বিশ্বৰ অন্যতম বৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠান NVIDIAক লৈ শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে। পুনৰ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে দায়িত্ব লাভ কৰিছে সহ-প্ৰতিষ্ঠাপক জেনছেন হুৱাঙে। ২৩ নৱেম্বৰ, ২০২৬ তাৰিখে NVIDIAৰ পৰিচালনা সমিতিয়ে সৰ্বসন্মতিক্ৰমে তেওঁক পুনৰ CEO আৰু কোম্পানীটোৰ পৰিচালনা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে এই সিদ্ধান্ত।
উল্লেখ্য যে, ইয়াৰ মাত্ৰ ১১ দিন পূৰ্বে অৰ্থাৎ ১২ নৱেম্বৰত জেনছেন হুৱাঙে NVIDIAৰ CEO পদৰ লগতে পৰিচালনা সমিতিৰ সদস্য পদৰ পৰাও পদত্যাগ কৰিছিল। তেওঁৰ পদত্যাগৰ পিছতে কোম্পানীটোৰ মুখ্য বিত্তীয় বিষয়া (CFO) ক’লেট ক্ৰেছক অন্তৱৰ্তীকালীন CEOৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ পৰিস্থিতিৰ পৰিৱৰ্তন ঘটাই পুনৰ হুৱাঙক নেতৃত্বৰ দায়িত্ব প্ৰদান কৰিছে পৰিচালনা সমিতিয়ে।
কিয় পদত্যাগ কৰিছিল জেনছেন হুৱাঙে?
জেনছেন হুৱাঙৰ পদত্যাগৰ আঁৰত ব্যক্তিগত জীৱনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক আৰু নিৰাপত্তাজনিত উদ্বেগৰ বিষয়টো চৰ্চালৈ আহিছিল। বিভিন্ন সংবাদ প্ৰতিবেদনত তেওঁৰ একাধিক ব্যক্তিগত সম্পৰ্কক লৈ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ ভিতৰত চীনৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰা এগৰাকী ব্যৱসায়িক মহিলাৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়টোও বিশেষভাৱে চৰ্চিত হৈছিল। এই মহিলাগৰাকীৰ বিৰুদ্ধে চীনৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল। আনহাতে, NVIDIAৰ সৈতে জড়িত কিছুমান নিৰাপত্তা আৰু ব্যৱসায়িক বিষয়ক লৈও তদন্তৰ প্ৰসংগ উত্থাপন হৈছিল। এই পৰিস্থিতিৰ মাজতে ১২ নৱেম্বৰত হুৱাঙে পদত্যাগ কৰে। তেওঁৰ পদত্যাগৰ পিছত কোম্পানীটোৰ ভৱিষ্যৎ নেতৃত্বক লৈ প্ৰযুক্তি উদ্যোগ আৰু বিনিয়োগকাৰীসকলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হয়।
কিয় পুনৰ CEO হিচাপে দায়িত্ব লাভ কৰিলে?
NVIDIAৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হাৰ্ভি চি জ’নছে জনোৱা অনুসৰি, জেনছেন হুৱাঙৰ সৈতে কেইবালানি আলোচনা আৰু বৈঠকৰ অন্তত তেওঁক পুনৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সমিতিখনে হুৱাঙৰ বক্তব্য আৰু নেতৃত্ব দিয়াৰ সামৰ্থ্যৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ উপৰি, এই সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ পৰাও মতামত গ্ৰহণ কৰা হৈছিল। কোম্পানীটোৰ মতে, চৰকাৰী পৰ্যায়ৰ পৰা লাভ কৰা তথ্য আৰু পৰামৰ্শৰ ভিত্তিত হুৱাঙক পুনৰ দায়িত্ব দিয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কোনো আশংকা সৃষ্টি নহয় বুলি পৰিচালনা সমিতি নিশ্চিত হৈছে। NVIDIAৰ অধ্যক্ষ হাৰ্ভি জ’নছে কয় যে কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰ, কৰ্মচাৰী, ব্যৱসায়িক সহযোগী আৰু গ্ৰাহকৰ স্বাৰ্থৰ বাবেই জেনছেন হুৱাঙক পুনৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে।
তদন্ত অব্যাহত থাকিব, গঠন কৰা হৈছে বিশেষ সমিতি
জেনছেন হুৱাঙক পুনৰ CEOৰ দায়িত্ব প্ৰদান কৰিলেও তেওঁৰ সৈতে জড়িত বিতৰ্কৰ তদন্ত সম্পূৰ্ণৰূপে বন্ধ কৰা হোৱা নাই। NVIDIAৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে স্বতন্ত্ৰ সদস্যসকলক লৈ এখন বিশেষ তদন্ত সমিতি গঠন কৰিছে। বিদেশী চোৰাংচোৱা সংস্থাৰ কোনো প্ৰচেষ্টা বা হস্তক্ষেপৰ লক্ষ্য হুৱাং হৈছিল নেকি, সেই বিষয়টো তদন্ত কৰি চোৱা হ’ব। এই তদন্তৰ বাবে স্বাধীন আইনী পৰামৰ্শদাতাও নিয়োগ কৰা হৈছে।
ইয়াৰ উপৰি, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰপ্তানি নিয়ন্ত্ৰণ সম্পৰ্কীয় বিষয়সমূহৰ তদাৰক কৰিবলৈ আন এখন বিশেষ সমিতি গঠন কৰা হৈছে। কোম্পানীটোৱে সমগ্ৰ প্ৰতিষ্ঠানৰ নীতি-নিয়ম আৰু আইনগত অনুপালন চোৱাচিতা কৰিবলৈ নতুনকৈ Chief Compliance Officer (CCO) পদ সৃষ্টি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। ইফালে, পূৰ্বে অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব পালন কৰা ক’লেট ক্ৰেছ পুনৰ কোম্পানীটোৰ মুখ্য বিত্তীয় বিষয়া (CFO) হিচাপে দায়িত্ব পালন কৰিব। আনহাতে, হাৰ্ভি জ’নছ NVIDIAৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে বাহাল থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















