অসম লাইভ ২৪ঃ ১ মে’ৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হোৱাৰ কথা আছিল তৃতীয় পৰ্যায়ৰ ভেকচিনেচন প্ৰক্ৰিয়া। ১৮ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত সকলো ব্যক্তিকে কোভিড ভেকচিন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। পিছে, কোভিড ভেকচিনৰ নাটনিৰ বাবে কেইবাখনো ৰাজ্যত আজিৰে পৰা কৰিব পৰা নগ’ল তৃতীয় পৰ্যায়ৰ টিকাকৰণ। পশ্চিমবংগ, কৰ্ণাটক, ওড়িশা, তামিলনাডু, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, অৰুণাচল প্ৰদেশ আদি ৰাজ্যত তৃতীয় পৰ্যায়ৰ টিকাকৰণ প্ৰক্ৰিয়া পিছুৱাই দিয়া হৈছে। ইয়াৰ পূৰ্বে বিহাৰ, পঞ্জাৱ আৰু মহাৰাষ্ট্ৰই ভেকচিনৰ নাটনিৰ বাবে এই প্ৰক্ৰিয়া পিছুৱাইছে। উল্লেখযোগ্য যে ২৮ এপ্ৰিলৰ বিয়লিৰ পৰাই তৃতীয় পৰ্যায়ৰ ভেকচিনেচনৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে। শুকুৰবাৰে পুৱালৈকে সমগ্ৰ দেশতে ২ কোটি ৪৫ হাজাৰ লোকে পঞ্জীয়ন কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















