দেখিছেনে এনে কইনা, নকল চুলি নলগোৱাকেই টকলা মূৰেৰেই কইনাৰ সাজত নীহাৰ
যিকোনো নাৰীক ধুনীয়া দেখাবলৈ মূৰৰ চুলিখিনিয়েই গুৰুত্বপূৰ্ণ। সৌন্দৰ্য প্ৰকাশৰ বাবে কবি-সাহিত্যিকেও চুলিৰ ব্যৱহাৰ কৰিছে। চুলিয়েই যেন সৌন্দৰ্যৰ মূখ্য কাৰণ। কিন্তু যেতিয়া মূৰত এডালো চুলি নাথাকে, তেন্তে সেই নাৰীক কেনে দেখা হব!
এগৰাকী কইনাই টকলা মূৰেৰে কইনাৰ সাজত সৌন্দৰ্য বিয়পাইছে। কইনাই ৰঙা লেহেংগা পৰিধান কৰে টকলা মূৰত মাংগটিকা লগাই সকলোৰে সমুখলৈ নাচি নাচি আহে। দৰাই প্ৰিয়তমা কইনাক দেখি সুখৰ লোটক টুকে।
সেই কইনাৰ নাম নীহাৰ সচদেৱা। এলোপেচিয়া এৰিয়াটা ৰোগত আক্ৰান্ত নীহাৰে কোনোদিনে নকল চুলিৰ উইগ পৰিধান কৰা নাই। আনকি নিজদৰ বিয়াৰ দিনাও হাজাৰ জনৰ কথা পৰিহাৰ কৰি নিজৰ টকলা মূৰটো সকলোৰে আগত সৌন্দৰ্য হিচাপে দাঙি ধৰে।
নীহাৰৰ সেই সাহস দেখি এতিয়া সকলোৱে শলাগ লৈছে নীহাৰৰ। ভাৰতত জন্মগ্ৰহণ কৰা আৰু আমেৰিকাত বাস কৰা নিহাৰ সচদেৱে ২০২৫ চনৰ ১৯ জানুৱাৰীত অৰুণ ভি গণপথীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালে তেওঁলোকৰ বিয়াৰ ছবি আৰু ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছতে ভাইৰেল হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ