• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!

সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!

2 minutes ago
ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

44 minutes ago
সলনি হ’ব পশ্চিমবংগৰ নাম! কি হ’ব পশ্চিমবংগৰ নতুন নাম?

সলনি হ’ব পশ্চিমবংগৰ নাম! কি হ’ব পশ্চিমবংগৰ নতুন নাম?

1 hour ago
‘আমাৰ বটলৰ পানী সুৰক্ষিত!’ FSSAI ৰ জাননী সন্দৰ্ভত মুখ খুলিলে Bisleri য়ে

‘আমাৰ বটলৰ পানী সুৰক্ষিত!’ FSSAI ৰ জাননী সন্দৰ্ভত মুখ খুলিলে Bisleri য়ে

3 hours ago
‘চুক্তি নকৰিলে কৰিম যুদ্ধ!’ ইৰাণক ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে

‘চুক্তি নকৰিলে কৰিম যুদ্ধ!’ ইৰাণক ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে

4 hours ago
কিয় বিক্ৰী কৰা হৈছিল জুবিনৰ সপোনৰ ৰেঞ্জ ৰ’ভাৰখন? ঋণৰ বোজা শেষ কৰিবলৈ গৰিমাই লৈছিল নেকি সিদ্ধান্ত জানক

কিয় বিক্ৰী কৰা হৈছিল জুবিনৰ সপোনৰ ৰেঞ্জ ৰ’ভাৰখন? ঋণৰ বোজা শেষ কৰিবলৈ গৰিমাই লৈছিল নেকি সিদ্ধান্ত জানক

4 hours ago
জনপ্ৰিয় অভিনেতাৰ অকাল বিয়োগ, ৫৬ বছৰ বয়সত সকলো শেষ!

জনপ্ৰিয় অভিনেতাৰ অকাল বিয়োগ, ৫৬ বছৰ বয়সত সকলো শেষ!

4 hours ago
৩০ বছৰৰ পিছত বিৰল যোগ, শনিয়ে সলনি কৰিব ভাগ্য!

৩০ বছৰৰ পিছত বিৰল যোগ, শনিয়ে সলনি কৰিব ভাগ্য!

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, আগন্তুক সপ্তাহত কেনেকুৱা যাব আপোনাৰ দিন?

8 hours ago
‘নিৰাপদ নহয় Bisleri’! পানীৰ নমুনাত দুৰাৰোগ্য ৰোগ সৃষ্টিকাৰী পদাৰ্থ, আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ  FSSAI ৰ

‘নিৰাপদ নহয় Bisleri’! পানীৰ নমুনাত দুৰাৰোগ্য ৰোগ সৃষ্টিকাৰী পদাৰ্থ, আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ FSSAI ৰ

9 hours ago
ভ্ৰমণৰ পূৰ্বে সাৱধান ৩ ৰাশিৰ লোক, আজি বাটতে আহিব পাৰে বাধা!

ভ্ৰমণৰ পূৰ্বে সাৱধান ৩ ৰাশিৰ লোক, আজি বাটতে আহিব পাৰে বাধা!

10 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২৩ নৱেম্বৰ ২০২৬ৰ ৰাশিফল, কেনে যাব আজি আপোনাৰ দিনটো?

10 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

Gold Price: বিয়াৰ বতৰত ভাল খবৰ! ভয়ংকৰভাৱে হ্ৰাস পাইছে ২২, ২৪ কেৰেটৰ সোণৰ মূল্য!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!

ৰাজ্যৰ কোন জিলা প্ৰশাসনৰ এই কঠোৰ নিৰ্দেশনা?

editor by editor
November 23, 2026
in অসম, বিবিধ, লেখা
0
সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যান-বাহন আইন উলংঘা কৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলোৱাটো চালকসকলৰ বাবে বিপদজনক হৈ পৰিব পাৰে। পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি নিষিদ্ধ পথত ই-ৰিক্সা চলালে চালকসকলৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনকি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনতো ব্যৱস্থা গ্ৰহণৰ কথা প্ৰচাৰ অভিযানৰ জৰিয়তে চালকসকলক সোঁৱৰাই দিছে প্ৰশাসনে।

বিশেষকৈ আগন্তুক ৰাস মহোৎসৱক কেন্দ্ৰ কৰি বৰপেটা জিলাত যান-বাহন নিয়ন্ত্ৰণ আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত অধিক তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। ৰাস মহোৎসৱৰ সময়ছোৱাত জিলাখনলৈ যথেষ্টসংখ্যক ভক্ত, দৰ্শনাৰ্থী আৰু পৰ্যটকৰ আগমন ঘটে। ফলত পথসমূহত যান-বাহনৰ চলাচল বৃদ্ধি পোৱাৰ লগতে যান-জঁট আৰু দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পায়। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই পথ সুৰক্ষা নিশ্চিত কৰিবলৈ এই বিশেষ সজাগতা অভিযান আৰম্ভ কৰিছে প্ৰশাসনে।

বৰপেটা জিলা পথ সুৰক্ষা সমিতি, জিলা দণ্ডাধীশ আৰু ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত মাইকযোগে প্ৰচাৰ চলোৱা হৈছে। এই প্ৰচাৰ অভিযানৰ জৰিয়তে ই-ৰিক্সা চালককে ধৰি সকলো শ্ৰেণীৰ যান-বাহন চালকক যান-বাহন আইন মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

প্ৰশাসনৰ প্ৰচাৰ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলোৱাটো নিষিদ্ধ। সেয়েহে কোনো চালকে নিৰ্দেশনা উলংঘা কৰি এনে পথত ই-ৰিক্সা চলালে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে। প্ৰশাসনে স্পষ্ট কৰি দিছে যে পথ সুৰক্ষাৰ নিয়ম মানি চলাটো প্ৰতিগৰাকী চালকৰ দায়িত্ব।

কেৱল ই-ৰিক্সা চালকসকলৰ বাবেই নহয়, আন সকলো যান-বাহন চালকৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। দুচকীয়া বাহন চলোৱাৰ সময়ত প্ৰতিগৰাকী চালক আৰু আৰোহীক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱা হৈছে। একেদৰে চাৰিচকীয়া বাহন চলোৱাৰ সময়ত ছিটবেল্ট ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলি সোঁৱৰাই দিয়া হৈছে।

ইয়াৰ উপৰি সুৰাপান কৰি কোনো কাৰণতে বাহন চলাব নালাগে বুলি সকীয়াই দিছে প্ৰশাসনে। তীব্ৰগতিত বাহন চলোৱাৰ পৰা বিৰত থকাৰ লগতে গাড়ী চলাই থকা অৱস্থাত মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈও চালকসকলক আহ্বান জনোৱা হৈছে। সামান্য অসাৱধানতাইও ভয়ংকৰ পথ দুৰ্ঘটনাৰ সৃষ্টি কৰিব পাৰে বুলি প্ৰশাসনে সোঁৱৰাই দিছে।

বিশেষকৈ ৰাস মহোৎসৱৰ সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ ঘটনা বা পথ দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে সকলোকে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বৰপেটা জিলা প্ৰশাসনে। প্ৰশাসনৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা, যান-জঁট হ্ৰাস কৰা আৰু সাধাৰণ ৰাইজৰ নিৰাপদ যাতায়াত নিশ্চিত কৰা। সেয়েহে কেৱল আৰক্ষী বা প্ৰশাসনৰ ভয়ত নহয়, নিজৰ লগতে আনৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰতিগৰাকী চালকে যান-বাহন আইন আৰু পথ সুৰক্ষাৰ নিয়মসমূহ মানি চলাটো অতি প্ৰয়োজনীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি
ভাৰত

ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

November 23, 2026
সলনি হ’ব পশ্চিমবংগৰ নাম! কি হ’ব পশ্চিমবংগৰ নতুন নাম?
ভাৰত

সলনি হ’ব পশ্চিমবংগৰ নাম! কি হ’ব পশ্চিমবংগৰ নতুন নাম?

November 23, 2026
‘আমাৰ বটলৰ পানী সুৰক্ষিত!’ FSSAI ৰ জাননী সন্দৰ্ভত মুখ খুলিলে Bisleri য়ে
ভাৰত

‘আমাৰ বটলৰ পানী সুৰক্ষিত!’ FSSAI ৰ জাননী সন্দৰ্ভত মুখ খুলিলে Bisleri য়ে

November 23, 2026
‘চুক্তি নকৰিলে কৰিম যুদ্ধ!’ ইৰাণক ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে
বিশ্ব

‘চুক্তি নকৰিলে কৰিম যুদ্ধ!’ ইৰাণক ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে

November 23, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.