আজি শুক্লা দ্বাদশী, গোটেই দিন প্ৰীতি যোগ, ৩ ৰাশিৰ বাবে বৃদ্ধি পাব সমস্যা
আজি দেওবাৰ, ৯ ফেব্ৰুৱাৰী। আজি গোটেই দিনটো মিথুন ৰাশিত চন্দ্ৰ দেখা যাব। সূৰ্য্য এতিয়া মকৰ ৰাশিত। সিদ্ধান্ত পঞ্জিকা অনুসৰি আজি মাঘ মাহৰ শুক্ল পক্ষৰ দ্বাদ্বশী তিথি। আজি ভীষ্ম দ্বাদাশী হিচাপে উদযাপন কৰা হয়। আজি বিষকুম্ভ যোগ আৰু প্ৰীতি যোগৰো প্ৰভাৱ দেখা যায়। ইয়াৰ সমান্তৰালকৈ আজি অৰ্দ্ৰা নক্ষত্ৰ আৰু পুনৰ্বাসু নক্ষত্ৰ হ’ব।
এই সকলোবোৰ যোগৰ প্ৰভাৱৰ বাবে আজি ৩ ৰাশিৰ লোকে কিছু সমস্যা ভৰা সময় পাৰ কৰিবলৈ গৈ আছে।
মিথুন ৰাশি
আজি আইনী জটিলতাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ ব্যৱসায় সুকলমে চলি থাকিব। আপুনি আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি জটিল সমস্যা সমাধান কৰিব পাৰে। ঘনিষ্ঠ বন্ধু এজনে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে। পৰিয়ালৰ সৈতে সময় কটাওক, আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। মানসিক অস্থিৰতাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত ভুল হ’ব পাৰে।
সিংহ ৰাশি
সিংহ ৰাশিৰ লোক আজি ডিঙিত বা দাঁতৰ সমস্যাত ভুগিব পাৰে। তীৰ্থযাত্ৰাৰ সংযোগ আছে। ইলেক্ট্ৰনিক সামগ্ৰী আৰু খনিজ পদাৰ্থৰ ব্যৱসায় লাভজনক হ’ব। আপোনাৰ যিকোনো ইচ্ছা পূৰণত বাধাৰ সন্মুখীন হ’ব পাৰে। আত্মীয়ই আপোনাৰ বিৰোধিতা কৰিব পাৰে।
কন্যা ৰাশি
কন্যা ৰাশিৰ লোকে আজি অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰিব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ৰ পৰা লাভৰ সম্ভাৱনা আছে। আজি আপুনি পেটৰ দীৰ্ঘদিনীয়া সমস্যাত ভুগিব পাৰে। এটা প্ৰেমৰ সম্পৰ্কৰ অন্ত পৰিব পাৰে আজি। কিন্তু ভুল বুজাবুজিৰ ফলত পাৰিবাৰিক সম্পৰ্কত তিক্ততা আহিব পাৰে। খৰচৰ পিছতো উপাৰ্জন ভাল হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ