WhatsApp ব্যৱহাৰকাৰীসকলৰ বাবে আহিছে এক নতুন সুবিধা। এইবাৰ METAৰ মালিকানাধীন জনপ্ৰিয় মেছেজিং এপটোৱে Smart Text Actions (স্মাৰ্ট টেক্সট একচনছ) নামৰ নতুন ফিচাৰ মুকলি কৰিবলৈ আৰম্ভ কৰিছে। এই ফিচাৰৰ সহায়ত WhatsAppৰ CHATত অহা ফোন নম্বৰ, তাৰিখ, সময়, ইমেইল আৰু ঠিকনাৰ সৈতে জড়িত বিভিন্ন কাম পোনপটীয়াকৈ এপটোৰ ভিতৰতে কৰিব পাৰিব। ফলত সৰু সৰু কামৰ বাবে বাৰে বাৰে আন এপ খোলাৰ প্ৰয়োজন নোহোৱা হ’ব। এই নতুন ফিচাৰটো Android আৰু iOS দুয়োটা অপাৰেটিং চিষ্টেমৰ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
কি এই Smart Text Actions ফিচাৰ?
WABetaInfoৰ প্ৰতিবেদন অনুসৰি, WhatsApp-এ Smart Text Actions ফিচাৰটো সীমিত সংখ্যক ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে। বৰ্তমান Android আৰু iOSৰ নতুন সংস্কৰণ ব্যৱহাৰ কৰা কিছুসংখ্যক লোকেহে এই সুবিধা লাভ কৰিছে। পৰৱৰ্তী সময়ত কোম্পানীটোৱে ক্ৰমান্বয়ে সকলো ব্যৱহাৰকাৰীৰ বাবে এই ফিচাৰ মুকলি কৰিব পাৰে। এই ফিচাৰৰ জৰিয়তে WhatsApp-এ CHATত থকা বিশেষ তথ্যসমূহ স্বয়ংক্ৰিয়ভাৱে চিনাক্ত কৰিব। ইয়াৰ ভিতৰত থাকিব ফোন নম্বৰ, তাৰিখ, সময়, ই-মেইল ঠিকনা, Location আদি।
WhatsApp-এ কোনো বিশেষ তথ্য চিনাক্ত কৰিলে সেই লিখনীৰ তলত ডটযুক্ত এটা ৰেখা দেখা যাব। সেই লিখনীৰ ওপৰত টেপ কৰিলে বা কিছুসময় ধৰি টিপি ৰাখিলে এটা পপ-আপ মেনু খুলিব। ইয়াত সংশ্লিষ্ট তথ্যৰ সৈতে জড়িত বিভিন্ন কাম কৰাৰ বিকল্প উপলব্ধ হ’ব।
সকলোতে থাকিব শ্বৰ্টকাট
নতুন Smart Text Actions ফিচাৰৰ জৰিয়তে WhatsApp ব্যৱহাৰকাৰীয়ে বিভিন্ন কাম অতি সহজে শ্বৰ্টকাটৰ জৰিয়তে কৰিব পাৰিব।
ফোন নম্বৰ: কোনো ব্যক্তিয়ে CHATত ফোন নম্বৰ পঠিয়ালে সেই নম্বৰ কপি কৰিব পাৰিব, কণ্টেক্টত ছেভ কৰিব পাৰিব অথবা পোনপটীয়াকৈ ফোন কৰিব পাৰিব।
তাৰিখ আৰু সময়: WhatsAppৰ CHATত কোনো বিশেষ তাৰিখ বা সময় উল্লেখ থাকিলে সেই তথ্য ফোনৰ কেলেণ্ডাৰত যোগ কৰিব পাৰিব। লগতে নতুন ইভেণ্ট তৈয়াৰ কৰাৰ সুবিধাও থাকিব।
ঠিকনা বা লোকেচন: কোনো ব্যক্তিয়ে WhatsAppত ঠিকনা পঠিয়ালে সেই ঠিকনাত টেপ কৰি পোনপটীয়াকৈ মেপ এপত লোকেচন খুলিব পাৰিব। ইয়াৰ ফলত স্থান বিচাৰি উলিওৱাটো সহজ হ’ব।
ইমেইল ঠিকনা: চেটত কোনো ইমেইল ঠিকনা আহিলে ব্যৱহাৰকাৰীয়ে নিজৰ ডিফল্ট ইমেইল এপৰ জৰিয়তে পোনপটীয়াকৈ ইমেইল প্ৰেৰণ কৰিব পাৰিব।
WhatsAppত ইয়াৰে কিছুমান সুবিধা আগৰে পৰা উপলব্ধ আছিল। কিন্তু নতুন Smart Text Actions ফিচাৰৰ জৰিয়তে এই সকলোবোৰ বিকল্প একে ঠাইতে অধিক সুসংগঠিত ৰূপত ব্যৱহাৰ কৰিব পৰা যাব। এই ফিচাৰটো WhatsAppত পঠিওৱা আৰু লাভ কৰা দুয়ো ধৰণৰ মেছেজৰ ক্ষেত্ৰতে কাম কৰিব। অৱশ্যে কোনো ব্যৱহাৰকাৰীয়ে এই শ্বৰ্টকাটসমূহ ব্যৱহাৰ কৰিব নিবিচাৰিলে স্বাভাৱিকভাৱে মেছেজ পঢ়িব আৰু পঠিয়াব পাৰিব।
ব্যৱহাৰকাৰীৰ মতামতো ল’ব WhatsAppএ
নতুন ফিচাৰটোৰ সৈতে WhatsAppএ ব্যৱহাৰকাৰীৰ মতামত গ্ৰহণ কৰাৰ সুবিধাও আগবঢ়াব পাৰে। কোনো শ্বৰ্টকাট ব্যৱহাৰ কৰাৰ পিছত স্ক্ৰীণত ফিডবেকৰ বিকল্প দেখা যাব পাৰে। ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ফিচাৰটো কিমান উপযোগী সেই বিষয়ে নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব। উল্লেখযোগ্য যে, WhatsAppএ এতিয়ালৈকে Smart Text Actions ফিচাৰটোৰ আনুষ্ঠানিকভাৱে সম্পূৰ্ণ মুকলিৰ ঘোষণা কৰা নাই। বৰ্তমান সীমিত সংখ্যক ব্যৱহাৰকাৰীৰ মাজত ইয়াৰ ৰোলআউট আৰম্ভ হৈছে। আগন্তুক দিনত অধিক ব্যৱহাৰকাৰীয়ে এই নতুন সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















