বিহাৰৰ মকামাৰ বিধায়ক অনন্ত সিঙৰ কন্যা শিৱাংগী সিঙৰ বিয়াক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। বিয়াখনক আকৰ্ষণীয় আৰু স্মৰণীয় কৰি তুলিবলৈ কৰা হৈছে বিশাল আয়োজন। অতিথিৰ সংখ্যা, খাদ্যৰ ব্যৱস্থা আৰু বিলাসী উপহাৰ—সকলো দিশতে বিশেষ চৰ্চা লাভ কৰিছে এই বিয়াখনে। প্ৰায় ৪ লাখ অতিথিৰ সমাগম হোৱাৰ সম্ভাৱনা থকা এই বিয়াত অতিথিসকলৰ বাবে ১৫০ বিধতকৈও অধিক খাদ্যৰ ব্যৱস্থা কৰা হৈছে। কিন্তু সকলোতকৈ বেছি চৰ্চা লাভ কৰিছে বিয়াত প্ৰস্তুত কৰা ২০ লাখ ৰসগোল্লাই।
২০ লাখ ৰসগোল্লাৰ বাবে ১৫ টেংকাৰ গাখীৰ
শিৱাংগী সিঙৰ বিয়াৰ বাবে প্ৰায় ২০ লাখ ৰসগোল্লা প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইমান বৃহৎ পৰিমাণৰ ৰসগোল্লা বনাবলৈ প্ৰয়োজন হৈছে বিপুল পৰিমাণৰ গাখীৰ। সেইবাবে ১৫খন টেংকাৰ গাখীৰৰ ব্যৱস্থা কৰা হৈছে বুলি চৰ্চা চলিছে। আনকি ইমান বৃহৎ পৰিমাণৰ গাখীৰ সভাস্থলীলৈ নিয়াৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। খবৰ অনুসৰি, পানী যোগানৰ বাবে ব্যৱহাৰ কৰা পাইপৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ গাখীৰ সৰবৰাহ কৰা হৈছে। লাখ লাখ ৰসগোল্লা প্ৰস্তুতৰ এই বিশাল আয়োজনে বিয়াখনক অধিক চৰ্চিত কৰি তুলিছে।
৪ লাখ অতিথিৰ বাবে ১৫০ বিধতকৈও অধিক ব্যঞ্জন
অনন্ত সিঙৰ কন্যাৰ বিয়াত প্ৰায় ৪ লাখ অতিথিক আপ্যায়ন কৰাৰ পৰিকল্পনা কৰা হৈছে। অতিথিসকলৰ বাবে ১৫০ বিধতকৈও অধিক খাদ্য প্ৰস্তুত কৰা হ’ব। ইয়াৰ বাবে নিৰ্মাণ কৰা হৈছে বিশাল পাকঘৰ। বিয়াৰ বিভিন্ন অনুষ্ঠানৰ বাবে প্ৰায় ২৫ বিঘা মাটি ব্যৱহাৰ কৰা হৈছে। ইয়াৰে পাঁচ বিঘা মাটি খাদ্য প্ৰস্তুতি আৰু পৰিৱেশনৰ বাবে, দহ বিঘা মাটি সাংস্কৃতিক অনুষ্ঠানৰ বাবে আৰু আন পাঁচ বিঘা মাটি বিয়াৰ মণ্ডপৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। ইমান বৃহৎ আয়োজন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ পৃথক পৃথক দল নিয়োগ কৰা হৈছে।
বিয়াৰ প্ৰস্তুতিৰ মাজতে তিনিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণে অভ্যৰ্থনা আয়োজকৰ চিন্তা বৃদ্ধি কৰিছিল। বৰষুণৰ ফলত অনুষ্ঠানস্থলীত পানী আৰু বোকা জমা হৈছিল। ইয়াৰ বাবে ঘোঁৰা দৌৰ আৰু হেলিকপ্টাৰৰ আগমনৰ দৰে বিশেষ আয়োজনত অসুবিধা হোৱাৰ আশংকা কৰা হৈছিল। কিন্তু সোমবাৰে বতৰ পৰিষ্কাৰ হোৱাৰ পিছত পুনৰ পূৰ্ণগতিত আৰম্ভ হৈছে প্ৰস্তুতি। বিধায়ক অনন্ত সিঙেও বিয়াৰ সকলো কাৰ্যসূচী পূৰ্বনিৰ্ধাৰিত পৰিকল্পনা অনুসৰিয়েই অনুষ্ঠিত হ’ব বুলি স্পষ্ট কৰিছে।
২৫ নৱেম্বৰত কন্যাৰ বিয়া, একেদিনাই পুত্ৰৰ উপনয়ন
অনন্ত সিঙৰ কনিষ্ঠ কন্যা শিৱাংগী সিঙৰ বিয়া অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব। তেওঁলোকৰ পূৰ্বপুৰুষৰ গাঁও নদৱানত অংকিত নামেৰেও পৰিচিত ঋষিকেশ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব শিৱাংগী। ইতিমধ্যে ২০ নৱেম্বৰত তিলক আৰু ফলদান অনুষ্ঠান সম্পন্ন হৈছে। ২৩ নৱেম্বৰত হালধি অনুষ্ঠান আৰু ২৪ নৱেম্বৰত মেহেন্দি তথা সংগীত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনহাতে, একেদিনাই অৰ্থাৎ ২৫ নৱেম্বৰত অনন্ত সিঙৰ কনিষ্ঠ পুত্ৰ অভিনৱ কুমাৰৰো উপনয়ন অনুষ্ঠান অনুষ্ঠিত হ’ব।
জোঁৱাইলৈ কোটি টকীয়া ডিফেণ্ডাৰ, পুত্ৰলৈ BMW!
কেৱল বিয়াৰ বিশাল আয়োজনেই নহয়, দামী উপহাৰৰ বাবেও চৰ্চালৈ আহিছে অনন্ত সিঙৰ পৰিয়াল। বিয়াৰ তিলক অনুষ্ঠানত হ’বলগীয়া জোঁৱাই ঋষিকেশ কুমাৰক প্ৰায় ২.৫ কোটিৰ পৰা ৩ কোটি টকা মূল্যৰ লেণ্ড ৰ’ভাৰ ডিফেণ্ডাৰ গাড়ী উপহাৰ দিয়াৰ কথা চৰ্চা হৈছিল। ইয়াৰ সমান্তৰালকৈ কনিষ্ঠ পুত্ৰ অভিনৱ কুমাৰৰ বাবেও প্ৰায় এক কোটি টকা মূল্যৰ BMW গাড়ী ক্ৰয় কৰাৰ বিষয়টো চৰ্চালৈ আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















