ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ ২০২৭ৰ ছিজনৰ পূৰ্বে খেলুৱৈৰ সালসলনিক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। এইবাৰ মুম্বাই ইণ্ডিয়ানছ (MI) আৰু পাঞ্জাব কিংছ (PBKS)ৰ মাজত হ’ব পাৰে এক বৃহৎ খেলুৱৈৰ ট্ৰেড চুক্তি। এই সম্ভাৱ্য চুক্তি অনুসৰি, মুম্বাই ইণ্ডিয়ানছৰ কেপ্টেইন তথা তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া পাঞ্জাব কিংছলৈ যোৱাৰ বিপৰীতে পাঞ্জাবৰ বাওঁহতীয়া বেগী বলাৰ অৰ্শ্বদ্বীপ সিং মুম্বাই ইণ্ডিয়ানছলৈ যাব পাৰে।
‘দ্য হিন্দু’ৰ এক প্ৰতিবেদন অনুসৰি, পাঞ্জাব কিংছে হাৰ্দিক পাণ্ডিয়াক নিজৰ দলত অন্তৰ্ভুক্ত কৰাৰ বাবে এক বৃহৎ ট্ৰেড ডীলৰ পৰিকল্পনা কৰিছে। এই চুক্তিত অৰ্শ্বদ্বীপ সিঙৰ লগতে বিষ্ণু বিনোদকো মুম্বাই ইণ্ডিয়ানছলৈ পঠিওৱাৰ কথা বিবেচনা কৰা হৈছে। উল্লেখযোগ্য যে, মেগা নিলামৰ সময়ত পাঞ্জাব কিংছে Right to Match (RTM) কাৰ্ড ব্যৱহাৰ কৰি ১৮ কোটি টকাৰ বিনিময়ত অৰ্শ্বদ্বীপ সিঙক পুনৰ নিজৰ দলত ৰাখিছিল। আনহাতে, ২০২৪ৰ ছিজনৰ পূৰ্বে গুজৰাট টাইটানছৰ পৰা নগদ ধনৰ বিনিময়ত মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিছিল হাৰ্দিক পাণ্ডিয়া। বৰ্তমান এই ট্ৰেড ডীলৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ প্ৰস্তুত কৰাৰ কাম চলি থকা বুলি জানিব পৰা গৈছে। ১৭ নৱেম্বৰৰ ৰিটেনচন ডেডলাইনৰ পূৰ্বে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে।
MIত একেলগে বুমৰাহ-অৰ্শ্বদ্বীপ!
যদি অৰ্শ্বদ্বীপ সিং মুম্বাই ইণ্ডিয়ানছলৈ যায়, তেন্তে দলটোৰ বলিং বিভাগ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় ক্ৰিকেটৰ দুই তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহ আৰু অৰ্শ্বদ্বীপ সিঙে একেলগে খেলিলে প্ৰতিপক্ষৰ বাবে বিপদ বৃদ্ধি পাব। কিন্তু হাৰ্দিক পাণ্ডিয়াৰ দৰে এগৰাকী অলৰাউণ্ডাৰক দলৰ পৰা বিদায় দিয়াটো মুম্বাই ইণ্ডিয়ানছৰ বাবে সহজ সিদ্ধান্ত নহ’ব। বেটিং আৰু বলিং দুয়োটা বিভাগতে হাৰ্দিকৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ।
পাণ্ডিয়াক লৈ আগ্ৰহী আন তিনিটা দল!
কেৱল পাঞ্জাব কিংছেই নহয়, হাৰ্দিক পাণ্ডিয়াক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ আন কেইবাটাও IPL ফ্ৰেঞ্চাইজিয়েও আগ্ৰহ প্ৰকাশ কৰিছে বুলি চৰ্চা চলিছে। চেন্নাই ছুপাৰ কিংছ (CSK) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ নামো এই সম্ভাৱ্য ট্ৰেড ডীলৰ সৈতে জড়িত হৈ পৰিছে। বিশেষকৈ কলকাতা নাইট ৰাইডাৰ্ছে নতুন অধিনায়কৰ সন্ধান কৰি আছে। অজিংক্য ৰাহানেৰ অৱসৰৰ পিছত দলটোৱে নতুন নেতৃত্বৰ সন্ধানত থকাৰ বাবে হাৰ্দিক পাণ্ডিয়াৰ নাম চৰ্চালৈ আহিছে।
PBKSত অৰ্শ্বদ্বীপৰ বিকল্প কোন হ’ব?
হাৰ্দিক পাণ্ডিয়াক দলত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনাৰ মাজতে অৰ্শ্বদ্বীপ সিঙৰ বিকল্প খেলুৱৈৰ সন্ধানতো নামি পৰিছে পাঞ্জাব কিংছ। ৰিকি পণ্টিঙৰ প্ৰশিক্ষণত থকা পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বাওঁহতীয়া বেগী বলাৰ মোহছিন খানক দলত অন্তৰ্ভুক্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। পাঞ্জাবৰ প্ৰশিক্ষক মণ্ডলীৰ মাজত মোহছিন খানক লৈ যথেষ্ট আগ্ৰহ আছে। এই সম্ভাৱ্য চুক্তিৰ অংশ হিচাপে পাঞ্জাবে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ মাৰ্কাছ ষ্টোইনিছক এৰি দিয়াৰ কথাও বিবেচনা কৰিছে। হাৰ্দিক পাণ্ডিয়া দললৈ আহিলে ষ্টইনিছৰ স্থান অনিশ্চিত হৈ পৰিব পাৰে।
হাৰ্দিক পাণ্ডিয়া পাঞ্জাব কিংছলৈ যদিহে সঁচাকৈয়ে আহে তেন্তে দলটোৰ বেটিং আৰু বলিং দুয়োটা বিভাগতে শক্তি বৃদ্ধি পাব। দলটোত হাৰ্দিক পাণ্ডিয়া, আজমতুল্লাহ ওমৰজাই আৰু মাৰ্কো ইয়ানছেনৰ দৰে তাৰকা অলৰাউণ্ডাৰ থাকিলে পাঞ্জাব কিংছৰ সম্ভাৱ্য প্লেয়িং ইলেভেন যথেষ্ট শক্তিশালী হৈ উঠিব।
IPL ২০২৭ৰ পূৰ্বে এই সম্ভাৱ্য ট্ৰেড ডীলে ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে। অৱশ্যে, এই সকলোবোৰ এতিয়াও প্ৰতিবেদন আৰু চৰ্চাৰ পৰ্যায়তে আছে। আনুষ্ঠানিক ঘোষণা নোহোৱালৈকে হাৰ্দিক পাণ্ডিয়া, অৰ্শ্বদ্বীপ সিং বা আন খেলুৱৈৰ দল সলনি নিশ্চিত বুলি ক’ব নোৱাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















