছিৰ ৭টা কাহিনী তলত উল্লেখ কৰা হ’ল।
১. মেছিৰ চিকিৎসাৰ টকা বিচাৰি মাতৃয়ে আৰ্জেণ্টিনাৰ ৰোজাৰিঅ’ৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যাবলগীয়া হৈছিল। শেহতীয়াকৈ মেছিয়ে নিজেই শৈশৱৰ এই কঠিন দিনবোৰৰ কথা প্ৰকাশ কৰিছে। Growth hormone deficiencyৰ চিকিৎসাৰ বাবে নিয়মীয়াকৈ ঔষধৰ প্ৰয়োজন হৈছিল মেছিক। মেছিৰ মাতৃয়ে মেছিৰ চিকিৎসাৰ বাবে টকা বিচাৰি বহু কষ্ট কৰিবলগীয়া হৈছিল। মেছিয়ে শৈশৱত খেলা Newell’s Old Boysৰ পৰাও নিয়মীয়াকৈ পাৰিশ্ৰমিক নোপোৱাৰ কথা কোনো কোনো প্ৰতিবেদনত উল্লেখ আছে।

২. বন্ধুৰ ঘৰত থাকিলেও মেছিয়ে ফ্ৰীজত নিজৰ চিকিৎসাৰ ঔষধ ৰাখিছিল। মেছিৰ শৈশৱৰ বন্ধু লুকাছ স্কাগলিয়াৰ স্মৃতিচাৰণ অনুসৰি, মেছিয়ে বন্ধুৰ ঘৰত কেতিয়াবা নিশা কটালেও তেওঁৰ growth hormone treatmentৰ সামগ্ৰী লগত লৈ গৈছিল। ঔষধ ফ্ৰীজত ৰাখি, সময় হ’লে নিজেই বেজি লৈ আকৌ স্বাভাৱিকভাৱে বন্ধুসকলৰ মাজলৈ ঘূৰি আহিছিল। মেছিৰ বাবে এইটো যেন দৈনন্দিন জীৱনৰ এক সাধাৰণ অংশ হৈ পৰিছিল।
৩. বাৰ্চিলোনাত থাকিব নে আৰ্জেণ্টিনালৈ ঘূৰি যাব সেয়া ১৩ বছৰীয়া মেছিয়ে নিজেই সিদ্ধান্ত লৈছিল। বাৰ্চিলোনালৈ যোৱাৰ পিছত মেছিৰ পৰিয়ালৰ বাবে নতুন পৰিৱেশটো সহজ নাছিল। তেওঁৰ ভাতৃ-ভগ্নীসকলৰ কিছুমানে আৰ্জেণ্টিনালৈ ঘূৰি যাব বিচাৰিছিল। অৱশেষত মেছিৰ পিতৃ জৰ্জ মেছি আৰু মেছিয়ে বাৰ্চিলোনাত থাকি যোৱাৰ সিদ্ধান্তৰ বিষয়ে আলোচনা কৰে আৰু আলোচনাৰ অন্তত মেছিয়ে কৈছিল যে তেওঁ বাৰ্চিলোনাতে থাকিব বিচাৰে। সেই সিদ্ধান্তই পৰৱৰ্তী সময়ত ফুটবলৰ ইতিহাস সলনি কৰি দিলে।
৪. বাৰ্চিলোনাই মেছিক প্ৰথমে চুক্তি কৰাবলৈ কাগজ এখনো বিচাৰি পোৱা নাছিল। শেষত এখন নেপকিনেই ‘চুক্তি’ৰ সাক্ষী হৈছিল। এই কাহিনী কিছু পৰিমাণে জনাজাত যদিও ইয়াৰ ভিতৰৰ এটা কথা বহু অনুৰাগীয়ে নাজানে। ২০০০ চনৰ ১৪ ডিচেম্বৰত বাৰ্চিলোনাৰ তেতিয়াৰ sporting director কাৰ্লছ ৰেক্সাচে মেছিক হেৰুওৱাৰ আশংকাত এখন সাধাৰণ নেপকিনত তেওঁৰ সৈতে চুক্তিৰ প্ৰতিশ্ৰুতি লিখি স্বাক্ষৰ কৰিছিল।
৫.বাৰ্চিলোনাৰ বাহিৰেও বহু ইউৰোপীয় ক্লাবেও কিশোৰ কালতে মেছিৰ প্ৰতিভাৰ উমান পাইছিল। ESPNৰ এক প্ৰতিবেদন অনুসৰি, তেওঁ বাৰ্চিলোনাত নিয়মীয়াকৈ খেলিবলৈ আৰম্ভ কৰাৰ পিছত জুভেণ্টাছ, ইণ্টাৰ মিলান, লিভাৰপুল, ৰীয়েল মাদ্ৰিদ আদি ক্লাবেও আগ্ৰহ দেখুৱাইছিল। আৰ্ছেনালে তেওঁক চুক্তিবদ্ধ কৰাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছিল।
৬. মেছিৰ ফুটবল জীৱনত তেওঁৰ মাতৃৰ মাতৃ চেলিয়া অলিভেৰাৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। শৈশৱত তেওঁ মেছিক ফুটবল খেলিবলৈ লৈ গৈছিল আৰু সৰু ল’ৰাজনৰ প্ৰতিভাত বিশ্বাস কৰিছিল। ১৯৯৮ চনত তেওঁৰ আইতাকৰ মৃত্যু হয়। তাৰ পিছৰে পৰা গ’ল কৰাৰ পিছত মেছিয়ে দুয়োখন হাতৰ তৰ্জনী আকাশৰ ফালে তুলি আইতাকলৈ শ্ৰদ্ধা জনোৱাৰ অভ্যাস গঢ়ি তোলে।
৭. মেছিয়ে নিজেই কৈছিল যে তেওঁ সমবয়সীয়া আন ল’ৰাতকৈ যথেষ্ট সৰু আছিল। খেল আৰম্ভ কৰাৰ আগতে আন ল’ৰাবোৰে তেওঁক চাই আচৰিত হৈছিল বা তেওঁক লৈ সন্দেহ কৰিছিল। কিন্তু খেল আৰম্ভ হোৱাৰ পিছত তেওঁৰ ফুটবল দক্ষতাই সকলো সন্দেহ দূৰ কৰি দিছিল। Newell’s Old Boysৰ সময়তে তেওঁৰ growth hormone deficiency ধৰা পৰে আৰু চিকিৎসা আৰম্ভ হয়।
আটাইতকৈ আৱেগিক কথাটো হ’ল—মেছিৰ কাহিনী কেৱল এজন প্ৰতিভাৱান ফুটবলাৰৰ কাহিনী নহয়। ১৩ বছৰ বয়সত দেশ, বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ এটা অংশ এৰি অচিনাকি দেশলৈ যোৱা, চিকিৎসাৰ বাবে পৰিয়ালৰ সংগ্ৰাম আৰু নিজৰ সপোনৰ বাবে বাৰ্চিলোনাত থাকি যোৱাৰ সিদ্ধান্ত—এই সকলোবোৰৰ মাজেৰেই পিছলৈ তেওঁ আধুনিক ফুটবলৰ যাদুকৰ হৈ পৰিল।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















