• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম

1 minute ago
যৌতুকত ১৩লাখটকীয়া বাহন বিচাৰি হেৰুৱালে কনিষ্টবলৰ চাকৰি!

যৌতুকত ১৩লাখটকীয়া বাহন বিচাৰি হেৰুৱালে কনিষ্টবলৰ চাকৰি!

22 minutes ago
শাহু-বোৱাৰী-ননদৰ ভয়ংকৰ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা কেনেকৈ চুৰি কৰে অলংকাৰ?

শাহু-বোৱাৰী-ননদৰ ভয়ংকৰ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা কেনেকৈ চুৰি কৰে অলংকাৰ?

60 minutes ago
বিয়া কৰিবলৈ আহি বিৱাহস্থলীৰ পৰাই গ্ৰেপ্তাৰ দৰা

বিয়া কৰিবলৈ আহি বিৱাহস্থলীৰ পৰাই গ্ৰেপ্তাৰ দৰা

2 hours ago
১.৮৩ লাখ কৰ্মচাৰী-পেঞ্চনাৰলৈ সুখবৰ! ৪ বছৰত ৩৬% DA বৃদ্ধি!

১.৮৩ লাখ কৰ্মচাৰী-পেঞ্চনাৰলৈ সুখবৰ! ৪ বছৰত ৩৬% DA বৃদ্ধি!

3 hours ago
ছানী দেওলৰ পুত্ৰ ৰাজবীৰৰ সৈতে হ’ব নেকি শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাৰ বিৱাহ?

ছানী দেওলৰ পুত্ৰ ৰাজবীৰৰ সৈতে হ’ব নেকি শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাৰ বিৱাহ?

4 hours ago
সমগ্ৰ দেশতে চৰ্চিত এখন বিয়া, কইনাৰ অভ্যৰ্থনাত প্ৰস্তুত হ’ব ২০ লাখ ৰসগোল্লা!

সমগ্ৰ দেশতে চৰ্চিত এখন বিয়া, কইনাৰ অভ্যৰ্থনাত প্ৰস্তুত হ’ব ২০ লাখ ৰসগোল্লা!

5 hours ago
সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!

সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!

5 hours ago
ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

6 hours ago
সলনি হ’ব পশ্চিমবংগৰ নাম! কি হ’ব পশ্চিমবংগৰ নতুন নাম?

সলনি হ’ব পশ্চিমবংগৰ নাম! কি হ’ব পশ্চিমবংগৰ নতুন নাম?

6 hours ago
‘আমাৰ বটলৰ পানী সুৰক্ষিত!’ FSSAI ৰ জাননী সন্দৰ্ভত মুখ খুলিলে Bisleri য়ে

‘আমাৰ বটলৰ পানী সুৰক্ষিত!’ FSSAI ৰ জাননী সন্দৰ্ভত মুখ খুলিলে Bisleri য়ে

8 hours ago
‘চুক্তি নকৰিলে কৰিম যুদ্ধ!’ ইৰাণক ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে

‘চুক্তি নকৰিলে কৰিম যুদ্ধ!’ ইৰাণক ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে

9 hours ago
কিয় বিক্ৰী কৰা হৈছিল জুবিনৰ সপোনৰ ৰেঞ্জ ৰ’ভাৰখন? ঋণৰ বোজা শেষ কৰিবলৈ গৰিমাই লৈছিল নেকি সিদ্ধান্ত জানক

কিয় বিক্ৰী কৰা হৈছিল জুবিনৰ সপোনৰ ৰেঞ্জ ৰ’ভাৰখন? ঋণৰ বোজা শেষ কৰিবলৈ গৰিমাই লৈছিল নেকি সিদ্ধান্ত জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম

জানক কেনেকৈ কাম কৰিব এই নিয়মে

editor by editor
November 23, 2026
in নিয়োগ, ভাৰত, লেখা
0
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্মচাৰী ভৱিষ্যনিধি (EPF)ৰ গ্ৰাহকসকলৰ বাবে আহিছে এক সুখবৰ। এতিয়াৰে পৰা PFৰ ধন উলিওৱাৰ প্ৰক্ৰিয়া অধিক সহজ আৰু ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে নতুন ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা (EPFO)। নতুন ব্যৱস্থা কাৰ্যকৰী হ’লে গ্ৰাহকে UPIৰ জৰিয়তে নিজৰ PF একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব। ইয়াৰ ফলত PFৰ ধন উলিওৱাৰ বাবে দীঘলীয়া প্ৰক্ৰিয়া আৰু অপেক্ষাৰ সময় কমিব বুলি আশা কৰা হৈছে।

ফাইনেন্সিয়েল এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, EPFOৰ এই নতুন UPI Withdrawal সুবিধা ডিচেম্বৰৰ শেষৰ ফালে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকে BHIM এপ ব্যৱহাৰ কৰি নিজৰ পিএফৰ ধন উলিয়াব পাৰিব। কেৱল ধন উলিওৱাই নহয়, গ্ৰাহকে কিমান ধন উলিয়াব পাৰিব আৰু অৱসৰৰ বাবে একাউণ্টত কিমান ধন ৰাখিব লাগিব, সেই বিষয়েও তথ্য লাভ কৰিব পাৰিব।

UPIৰ জৰিয়তে PFৰ ধন কেনেকৈ উলিয়াব পাৰিব?

নতুন ব্যৱস্থাটো গ্ৰাহকৰ Universal Account Number (UAN) আৰু UPI একাউণ্টৰ সৈতে সংযুক্ত থাকিব। অৰ্থাৎ, UANৰ সৈতে সংযুক্ত আৰু EPFOৰ দ্বাৰা যাচাই কৰা বেংক একাউণ্টৰ জৰিয়তেহে এই সুবিধা লাভ কৰিব পাৰিব। প্ৰতিবেদন অনুসৰি, গ্ৰাহকে নিজৰ PFৰ জমা ধনৰ ৭৫ শতাংশ পৰ্যন্ত উলিয়াব পাৰিব। অৱশ্যে, এই সন্দৰ্ভত চূড়ান্ত সীমা আৰু নিয়ম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। নতুন ব্যৱস্থাটো কাৰ্যকৰী হোৱাৰ পিছত ধন উলিওৱাৰ প্ৰক্ৰিয়া অধিক সহজ হ’ব বুলি আশা কৰা হৈছে।

ইয়াৰ উপৰি, EPFOৰ PF একাউণ্টত বাধ্যতামূলক ন্যূনতম বেলেঞ্চৰ পৰিমাণ ২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱো উত্থাপন হৈছে। এই প্ৰস্তাৱ কাৰ্যকৰী হ’লে গ্ৰাহকে নিজৰ জমা ধনৰ অধিক অংশ উলিয়াব পাৰিব। বৰ্তমানৰ ৭৫ শতাংশ উলিওৱাৰ সীমা বৃদ্ধি কৰি ৯০ শতাংশ পৰ্যন্ত কৰাৰ সম্ভাৱনাও আছে।

অন্য়ান্য নিয়মো সহজ কৰা হৈছে

EPFOৰ সদস্যসকলে চাকৰি কৰি থকা অৱস্থাতো বিভিন্ন প্ৰয়োজনত PFৰ ধন আংশিকভাৱে উলিয়াব পাৰে। ইয়াৰ বাবে শিক্ষা, বিৱাহ, চিকিৎসা, গৃহ নিৰ্মাণ আদি বিভিন্ন কাৰণত ধন উলিওৱাৰ সুবিধা আছে। পূৰ্বে আংশিক ধন উলিওৱাৰ ক্ষেত্ৰত ১৩টা পৃথক নিয়ম আছিল। এতিয়া এই নিয়মসমূহ সহজ কৰি তিনিটা মূল ভাগত বিভক্ত কৰা হৈছে—
– অত্যাৱশ্যকীয় প্ৰয়োজন: চিকিৎসা আৰু অন্যান্য জৰুৰী প্ৰয়োজনৰ বাবে।
– গৃহ নিৰ্মাণৰ প্ৰয়োজন: ঘৰ ক্ৰয়, নিৰ্মাণ বা গৃহ ঋণৰ সৈতে জড়িত প্ৰয়োজনৰ বাবে।
– বিশেষ পৰিস্থিতি: অন্যান্য অনুমোদিত বিশেষ কাৰণত ধন উলিওৱাৰ বাবে।
নতুন নিয়ম অনুসৰি, শিক্ষাৰ বাবে ১০বাৰ আৰু বিৱাহৰ বাবে ৫বাৰ PFৰ ধন উলিওৱাৰ সুবিধা থাকিব। পূৰ্বে এই দুটা কাৰণত মাত্ৰ তিনিবাৰহে ধন উলিওৱাৰ অনুমতি আছিল। ইয়াৰ লগতে, যোগ্য আংশিক ধন উলিওৱাৰ দাবীৰ ক্ষেত্ৰত ন্যূনতম চাকৰিৰ সময়সীমা ১২ মাহ নিৰ্ধাৰণ কৰা হৈছে। আনহাতে, অটো-ছেটেলমেণ্টৰ সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত যোগ্য গ্ৰাহকৰ দাবী অধিক ক্ষিপ্ৰতাৰে নিষ্পত্তি হোৱাৰ সম্ভাৱনা আছে।

কি এই EPFO 3.0?

EPFO 3.0 হৈছে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ সেৱা আৰু প্ৰযুক্তিগত ব্যৱস্থাৰ আধুনিকীকৰণৰ এক বৃহৎ পদক্ষেপ। ইয়াৰ মূল লক্ষ্য হৈছে PFৰ সৈতে জড়িত কাম-কাজ অধিক সহজ, দ্ৰুত আৰু ডিজিটেল কৰা। এই নতুন ব্যৱস্থাৰ জৰিয়তে PFৰ ধন উলিওৱাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ লগতে কাগজ-পত্ৰৰ ব্যৱহাৰ কমোৱা, দাবী নিষ্পত্তি সহজ কৰা আৰু গ্ৰাহকসকলক একেটা ডিজিটেল মঞ্চৰ জৰিয়তে বিভিন্ন সেৱা প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে।

EPFO 3.0ৰ অধীনত সম্ভাৱ্য সুবিধাসমূহ হ’ল—
– UPIৰ জৰিয়তে সহজে পিএফৰ ধন উলিওৱা।
– দাবী নিষ্পত্তিৰ সময় হ্ৰাস কৰা।
– কাগজ-পত্ৰৰ ব্যৱহাৰ কমোৱা।
– একাধিক ভাষাত ডিজিটেল সেৱা লাভৰ সুবিধা।
– পে-ৰোল আৰু পিএফ জমা প্ৰক্ৰিয়া অধিক সহজ কৰা।
– গ্ৰাহকৰ বাবে স্ব-সেৱা (Self-service) ব্যৱস্থা উন্নত কৰা।

গ্ৰাহকৰ বাবে কিমান সুবিধাজনক হ’ব নতুন ব্যৱস্থা?

নতুন UPI ব্যৱস্থা কাৰ্যকৰী হ’লে পিএফৰ ধন উলিওৱাৰ বাবে আগৰ দৰে জটিল প্ৰক্ৰিয়াৰ মাজেৰে যাবলগীয়া নহ’ব পাৰে। বিশেষকৈ জৰুৰী সময়ত চিকিৎসা, শিক্ষা, বিবাহ বা অন্যান্য প্ৰয়োজনত ধনৰ প্ৰয়োজন হোৱা গ্ৰাহকৰ বাবে এই ব্যৱস্থা যথেষ্ট সহায়ক হ’ব পাৰে। অৱশ্যে, UPIৰ জৰিয়তে পিএফৰ ধন উলিওৱাৰ সুবিধা, উলিওৱাৰ সীমা আৰু চূড়ান্ত নিয়মসমূহ EPFOৰ আনুষ্ঠানিক ঘোষণা অনুসৰি নিৰ্ধাৰণ কৰা হ’ব। সেয়েহে নতুন ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পিছতহে গ্ৰাহকে সুনিৰ্দিষ্ট নিয়ম আৰু সুবিধাসমূহ জানিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যৌতুকত ১৩লাখটকীয়া বাহন বিচাৰি হেৰুৱালে কনিষ্টবলৰ চাকৰি!
অপৰাধ

যৌতুকত ১৩লাখটকীয়া বাহন বিচাৰি হেৰুৱালে কনিষ্টবলৰ চাকৰি!

November 23, 2026
শাহু-বোৱাৰী-ননদৰ ভয়ংকৰ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা কেনেকৈ চুৰি কৰে অলংকাৰ?
অপৰাধ

শাহু-বোৱাৰী-ননদৰ ভয়ংকৰ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা কেনেকৈ চুৰি কৰে অলংকাৰ?

November 23, 2026
বিয়া কৰিবলৈ আহি বিৱাহস্থলীৰ পৰাই গ্ৰেপ্তাৰ দৰা
ভাৰত

বিয়া কৰিবলৈ আহি বিৱাহস্থলীৰ পৰাই গ্ৰেপ্তাৰ দৰা

November 23, 2026
১.৮৩ লাখ কৰ্মচাৰী-পেঞ্চনাৰলৈ সুখবৰ! ৪ বছৰত ৩৬% DA বৃদ্ধি!
উত্তৰ-পূব

১.৮৩ লাখ কৰ্মচাৰী-পেঞ্চনাৰলৈ সুখবৰ! ৪ বছৰত ৩৬% DA বৃদ্ধি!

November 23, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.