বেংক জালিয়াতি আৰু বিত্তীয় অনিয়মৰ অভিযোগত ৰিলায়েন্স অনিল অম্বানী গ্ৰুপৰ বিৰুদ্ধে পুনৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে (ED)। তদন্তকাৰী সংস্থাটোৱে গ্ৰুপটোৰ সৈতে জড়িত বিভিন্ন কোম্পানীৰ বেংক জালিয়াতিৰ গোচৰৰ তদন্তৰ অংশ হিচাপে ৫১০.১৭ কোটি টকা মূল্যৰ সম্পত্তি অস্থায়ীভাৱে জব্দ কৰিছে। EDৰ এই নতুন পদক্ষেপৰ পিছত অনিল অম্বানী গ্ৰুপৰ এতিয়ালৈকে জব্দ আৰু বাজেয়াপ্ত কৰা সম্পত্তিৰ মুঠ মূল্য ২৩,১০০ কোটি টকা অতিক্ৰম কৰিছে।
নতুনকৈ কিমান সম্পত্তি জব্দ EDৰ?
প্ৰৱৰ্তন সঞ্চালকালয়ৰ তথ্য অনুসৰি, এইবাৰৰ অভিযান ৰিলায়েন্স কমিউনিকেশ্যনছ লিমিটেড (RCOM) আৰু ৰিলায়েন্স হোম ফাইনেন্স লিমিটেড (RHFL) তথা ৰিলায়েন্স কমাৰ্চিয়েল ফাইনেন্স লিমিটেড (RCFL)-ৰ সৈতে জড়িত বেংক জালিয়াতিৰ গোচৰত কৰা হৈছে। দুটা পৃথক গোচৰত ইডিয়ে মুঠ ৫১০.১৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে।
ৰিলায়েন্স হোম ফাইনেন্স আৰু ৰিলায়েন্স কমাৰ্চিয়েল ফাইনেন্সৰ গোচৰত ২৬৩.০৫ কোটি টকা মূল্যৰ সম্পত্তি জব্দ কৰা হৈছে। আনহাতে ৰিলায়েন্স কমিউনিকেশ্যনছ (RCOM)ৰ গোচৰত ২৪৭.১২ কোটি টকা মূল্যৰ সম্পত্তি জব্দ কৰিছে তদন্তকাৰী সংস্থাটোৱে।
কি কি সম্পত্তি জব্দ?
EDৰ এই অভিযানত কেৱল ভূমি বা কাৰ্যালয়েই নহয়, চাৰ্টাৰ্ড বিমান, বেংকৰ জমা ধন আৰু বিভিন্ন বিনিয়োগো অন্তৰ্ভুক্ত হৈছে। এই গোচৰত দুখন চাৰ্টাৰ্ড বিমান, ছটা ভূমিখণ্ড আৰু এটা কাৰ্যালয় চৌহদ জব্দ কৰা হৈছে। আনহাতে ৰিলায়েন্স হোম ফাইনেন্স আৰু কমাৰ্চিয়েল ফাইনেন্সৰ গোচৰত জব্দ কৰা সম্পত্তিৰ ভিতৰত আছে তামিলনাডুত অৱস্থিত দুটা পৱন চক্কি, বেংকৰ জমা ধন, ফিক্সড ডিপ’জিট (FD), বিভিন্ন বিনিয়োগ আৰু আদায় কৰিবলগীয়া ধন জব্দ কৰা হৈছে।
EDৰ তদন্তত অভিযোগ উঠিছে যে অনিল অম্বানী গ্ৰুপৰ কিছুমান কোম্পানীয়ে বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ হিচাপে লোৱা ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰিছিল। তদন্তকাৰী সংস্থাটোৰ অভিযোগ অনুসৰি, কোম্পানীৰ সম্পত্তি ব্যক্তিগত ব্যৱহাৰৰ বাবে সুৰক্ষিত কৰিবলৈ ইনছলভেন্সি এণ্ড ব্ৰেংক্ৰাপ্টচি কোড (IBC) আইন অপব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰি ভাৰতৰ ৰাজহুৱা ধন বিদেশৰ কৰ ৰেহাই দিয়া দেশসমূহলৈ (Tax Haven) স্থানান্তৰ কৰাৰ অভিযোগো উত্থাপন হৈছে। EDৰ মতে, এই ধনৰ এটা বৃহৎ অংশ প্ৰমোটাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ ব্যক্তিগত লাভৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
তদন্তৰ আওতাত আছে গ্ৰুপটোৰ ৬টা কোম্পানী
অনিল অম্বানী গ্ৰুপৰ বিৰুদ্ধে চলি থকা তদন্তত ছটা মুখ্য কোম্পানী অন্তৰ্ভুক্ত হৈছে।
– ৰিলায়েন্স কমিউনিকেশ্যনছ লিমিটেড
– ৰিলায়েন্স হোম ফাইনেন্স লিমিটেড
– ৰিলায়েন্স কমাৰ্চিয়েল ফাইনেন্স লিমিটেড
– ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড
– ৰিলায়েন্স পাৱাৰ লিমিটেড
– ৰিলায়েন্স কেপিটেল লিমিটেড
উল্লেখযোগ্য যে, ওপৰত উল্লেখ কৰা বিত্তীয় অনিয়ম আৰু ধন অপব্যৱহাৰৰ বিষয়সমূহ তদন্তকাৰী সংস্থাৰ অভিযোগ। আদালতৰ চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে এই অভিযোগসমূহক প্ৰমাণিত অপৰাধ হিচাপে গণ্য কৰা উচিত নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















