পশ্চিমবংগৰ নাম সলনি কৰাৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। প্ৰকৃততে ইংৰাজীত ৰাজ্যখনৰ নাম সলনিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। WestBengalৰ সলনি ইংৰাজীতো ৰাজ্যখনৰ নতুন নাম Paschim Banga কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত বিধানসভাত প্ৰস্তাৱ উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে জনোৱা অনুসৰি, ৰাজ্যখনৰ নাম সলনি কৰাৰ প্ৰস্তাৱত সোমবাৰে কেবিনেটে অনুমোদন জনাইছে। অহা ৯ ডিচেম্বৰত বিধানসভাত এই প্ৰস্তাৱ উত্থাপন কৰা হ’ব। বিধানসভাত প্ৰস্তাৱটো গৃহীত হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব। পৰৱৰ্তী সময়ত সংসদত এই প্ৰস্তাৱ দাখিল কৰা হ’ব।
উল্লেখযোগ্য যে, ৪ ডিচেম্বৰৰ পৰা পশ্চিম বংগ বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ’ব। এই অধিৱেশন ১৪ ডিচেম্বৰলৈ চলিব। অধিৱেশনৰ সময়ছোৱাতে ৯ ডিচেম্বৰত ৰাজ্যখনৰ নাম সলনিৰ প্ৰস্তাৱ উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি শমিক ভট্টাচাৰ্যই ৰাজ্যখনৰ নাম সলনি কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল। তেওঁ কৈছিল যে এই সন্দৰ্ভত অতি সোনকালে বিধানসভাত প্ৰস্তাৱ উত্থাপন কৰা হ’ব।
কিয় সলনি কৰিব বিচৰা হৈছে পশ্চিমবংগৰ নাম?
পশ্চিম বংগৰ নাম সলনি কৰাৰ বিষয়টো বহুদিনৰ পৰাই চৰ্চাত আছে। পূৰ্বৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰেও ৰাজ্যখনৰ নাম ‘বাংলা’ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত বিধানসভাত প্ৰস্তাৱটো গৃহীত কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰা নাছিল।
ৰাজ্যখনৰ নাম ইংৰাজীত ‘West Bengal’ হোৱাৰ বাবে বৰ্ণানুক্ৰমিক তালিকাত ৰাজ্যখনৰ নাম শেষৰ ফালে থাকে। ইয়াৰ ফলত বিভিন্ন চৰকাৰী আৰু প্ৰশাসনিক ক্ষেত্ৰত অসুবিধা হয় বুলি পূৰ্বেও যুক্তি দিয়া হৈছিল। সেইবাবেই নাম সলনিৰ দাবী উত্থাপন হৈ আহিছে। এইবাৰ ৰাজ্য চৰকাৰে ‘বাংলা’ৰ পৰিৱৰ্তে ‘পশ্চিম বংগ’ (Paschim Banga) নামটো বাছনি কৰিছে। নতুন নামটো ইংৰাজীতো ‘Paschim Banga’ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। কেবিনেটৰ অনুমোদনৰ পিছত এতিয়া বিধানসভাৰ প্ৰস্তাৱ আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ দিশলৈ আগবাঢ়িছে নাম সলনিৰ প্ৰক্ৰিয়া। নাম সলনিৰ প্ৰস্তাৱ বিধানসভাত গৃহীত হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই নিৰ্ধাৰণ কৰিব পশ্চিম বংগৰ নতুন নাম আনুষ্ঠানিকভাৱে কাৰ্যকৰী হ’ব নে নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















