জুবিন গাৰ্গৰ প্ৰস্থানৰ পিছৰে পৰা মানসিকভাৱে ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ। ঈশ্বৰপুত্ৰক হেৰুৱাই শোকত ডুবি থকা গৰিমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক তথা শুভাকাংক্ষীসকল। গৰিমা গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসক ডাঃ হিতেশ বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁৰ মতে, বৰ্তমান গৰিমাৰ স্বাস্থ্য ঠিকেই আছে যদিও মানসিক অশান্তি, অনিয়মিত খাদ্যাভ্যাস আৰু টোপনিৰ সমস্যাই তেওঁক যথেষ্ট কষ্ট দিছে।
চিকিৎসক ডাঃ হিতেশ বৰুৱাই জানিবলৈ দিয়া অনুসৰি, গৰিমা গাৰ্গে মানসিকভাৱে যথেষ্ট অশান্তিৰ মাজেৰে পাৰ কৰিছে সময়। তেওঁৰ সৈতে কথা পাতোঁতে গৰিমাই নিজৰ মানসিক অৱস্থাৰ কথা প্ৰকাশ কৰিছে। আনকি কান্দি কান্দি গৰিমাই চিকিৎসকগৰাকীক ‘মই হয়তো জীয়াই নাথাকিম’ বুলিও মন্তব্য কৰা বুলি জানিবলৈ দিয়ে। গৰিমাৰ এনে কথাই তেওঁৰ মানসিক অৱস্থাৰ গভীৰতা প্ৰকাশ কৰিছে।
ডাঃ হিতেশ বৰুৱাই কয় যে গৰিমাৰ মানসিক চিন্তাই তেওঁক যথেষ্ট প্ৰভাৱিত কৰিছে। এই পৰিস্থিতিত তেওঁ নিজকে মানসিকভাৱে ধৰি ৰাখিবলৈ অসুবিধা পাইছে। সেয়ে বিষয়টোক তেওঁ গভীৰভাৱে লৈছে আৰু গৰিমাৰ বাবে উপযুক্ত মানসিক চিকিৎসা তথা কাউন্সিলিঙৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে।
চিকিৎসকগৰাকীৰ মতে, গৰিমা গাৰ্গৰ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থা ঠিকেই আছে। কিন্তু তেওঁৰ টোপনিৰ সমস্যাই দেখা দিছে। বিশেষকৈ নিশাৰ ভাগত টোপনি নাহে বুলি জানিবলৈ দিছে। ইয়াৰ উপৰি খোৱা-বোৱা আৰু শোৱাৰ সময়ো অনিয়মিত হৈ পৰিছে। এনে অৱস্থাত গৰিমাক মানসিক আৰু শাৰীৰিক দুয়ো দিশতে জিৰণিৰ প্ৰয়োজন।
ডাঃ হিতেশ বৰুৱাই স্পষ্ট কৰি দিয়ে যে গৰিমা গাৰ্গক কেৱল শাৰীৰিক চিকিৎসাই যথেষ্ট নহ’ব। তেওঁৰ মানসিক অৱস্থাৰ প্ৰতিও সমান গুৰুত্ব দিব লাগিব। সেয়ে তেওঁক কাউন্সিলিঙৰ যথেষ্ট প্ৰয়োজন আছে। মানসিক চাপ কমোৱা, নিয়মিত টোপনি আৰু খাদ্যাভ্যাস পুনৰ স্বাভাৱিক কৰি তোলাৰ দিশত বিশেষ গুৰুত্ব দিব লাগিব।
ইফালে, গৰিমা গাৰ্গৰ উন্নত চিকিৎসাৰ বাবে তেওঁক মুম্বাইলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে। উন্নত চিকিৎসা আৰু মানসিক পৰামৰ্শৰ জৰিয়তে গৰিমাক সুস্থ কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হ’ব। চিকিৎসক ডাঃ হিতেশ বৰুৱাই অসমবাসীৰ প্ৰতি এক কাতৰ আহ্বান জনাইছে। তেওঁ কয় যে গৰিমা গাৰ্গক লৈ কোনো ধৰণৰ টনা-আজোৰা কৰা উচিত নহয়। এই কঠিন সময়ত তেওঁক মানসিক শান্তি আৰু সহায়ৰ প্ৰয়োজন। ৰাইজে গৰিমাৰ প্ৰতি সহানুভূতিশীল হ’ব লাগে আৰু তেওঁৰ ব্যক্তিগত পৰিসৰক সন্মান জনাব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















