অসম লাইভ২৪ঃ ৭৫ বছৰীয়া এগৰাকী মহিলাই সামাজিক মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা। নেট দুনীয়াত কেৱল তেওঁৰেই চৰ্চা। মহিলাগৰাকীয়ে দাবী কৰিছে যে তেওঁ ৫০ বছৰ ধৰি জুলীয়া খাদ্য আৰু পানী খায়েই জীয়াই আছে। খাদ্য নোখোৱাকৈ কেনেকৈ জীয়াই আছে মহিলাগৰাকী? বুই তি লোই নামৰ এই মহিলাগৰাকীয়ে খাদ্যৰ নামত এটা দানাও মুখত দিয়া নাই। খাদ্য নাখালেও মহিলাগৰাকী কিন্তু সম্পূৰ্ণ সুস্থ।
বুইয়ে জনোৱা অনুসৰি ঘটনাৰ সূত্ৰপাত হৈছিল ১৯৬৩ চনতেই। তেওঁ কয়, ‘১৯৬৩ চনত হোৱা যুদ্ধৰ সময়ত মই অন্যান্য মহিলাসকলৰ সৈতে পাহাৰৰ ওপৰলৈ গৈ সৈন্যসকলৰ চিকিৎসা কৰিছিলো। পাহাৰৰ ওপৰত অনবৰতেই বজ্ৰপাত হৈ থাকে। সেই বজ্ৰপাততেই মই এবাৰ অজ্ঞান হৈ পৰো। দীৰ্ঘদিন ধৰি বৃষ্টিপাত হৈ থকাৰ বাবে আমি পাহাৰৰ ওপৰত আৱদ্ধ হৈ আছিলো। মোৰ যেতিয়া জ্ঞান আহিল তাৰপিছৰে পৰা মই একো খাব নোৱাৰা হৈ পৰো। তেতিয়াই মোৰ বন্ধু কেইজনমানে মোক কিবা মিঠা পানীয় খুওৱাই দিয়ে। সেই তেতিয়াৰে পৰাই মই পানী খাই জীৱন নিৰ্বাহ কৰি আছো।’
অৱশ্যে বুইয়ে জনোৱামতে তেওঁ ফলমূল খাবলৈকো চেষ্টা কৰিছিল। কিন্তু অলপ দিনৰ পাছত তেওঁ বুজি উঠে যে তেওঁ এইদৰে খোৱা খাদ্য হজম নহয়। কৰোবাত কিবা এটা সমস্যা হৈছে। ১৯৭০ চনৰ পৰা তেওঁ সকলো খাদ্যই খাবলৈ বাদ দিয়ে। কেৱল পানীয় খাদ্যহে সেৱন কৰিবলৈ ল’লে বুইয়ে। বুইৰ অন্যান্য খাদ্যৰ গোন্ধ পালেও বমি হয়। তেওঁৰ দুই সন্তানে পঢ়াশুনাৰ বাবে বাহিৰত থাকে। যাৰবাবে তেওঁ অন্য কাৰোবাবেই খাদ্য ৰান্ধিব নালাগে। ইয়াৰফলত তেওঁৰ ৰান্ধনীশালতো ধুলিৰ স্তৰ জমা হৈছে। নৰম পানীয় আৰ চেনী এই দুবিধ সেৱন কৰিয়েই শৰীৰত শক্তিৰ সঞ্চাৰ হয় বুইৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ