সাপ্তাহিক ভিত্তিত সোণৰ মূল্য হ্ৰাস পাইছে। যোৱা এসপ্তাহত দেশত ২৪ কেৰেট সোণৰ মূল্য ১২,৫৪০ টকা হ্ৰাস পাইছে। ২২ নৱেম্বৰলৈকে উপলব্ধ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১,২৫,২৩০ টকা। একে সময়ছোৱাত ২২ কেৰেট সোণৰ মূল্য ১১,৫০০ টকা হ্ৰাস পাইছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত স্পট গোল্ডৰ মূল্য প্ৰতি আউন্সত ৩৫১৪.০৮ ডলাৰ। যোৱা এসপ্তাহত বিশ্বৰ বজাৰত সোণৰ মূল্য প্ৰায় ৯.৪ শতাংশ হ্ৰাস পাইছে। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰ ফালে দিল্লীৰ বুলিয়নৰ বজাৰত সোণৰ মূল্যই অভিলেখ সৃষ্টি কৰিছিল প্ৰতি ১০ গ্ৰামত ১.৮৩ লাখ টকা। তাৰ পিছৰে পৰা ইয়াৰ মূল্য ২৯.৩ শতাংশ হ্ৰাস পাইছে।
দিল্লীত ২৪ কেৰেট সোণৰ দাম ১,২৫,২৩০ টকা প্ৰতি ১০ গ্ৰাম। ২২ কেৰেট সোণৰ মূল্য ১,১৪,৮০০ টকা প্ৰতি ১০ গ্ৰাম।মুম্বাই আৰু কলকাতাঃ মুম্বাই আৰু কলকাতাত ২২ কেৰেট সোণৰ দাম ১,১৪,৬৫০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য ১,২৫,০৮০ টকা। চেন্নাইত সোণৰ মূল্যঃ ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,২৫,০৮০ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,১৪,৬৫০ টকা।
আন এটা বহুমূলীয়া ধাতু ৰূপৰ কথা ক’বলৈ গ’লে যোৱা এসপ্তাহত ইয়াৰ মূল্য ২০ হাজাৰ টকা হ্ৰাস পাইছে। ২২ নৱেম্বৰত ৰূপৰ মূল্য আছিল ১,৭৫,০০০ টকা।
ইফালে আজি গুৱাহাটীত সোণ আৰু ৰূপৰ মূল্য গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজিৰ গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ (৯৯.৯% বিশুদ্ধতা) প্ৰতি গ্ৰাম ১২,৫০৮ টকা, ২২ কেৰেট সোণৰ (৯১.৬% বিশুদ্ধতা) প্ৰতি গ্ৰাম ১১,৪৬৫ টকা, আৰু ১৮ কেৰেট সোণৰ (৭৫% বিশুদ্ধতা) প্ৰতি গ্ৰাম প্ৰতি গ্ৰাম ৯,৩৮১ টকা। আজি গুৱাহাটীত ৰূপৰ মূল্য ১৭৫ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,৭৫,০০০ টকা।
চলিত বৰ্ষৰ ২৯ জানুৱাৰীত ৰূপৰ মূল্য প্ৰতি কেজি ৪.০৪ লাখ টকাৰ অভিলেখ সৃষ্টি কৰিছিল। তাৰ পিছৰে পৰা ৰূপৰ মূল্য ৬১ শতাংশ হ্ৰাস পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত বৰ্তমান প্ৰতি আউন্স ৰূপৰ মূল্য ৪০.৯৯ ডলাৰ।
চলিত বৰ্ষৰ ২৯ জানুৱাৰীত ৰূপৰ মূল্য প্ৰতি কেজি ৪.০৪ লাখ টকাৰ অভিলেখ সৃষ্টি কৰিছিল। তাৰ পিছৰে পৰা ৰূপৰ মূল্য ৬১ শতাংশ হ্ৰাস পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত বৰ্তমান প্ৰতি আউন্স ৰূপৰ মূল্য ৪০.৯৯ ডলাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















