মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত ৩.৭৪ কোটি টকাৰ ডকাইতিৰ ঘটনাত আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। ডকাইতিৰ ছয় দিনৰ পিছত মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ এখন পথাৰৰ পৰা খেৰৰ তলত লুকুৱাই ৰখা ৩.২৬ কোটি টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। এই ঘটনাৰ সৈতে জড়িত দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ তথ্য অনুসৰি, ২৪ নৱেম্বৰত নাগপুৰ আৰক্ষীৰ এটা দল মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ বাৰাসিৱনী থানাত উপস্থিত হয়। তাৰ পিছত স্থানীয় আৰক্ষীৰ সহযোগত এটা বিশেষ দল গঠন কৰি দ’ৰলী গাঁৱৰ এখন পথাৰত অভিযান চলোৱা হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত কৃষ্ণ আৰু অৰবিন্দৰ তথ্যৰ ভিত্তিত বস্তি তালাবৰ ওচৰত থকা অৰবিন্দ দহৰৱালৰ ফাৰ্মত তালাচী চলায়। তালাচীৰ সময়ত ধানখেৰৰ তলত লুকুৱাই ৰখা তিনিটা বস্তা উদ্ধাৰ কৰে আৰক্ষীয়ে। বস্তা তিনিটাত আছিল ডকাইতিৰ সময়ত লুটা নগদ ধন।
সাত ঘণ্টা ধৰি চলিল নোট গণনা
উদ্ধাৰ কৰা বস্তা তিনিটা ড’ৰলী গাঁও পঞ্চায়তলৈ লৈ যোৱা হয়। তাত মহাৰাষ্ট্ৰ আৰক্ষীৰ এটা দলে প্ৰায় সাত ঘণ্টা ধৰি টকা গণনা কৰে। গণনাৰ অন্তত বস্তা তিনিটাৰ পৰা মুঠ ৩.২৬ কোটি টকা উদ্ধাৰ হোৱা বুলি নিশ্চিত কৰে আৰক্ষীয়ে। জেৰাৰ সময়ত অভিযুক্তসকলে আৰক্ষীক জনোৱা মতে, নাগপুৰত ডকাইতি সংঘটিত কৰাৰ পিছত নগদ ধনখিনি আন এখন বাহনলৈ স্থানান্তৰ কৰা হৈছিল। তাৰ পিছত মধ্যপ্ৰদেশৰ চিখলা হৈ দ’ৰলীলৈ লৈ গৈ পথাৰৰ খেৰৰ তলত লুকুৱাই ৰখা হৈছিল।
কেনেকৈ জালত পৰিল অভিযুক্ত?
১৮ নৱেম্বৰত নাগপুৰত ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। চুৰি হোৱা গাড়ীখনৰ পঞ্জীয়ন নম্বৰ আৰু চিচিটিভি ফুটেজৰ ভিত্তিত তদন্ত আগবঢ়াই নিছিল আৰক্ষীয়ে। তদন্তৰ মাজতে আৰক্ষীয়ে আন এখন বাহনৰ তথ্য লাভ কৰে। এই তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে বাহনখনৰ সন্ধান কৰি মধ্যপ্ৰদেশৰ বালাঘাটলৈ যায়। তাৰ পিছত দ’ৰলী গাঁৱৰ বাসিন্দা অৰবিন্দ দহৰৱাল আৰু চিখলা গাঁৱৰ তেওঁৰ এজন আত্মীয়ক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত দুজনৰ জেৰাৰ পৰাই লুকুৱাই ৰখা নগদ ধনৰ সন্ধান লাভ কৰে আৰক্ষীয়ে।
কেনেকৈ সংঘটিত হৈছিল ডকাইতি?
আৰক্ষীয়ে সদৰী কৰা অনুসৰি, নাগপুৰৰ তুলসী নগৰ অঞ্চলত শস্য আৰু বিত্তীয় ব্যৱসায়ৰ সৈতে জড়িত সুৰেশ পাৰমাৰৰ কৰ্মচাৰীক দাৰে আক্ৰমণ কৰি নগদ ৩.৭৪ কোটি টকা থকা গাড়ীখন লৈ পলায়ন কৰিছিল দুৰ্বৃত্তই। ডকাইতিৰ পিছত কামঠিৰ খাইৰী অঞ্চলত চুৰি গাড়ীখন পৰিত্যাগ কৰি নগদ ধন লৈ পলায়ন কৰে অভিযুক্তসকলে। তাৰ পিছত আৰক্ষীৰ চকুত ধূলি দিবলৈ ধনখিনি মধ্যপ্ৰদেশলৈ লৈ গৈ লুকুৱাই ৰাখিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















