ডুবাইত অনুষ্ঠিত এক বক্সিং প্ৰচাৰ অনুষ্ঠানত ভাৰতীয় ইনফ্লুৱেন্সাৰ তথা বক্সাৰ মনীষ শৰ্মা, যাক ‘হাফ ইঞ্জিনিয়াৰ’ নামেৰে জনা যায়, পাকিস্তানী বক্সাৰ ৰহিম পাৰদেশীক এক প্ৰচণ্ড চৰ শোধায়। দুয়োৰে মাজত হোৱা উত্তপ্ত বাক-বিতণ্ডাই পৰৱৰ্তী সময়ত শাৰীৰিক সংঘৰ্ষৰ ৰূপ লয়।
প্ৰাপ্ত তথ্য অনুসৰি, বক্সিং মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত ৰহিম পাৰদেশীয়ে কৰা উচটনিমূলক মন্তব্য আৰু আচৰণৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। ইয়াৰ পিছতে মুখামুখি (Face-off) অনুষ্ঠানত মনীষ শৰ্মাই পাৰদেশীক চৰ মাৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীসকলে তৎক্ষণাত হস্তক্ষেপ কৰি দুয়োকে পৃথক কৰে।
উল্লেখ্য যে, অহা ৬ নৱেম্বৰত ডুবাইৰ নিকি বিচ (Nikki Beach)ত মনীষ শৰ্মা আৰু ৰহিম পাৰদেশীৰ মাজত বক্সিং মেচ অনুষ্ঠিত হোৱাৰ কথা। এই মেচৰ পূৰ্বে সংঘটিত ঘটনাটোৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ঘটনাটোক লৈ নেটিজেনসকলৰ মাজতো ব্যাপক চৰ্চা চলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















