গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, কিন্তু তাৰ নামত কোনো ৰাজহুৱা স্থান অনিৰ্দিষ্টকাললৈ দখল কৰি ৰাখিব নোৱাৰিব। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ অভিযানক প্ৰত্যাহ্বান জনাই দাখিল কৰা কেইবাখনো আবেদন শুনানি গ্ৰহণ কৰি মঙলবাৰে এই মন্তব্য কৰে শীৰ্ষ আদালতখনে।
প্ৰতিবাদৰ অধিকাৰ, আৰক্ষীৰ কঠোৰ ব্যৱস্থা, ৰাজহুৱা স্থানত প্ৰতিবাদৰ সীমাবদ্ধতা আৰু প্ৰতিবাদৰ ফলত ব্যৱসায়-বাণিজ্যৰ ওপৰত পৰা প্ৰভাৱক লৈ আদালতত তীব্ৰ আলোচনা হয়। এই গোচৰত কেন্দ্ৰীয় চৰকাৰ আৰু আন সংশ্লিষ্ট পক্ষসমূহলৈ জাননী জাৰি কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ জে ভি মহনাৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰে।
দিল্লীৰ বিভিন্ন প্ৰতিবাদস্থলী ব্যৱহাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ে বিষয়টো পৰ্যালোচনা কৰে। বিশেষকৈ উৎসৱৰ বতৰত প্ৰতিবাদৰ ফলত ব্যৱসায়-বাণিজ্যত হোৱা ক্ষতিৰ কথা উল্লেখ কৰি ব্যৱসায়ী সংগঠনসমূহে প্ৰতিবাদৰ ওপৰত কিছু নিয়ন্ত্ৰণ আৰোপ কৰিবলৈ দাবী জনাইছে। ইয়াৰ পূৰ্বৰ শুনানিত আদালতে দিল্লীত প্ৰতিবাদৰ সময়ত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)ৰ ১৬৩ ধাৰাৰ অধীনত জাৰি কৰা নিৰ্দেশসমূহ আদালতত দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল।
কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জনায় যে চৰকাৰৰ উত্তৰত পাঁচটা বিষয় সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত হেবিয়াছ কৰ্পাছ আবেদন, সাংবাদিক, অধিবক্তা আৰু জন্তৰ-মন্তৰ প্ৰতিবাদস্থলী বাতিল কৰাৰ বিষয়ো অন্তৰ্ভুক্ত আছে। আনহাতে, আবেদনকাৰীসকলৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা মেনকা গুৰুস্বামীয়ে কয় যে BNSSৰ ১৬৩ ধাৰাৰ অধীনত জাৰি কৰা নিৰ্দেশসমূহ পৃথককৈ আদালতত দাখিল কৰা উচিত। দিল্লী আৰক্ষীয়ে নিজৰ যুক্তি দাখিল কৰিছে যদিও সংশ্লিষ্ট নিৰ্দেশটো আদালতৰ নথিত অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি তেওঁ অভিযোগ কৰে। তুষাৰ মেহতাই পঞ্চমখন শপতনামাত এই তথ্য থকা বুলি উল্লেখ কৰে। কিন্তু আবেদনকাৰীসকলক শপতনামাৰ প্ৰতিলিপি প্ৰদান কৰিবলৈ দাবী জনায় মেনকা গুৰুস্বামীয়ে।
ইয়াৰ উপৰিও দিল্লীৰ ব্যৱসায়ী সংগঠনসমূহৰ হৈ জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে আদালতত প্ৰতিবাদৰ ফলত হোৱা ব্যৱসায়িক ক্ষতিৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে দিল্লীৰ সংশ্লিষ্ট অঞ্চলত প্ৰায় ৫০ লাখ লোক বসবাস কৰে। সেয়েহে প্ৰতিবাদৰ বাবে এটা সুসংহত ব্যৱস্থা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আছে। ৰোহতগীয়ে আদালতক জনায় যে প্ৰতিবাদৰ ফলত দিল্লীৰ কনট প্লেছ আৰু ইয়াৰ আশে-পাশে থকা বহু দোকান বন্ধ হৈ পৰিছে। বিশেষকৈ উৎসৱৰ বতৰত ব্যৱসায়ীসকলে ব্যাপক লোকচানৰ সন্মুখীন হৈছে। তেওঁ কয়, “উৎসৱৰ বতৰত যদি ব্যৱসায় কৰিব নোৱাৰোঁ, তেন্তে আমাৰ বিক্ৰী হ্ৰাস পাব।” ব্যৱসায়ীসকলৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এক ব্যতিক্ৰমী সমাধানৰ পথ বিচাৰি উলিয়াব লাগে বুলিও তেওঁ আহ্বান জনায়।
উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কয় যে কোনো ব্যক্তি বা সংগঠনে প্ৰতিবাদৰ নামত কোনো স্থান অনিৰ্দিষ্টকাললৈ দখল কৰি ৰাখিব নোৱাৰে। আনকি নিৰ্ধাৰিত প্ৰতিবাদস্থলীসমূহৰ ক্ষেত্ৰতো সময়সীমা থাকিব লাগে। দিল্লীৰ জন্তৰ-মন্তৰত যোৱা মাহত হোৱা বৃহৎ প্ৰতিবাদ আৰু শেহতীয়াকৈ ৰামলীলা ময়দানত বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কৰা প্ৰতিবাদক লৈ আদালতে এই মন্তব্য কৰে। উল্লেখযোগ্য যে চৰকাৰে জন্তৰ-মন্তৰক নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা আঁতৰাই তিনিটা বিকল্প প্ৰতিবাদস্থলী ঘোষণা কৰিছিল। ইয়াৰ ভিতৰত ৰামলীলা ময়দান অন্যতম।
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয়, “আপুনি কোনো স্থান চিৰদিনৰ বাবে দখল কৰি ৰাখিব নোৱাৰে। আন প্ৰতিবাদকাৰীসকলৰো অধিকাৰ আছে। কৃষক বা অধিবক্তাসকলে প্ৰতিবাদ কৰিবলৈ ক’লৈ যাব? সকলোৰে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে।” প্ৰতিবাদৰ আহ্বান জনোৱা ব্যক্তিয়ে প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ দায়িত্ব বহন কৰিব লাগে বুলি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত মন্তব্য কৰে।
তেওঁ লগতে কয় যে ২০ জুলাইৰ প্ৰতিবাদ কেৱল এদিনৰ বাবেহে অনুমতি দিয়া হৈছিল। কিন্তু প্ৰতিবাদকাৰীসকলে তাৰ পিছতো প্ৰতিবাদ অব্যাহত ৰাখিছিল আৰু সংসদ ভৱনৰ দিশে সমদল উলিয়াইছিল। এই সন্দৰ্ভত তুষাৰ মেহতাই কয়, “সংসদ কেৱল আন এটা ৰাজনৈতিক ভৱন নহয়। আপুনি সংসদলৈ সমদল কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়লৈও সমদল কৰিব নোৱাৰে।”
উচ্চতম ন্যায়ালয়ৰ এই শুনানিয়ে প্ৰতিবাদ কৰাৰ অধিকাৰ আৰু সাধাৰণ জনতাৰ দৈনন্দিন জীৱন তথা ব্যৱসায়-বাণিজ্যৰ ওপৰত প্ৰতিবাদৰ প্ৰভাৱৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে। আদালতে স্পষ্ট কৰিছে যে প্ৰতিবাদ কৰাৰ অধিকাৰ থাকিলেও ৰাজহুৱা স্থান অনিৰ্দিষ্টকাললৈ দখল কৰি ৰখাৰ অনুমতি দিব নোৱাৰি। এই গোচৰত কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট পক্ষসমূহৰ পৰা উত্তৰ বিচাৰিছে শীৰ্ষ আদালতখনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















