অসম লাইভ ২৪ঃ iplৰ ১৪ সংস্কৰণত ভাল প্ৰদৰ্শন কৰিব পৰা নাই ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে। যাৰ বাবে ফেনচাইজীয়ে ল’লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দলটোৰ অধিনায়ক পদৰ পৰা আঁতৰালে ডেভিদ ৱাৰ্নাৰক। এতিয়াৰে পৰা দলটোৰ নতুন অধিনায়ক হ’ব কেন উইলিয়ামছন। শনিবাৰে টুইটযোগে এই কথা জানিবলৈ দিয়ে দলটোৱে। উল্লেখযোগ্য যে এইবাৰ তালিকাৰ একেবাৰে শেষৰ স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ দলটো। ৬ খন খেলৰ ভিতৰত কেৱল এখন খেলতহে জয়ী হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। আনহাতে কাইলৈ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে হ’বলগীয়া খেলখনতো বিদেশী খেলুৱৈৰ ক্ষেত্ৰত সালসলনি হ’ব বুলি টীম মেনেজমেণ্টে জানিবলৈ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ