ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ বিয়াক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে। বলীউডৰ জনপ্ৰিয় অভিনেতা ছানী দেওলৰ পুত্ৰ ৰাজবীৰ দেওলৰ সৈতে ছাৰাৰ বিয়া হ’ব বুলি একাংশই দাবী কৰিছে। আনকি ২০২৭ চনত দুয়োৰে বিৱাহ সম্পন্ন হ’ব বুলিও ছ’চিয়েল মিডিয়াত খবৰ বিয়পি পৰিছে। কিন্তু এই চৰ্চাৰ আঁৰৰ সত্য কি?
প্ৰকৃততে ছাৰা তেণ্ডুলকাৰ আৰু ৰাজবীৰ দেওলৰ বিয়াক লৈ চলি থকা এই সকলোবোৰ কথা সম্পূৰ্ণ ভিত্তিহীন। এই উৰাবাতৰিৰ কোনো সত্যতা নাই বুলি স্পষ্ট কৰি দিছে ছাৰাৰ এগৰাকী ঘনিষ্ঠ বন্ধুৱে। টাইমছ অব ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, ছাৰাৰ ঘনিষ্ঠ সূত্ৰই জনাইছে যে ছাৰা আৰু ৰাজবীৰে আজিলৈকে ইজনে সিজনক লগেই পোৱা নাই। বৰ্তমান ছাৰা অবিৱাহিত আৰু নিজৰ কাম-কাজত মনোনিৱেশ কৰি আছে। ঘনিষ্ঠ সূত্ৰটোৱে লগতে কয় যে এই উৰাবাতৰিবোৰ সম্পূৰ্ণ ভিত্তিহীন আৰু বিৰক্তিকৰ। এনে ভিত্তিহীন চৰ্চাৰ প্ৰতি ছাৰাই কোনো সঁহাৰি দিব নিবিচাৰে। নিজৰ মৰ্যাদা আৰু ব্যক্তিগত জীৱনৰ গোপনীয়তা বজাই ৰখাটোৱেই তেওঁৰ লক্ষ্য।
নিজৰ বিয়াক লৈ কি ক’লে ছাৰাই?
কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত নিজৰ বিৱাহৰ প্ৰসংগতো মুখ খুলিছিল ছাৰা তেণ্ডুলকাৰে। ভাতৃ অৰ্জুন তেণ্ডুলকাৰৰ বিয়াৰ অভিজ্ঞতাক নিজৰ বাবে একপ্ৰকাৰৰ প্ৰস্তুতি বা ‘ট্ৰায়েল পিৰিয়ড’ বুলি অভিহিত কৰিছিল তেওঁ। ছাৰাই কৈছিল যে ভায়েকৰ বিয়াৰ পৰা তেওঁ বহু কথা শিকিবলৈ পাইছে। আনকি এই অভিজ্ঞতাৰ জৰিয়তে ভৱিষ্যতে নিজৰ বিয়াক লৈ কি বিচাৰে আৰু কি নিবিচাৰে, সেই বিষয়েও এটা স্পষ্ট ধাৰণা লাভ কৰিছে।
তেন্তে ছাৰা আৰু ৰাজবীৰৰ বিয়াৰ চৰ্চা কিয় হৈছে?
ছাৰা তেণ্ডুলকাৰ আৰু ৰাজবীৰ দেওলৰ বিয়াক লৈ প্ৰথমে ৰেডিটত চৰ্চা আৰম্ভ হৈছিল। তাৰ পিছতে বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই খবৰ বিয়পি পৰে। একাংশ পোষ্টত দাবী কৰা হৈছিল যে ২০২৭ চনত ৰাজবীৰ দেওলৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ব ছাৰা তেণ্ডুলকাৰ। আনকি ৰাজবীৰে ছাৰালৈ দামী দামী উপহাৰ পঠিওৱা বুলিও দাবী কৰা হৈছিল। এই খবৰ বিয়পি পৰাৰ পিছতে ক্ৰিকেট আৰু বলীউড জগতৰ দুটা জনপ্ৰিয় পৰিয়ালৰ মাজত নতুন সম্পৰ্ক গঢ় লৈ উঠিব নেকি, তাক লৈও বহুতে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিল।
কিন্তু এতিয়া ছাৰাৰ ঘনিষ্ঠ বন্ধুৰ বক্তব্যৰ পিছত এই সকলো জল্পনা-কল্পনাৰ অন্ত পৰিছে। স্পষ্ট হৈছে যে ছাৰা তেণ্ডুলকাৰ আৰু ৰাজবীৰ দেওলৰ বিয়াৰ খবৰ কেৱল এক ভিত্তিহীন উৰাবাতৰিহে। দুয়োৰে মাজত কোনো বিৱাহৰ সম্পৰ্ক বা পৰিকল্পনা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















