মাত্ৰ ২০ টকাৰ অটো ভাড়া দি যাত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন চুৰি কৰে তিনিগৰাকী মহিলাই। চুৰিৰ এই অভিনৱ কৌশলেৰে দীৰ্ঘদিন ধৰি বিভিন্ন স্থানত অপৰাধ সংঘটিত কৰি অহা এটা মহিলা চক্ৰক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। আটাইতকৈ আচৰিত কথাটো হ’ল, গ্ৰেপ্তাৰ হোৱা তিনিগৰাকী মহিলা একেটা পৰিয়ালৰ সদস্য। তেওঁলোক হৈছে শাহুৱেক, বোৱাৰী আৰু ভনীয়েক।
উত্তৰ প্ৰদেশৰ মূৰাদাবাদ আৰক্ষীয়ে বিজনৌৰৰ বাসিন্দা মনীষা, ৰাধা আৰু কবিতা নামৰ তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা চুৰি হোৱা সোণৰ শিকলিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তদন্তত প্ৰকাশ পোৱা অনুসৰি, কেৱল মূৰাদাবাদতে নহয়, সম্ভল, বিজনৌৰ আৰু চাহাৰানপুৰতো তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও চুৰিৰ গোচৰ ৰুজু হৈ আছে।
অটোৰিক্সাত উঠি ২০ টকা ভাড়া দি চুৰি
আৰক্ষীৰ তথ্য অনুসৰি, ১১ নৱেম্বৰৰ সন্ধিয়া মূৰাদাবাদৰ মাঝোলা অঞ্চলৰ এগৰাকী শিক্ষকে অটোৰিক্সাৰে ঘৰলৈ উভতি আহি আছিল। সেই সময়তে পুৰণি ৰোডৱেজ বাছ আস্থানৰ ওচৰৰ পৰা তিনিগৰাকী মহিলাই তেওঁৰ অটোৰিক্সাত উঠিছিল। কিছুদূৰ যাত্ৰা কৰাৰ পিছত মহিলাকেইগৰাকীয়ে অটো ভাড়া হিচাপে মাত্ৰ ২০ টকা দি নামি যায়। কিন্তু তেওঁলোক অটোৰ পৰা নামি যোৱাৰ পিছতহে শিক্ষকগৰাকীয়ে গম পায় যে তেওঁৰ ডিঙিত থকা সোণৰ শিকলিডাল নাই। অতি কৌশলেৰে মহিলাকেইগৰাকীয়ে তেওঁৰ ডিঙিৰ পৰা সোণৰ শিকলিডাল চুৰি কৰি লৈ গৈছিল। এই ঘটনাৰ পিছতে ভুক্তভোগীয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰি অভিযুক্তক বিচাৰি অভিযান চলায়।
শাহু, বোৱাৰী আৰু ননদে মিলি চলাইছিল চুৰি চক্ৰ
ঘটনাটোৰ তদন্তৰ বাবে চি অ’ কাটঘৰ আৰু এছ অ’ গলশ্বাহীদৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ দল গঠন কৰা হয়। আৰক্ষীয়ে অপৰাধস্থলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে। লগতে যক্ষ এপত থকা অপৰাধজনিত তথ্য আৰু ওচৰ-চুবুৰীয়া জিলাৰ আৰক্ষীৰ পৰা লাভ কৰা তথ্যৰ সহায়ত তিনিগৰাকী মহিলাক চিনাক্ত কৰিবলৈ সক্ষম হয়। পিছত আৰক্ষীয়ে অভিযান চলাই বিজনৌৰৰ পৰা শাহু, বোৱাৰী আৰু ননদক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে মহিলাকেইগৰাকীয়ে অতি পৰিকল্পিতভাৱে চুৰি কাৰ্য সংঘটিত কৰিছিল। সাধাৰণতে তেওঁলোকে ভিৰ থকা স্থান বা অটোৰিক্সাক লক্ষ্য কৰি লৈছিল। অটোৰিক্সাত আন মহিলাৰ সৈতে যাত্ৰা কৰাৰ সময়ত তেওঁলোকে বিভিন্ন কথা পাতি সহযাত্ৰীসকলক ব্যস্ত কৰি ৰাখিছিল। তাৰ পিছত অটোৰ জোকাৰণি অথবা ভিৰৰ সুযোগ লৈ অতি কৌশলেৰে ডিঙিৰ পৰা সোণৰ চেইন, মংগলসূত্ৰ আৰু অন্যান্য মূল্যৱান গহনা খুলি লৈছিল। কেৱল সোণৰ গহনাই নহয়, নগদ ধন চুৰিৰ লগতে পাৰ্চ আৰু বেগ কটাৰ কামতো তেওঁলোক পাকৈত আছিল। তেওঁলোকৰ এনে কৌশলৰ বাবে ভুক্তভোগীসকলে বহু সময়ত ঘটনাটো লগে লগে ধৰিবই পৰা নাছিল।
আন সদস্যও জড়িত থকাৰ সন্দেহ, তদন্ত অব্যাহত
আৰক্ষীৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা তিনিওগৰাকী মহিলাৰ বিৰুদ্ধে পূৰ্বৰে পৰা বিভিন্ন জিলাত চুৰিৰ গোচৰ ৰুজু হৈ আছে। মূৰাদাবাদৰ উপৰি সম্ভল, বিজনোৰ আৰু চাহাৰানপুৰতো তেওঁলোকৰ অপৰাধজনিত অভিলেখ পোৱা গৈছে। গ্ৰেপ্তাৰৰ পিছত তিনিওগৰাকী মহিলাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, এই চক্ৰটোৰ সৈতে পৰিয়ালৰ আন সদস্যও জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। সমগ্ৰ চক্ৰটোৰ নেটৱৰ্ক আৰু ইয়াৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অটোৰিক্সাত সহযাত্ৰী হিচাপে উঠি এনেদৰে চুৰি কৰা ঘটনাই এতিয়া সাধাৰণ যাত্ৰীসকলৰ মাজতো সতৰ্কতাৰ প্ৰয়োজনীয়তা পুনৰবাৰ স্পষ্ট কৰি তুলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















