যৌতুকৰ দৰে সামাজিক ব্যাধি যে আজিও সমাজত গভীৰভাৱে শিপাই আছে, তাৰ আন এক উদাহৰণ পোহৰলৈ আহিছে। বিয়াৰ মাত্ৰ কেইদিনমান পূৰ্বে যৌতুকৰ দাবীক কেন্দ্ৰ কৰি বিয়া ভাঙি দিয়াৰ অভিযোগ উত্থাপন হৈছে দিল্লী আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ বিৰুদ্ধে। কেৱল এয়াই নহয়, যৌতুক দাবী কৰি নিলম্বিতও হবলগীয়া হৈছে যুৱক। ১৩ লাখ টকীয়া মাৰুতি ব্ৰেজা গাড়ী বিচাৰি বিয়া বাতিল কৰাৰ অভিযোগত ইতিমধ্যে নিলম্বিত কৰা হৈছে অভিযুক্ত আৰক্ষী কনিষ্টবলজনক।
ঘটনাটো হাৰিয়ানাৰ ছোনিপট অঞ্চলৰ। জানিব পৰা মতে, যুৱকজনৰ সৈতে এগৰাকী যুৱতীৰ বিয়াৰ দিন ২০ নৱেম্বৰত ধাৰ্য কৰা হৈছিল। দুয়োটা পৰিয়ালৰ মাজত বিয়াৰ প্ৰস্তুতিও চলি আছিল। কিন্তু বিয়াৰ ঠিক আগমুহূৰ্তত যৌতুকক কেন্দ্ৰ কৰি সৃষ্টি হয় বিবাদ। অভিযোগ অনুসৰি, দৰাৰ পৰিয়ালে বিয়াত ১৩ লাখ টকা মূল্যৰ এখন মাৰুতি ব্ৰেজা গাড়ী দিবলৈ দাবী জনাইছিল। এই দাবী পূৰণ কৰিব নোৱাৰাৰ বাবেই দৰাই বিয়া বাতিল কৰে।
কইনাৰ পিতৃয়ে জানিবলৈ দিয়া মতে, তেওঁ জোঁৱায়েকক উপহাৰ হিচাপে এখন গাড়ী দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিছিল। ইয়াৰ বাবে তেওঁ প্ৰায় ৯.৫ লাখ টকা মূল্যৰ এখন হুণ্ডাই অ’ৰা (Hyundai Aura) গাড়ী বুকিং কৰিছিল। কিন্তু দৰাপক্ষই সেই গাড়ী গ্ৰহণ কৰিবলৈ সন্মত নহৈ অধিক মূল্যৰ মাৰুতি ব্ৰেজা গাড়ী বিচাৰে। কইনাৰ পিতৃৰ অভিযোগ অনুসৰি, তেওঁ আৰ্থিকভাৱে ১৩ লাখ টকীয়া গাড়ীখনৰ ব্যৱস্থা কৰিবলৈ সক্ষম নোহোৱাত বিয়াখন ভাঙি দিয়া হয়।
কেৱল গাড়ীৰ দাবীয়েই নহয়, দৰাপক্ষই অতিৰিক্তভাৱে সোণ-ৰূপৰ গহনা আৰু ঘৰুৱা আচবাবো দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে কইনাৰ পৰিয়ালে। এনে পৰিস্থিতিত বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছতো শেষ মুহূৰ্তত বিয়াখন বাতিল হোৱাত কইনাৰ পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।
ইফালে, ঘটনাটোক লৈ ছোনিপট আৰক্ষীৰ ওচৰত ইতিমধ্যে লিখিত অভিযোগ দাখিল কৰা হৈছে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আনহাতে, যৌতুক দাবী কৰি বিয়া বাতিল কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে দিল্লী আৰক্ষীৰ বিভাগীয় কৰ্তৃপক্ষই কনিষ্টবলজনক নিলম্বন কৰিছে। তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে।
উল্লেখ্য যে, ভাৰতত যৌতুক প্ৰথা আইন অনুসৰি নিষিদ্ধ। তথাপি সমাজৰ বিভিন্ন প্ৰান্তত বিয়াৰ নামত ধন-সম্পত্তি, গাড়ী, গহনা আৰু অন্যান্য সামগ্ৰী দাবী কৰাৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে। এই ঘটনাই পুনৰ এবাৰ সমাজত প্ৰচলিত যৌতুক প্ৰথাৰ ভয়াৱহ ৰূপটো উদঙাই দিছে। বিয়াৰ দৰে পৱিত্ৰ সম্পৰ্কক ধন-সম্পত্তিৰ লেনদেনৰ সৈতে জড়িত কৰাৰ এনে মানসিকতাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















