ৰাজ্যৰ পৰ্যটন আৰু যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ লক্ষ্যৰে পাঁচটা গুৰুত্বপূৰ্ণ স্থানত ৰোপৱে নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই প্ৰকল্পসমূহ ৰূপায়ণৰ বাবে ৰোপৱে ডেভেলপমেণ্ট অথৰিটীৰ উদ্যোগত ভাৰত চৰকাৰৰ সৈতে এক চুক্তি সম্পন্ন হৈছে। ইয়াৰ উপৰি আজিৰ ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন কাউন্সিল গঠন, ছেটেলাইট চিটী এক্টত অনুমোদন, বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু নেলীত ডিফেন্স পাৰ্ক নিৰ্মাণৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।
ৰাজ্যৰ ৫টা স্থানত নিৰ্মাণ হ’ব ৰোপৱে
ৰাজ্যৰ পাঁচটা গুৰুত্বপূৰ্ণ স্থানত ৰোপৱে নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই প্ৰকল্পসমূহৰ মুঠ ব্যয়ৰ ৫১ শতাংশ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। আনহাতে, বাকী ৪৯ শতাংশ ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে। এই ৰোপৱে প্ৰকল্পসমূহ সম্পূৰ্ণ হ’লে পৰ্যটকৰ যাতায়াত অধিক সহজ হোৱাৰ লগতে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন আৰু স্থানীয় অৰ্থনীতিৰ বিকাশত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
ৰাজ্যৰ যি পাঁচটা স্থানত ৰোপৱে নিৰ্মাণ কৰা হ’ব, সেই স্থানসমূহ হৈছে—
১. কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ: মা কামাখ্যা মন্দিৰলৈ অহা ভক্ত আৰু পৰ্যটকৰ যাতায়াত সহজ কৰাৰ উদ্দেশ্যে এই ৰোপৱে নিৰ্মাণ কৰা হ’ব।
২. খানাপাৰাৰ পৰা গুৱাহাটী ৰে’লৱে ষ্টেচনলৈ: মহানগৰীৰ যাতায়াত ব্যৱস্থা অধিক উন্নত আৰু সুচল কৰাৰ লক্ষ্যৰে এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব।
৩. বৰাক উপত্যকাৰ গংগানগৰৰ পৰা ভুবন পাহাৰৰ মহাদেৱ মন্দিৰলৈ: ধৰ্মীয় পৰ্যটনৰ বিকাশ আৰু ভক্তসকলৰ যাতায়াতৰ সুবিধাৰ্থে এই ৰোপৱে নিৰ্মাণ কৰা হ’ব।
৪. হেম্পিপেট পিকৰ পৰা জাতিংগালৈ: পাহাৰীয়া অঞ্চলৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰাৰ লক্ষ্যৰে এই প্ৰকল্প গ্ৰহণ কৰা হৈছে।
৫. তেজপুৰৰ অগ্নিগড়ৰ পৰা ভৈৰৱী মন্দিৰলৈ: ধৰ্মীয় পৰ্যটনৰ উন্নয়ন আৰু পৰ্যটকৰ যাতায়াত সহজ কৰাৰ উদ্দেশ্যে এই ৰোপৱে নিৰ্মাণ কৰা হ’ব। এই পাঁচটা ৰোপৱে প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ’ব বুলি আশা কৰা হৈছে।
আজিৰ ৰাজ্যিক কেবিনেট বৈঠকত নতুনকৈ ১৫টা কাউন্সিল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰৰ বিভিন্ন আঁচনি আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত এই কাউন্সিলসমূহে সহায় কৰিব। কেবিনেটৰ সিদ্ধান্ত অনুসৰি, এই কাউন্সিলসমূহৰ অধ্যক্ষসকলে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব।
ছেটেলাইট চিটী এক্টত কেবিনেটৰ অনুমোদন
ৰাজ্যৰ নগৰ উন্নয়নৰ ক্ষেত্ৰতো আজিৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ছেটেলাইট চিটী এক্টত অনুমোদন জনোৱা হয় কেবিনেটত। এই আইনৰ জৰিয়তে ভৱিষ্যতে নগৰ উন্নয়নৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি হোৱাৰ আশা কৰা হৈছে।
বাল্য বিৱাহ, বহু বিৱাহ কৰা কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি
বাল্য বিৱাহ আৰু বহু বিৱাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, কোনো চৰকাৰী কৰ্মচাৰীয়ে বাল্য বিবাহ সম্পন্ন কৰিলে তেওঁ চাকৰি হেৰুৱাব লাগিব। বাল্য বিৱাহ, বহু বিৱাহৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ লক্ষ্যৰে চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাজ্যত নিৰ্মাণ হব ডিফেন্স পাৰ্ক
আজিৰ কেবিনেট বৈঠকত নেলীত ডিফেন্স পাৰ্ক নিৰ্মাণৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। প্ৰায় ৬ হাজাৰ বিঘা ভূমিত এই ডিফেন্স পাৰ্ক নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পই ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
ন-ৰূপ পাব জুবিনক্ষেত্ৰই
অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰকল্প জুবিন ক্ষেত্ৰৰ কাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আগন্তুক ১০ দিনৰ ভিতৰত জুবিন ক্ষেত্ৰৰ প্ৰকল্পৰ কামত অনুমোদন জনোৱা হ’ব বুলি জানিব পৰা গৈছে। জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ বাবে পূৰ্বতে মনোজ আগৰৱালা নামৰ এজন ব্যক্তিৰ দুবিঘা ভূমি আছিল। এই ভূমিৰ পৰিৱৰ্তে চৰকাৰে তেওঁক চন্দ্ৰপুৰত দুবিঘা ভূমি প্ৰদান কৰে। ভূমি হস্তান্তৰৰ এই প্ৰক্ৰিয়াৰ বাবে জুবিন ক্ষেত্ৰৰ প্ৰকল্পৰ কাম কিছু মন্থৰ হৈ পৰিছিল। এতিয়া এই সমস্যাৰ সমাধানৰ পিছত প্ৰকল্পটোৰ কাম আগবঢ়াই নিয়াৰ পথ মুকলি হৈছে। আগন্তুক ১০ দিনৰ ভিতৰত অনুমোদন লাভ কৰিলে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যই নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















