প্ৰেমে কি কৰিব নোৱাৰে? মেছেজৰ মাজেৰে বন্ধুত্ব আৰু লাহে লাহে হৃদয়ৰ আদান-প্ৰদান, দিন বাগৰাৰ লগে লগে গভীৰ হ’ল প্ৰেম। অৱশেষত প্ৰেম ইমানেই বেছি হ’ল যে সুদূৰ কলকাতাৰ পৰা প্ৰেয়সীক বিচাৰি নগাঁৱৰ জাজৰীত উপস্থিত হ’ল প্ৰেমিক গুপ্তাজী! পিছে অনলাইনত আৰম্ভ হোৱা এই প্ৰেম কাহিনীৰ অফলাইন ক্লাইমেক্স কিন্তু অলপ বেলেগে।
এয়া কোনো বলীউডৰ ৰোমাণ্টিক চিনেমাৰ কাহিনী নহয়। এয়া নগাঁৱৰ জাজৰী হীৰাগাঁৱৰ এক বাস্তৱ ঘটনা। যি ঘটনাই এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চৰ্চা।
জানিব পৰা মতে, এটি সন্তানৰ মাতৃ চুমী হীৰাৰ সৈতে মোবাইলৰ জৰিয়তে চিনাকি হৈছিল কলকাতাৰ কৃষান কুমাৰ গুপ্তাৰ। প্ৰথমে চিনাকি, তাৰ পিছত বন্ধুত্ব আৰু অৱশেষত বন্ধুত্বৰ পৰা প্ৰেম। মাত্ৰ এমাহৰ অনলাইন প্ৰেমতেই দুয়োৰে মাজত গঢ় লৈ উঠিল গভীৰ সম্পৰ্ক। প্ৰেমৰ টানত অৱশেষত কলকাতাৰ পৰা পোনে পোনে জাজৰীত উপস্থিত হ’ল গুপ্তাজী।
প্ৰেমৰ জোৰত আহি প্ৰেয়সীৰ ঘৰত তিনিদিন ধৰি আলহী হৈ থাকিল কলকাতাৰ প্ৰেমিক। তিনিদিনীয়া আলহী আপ্যায়নৰ পিছত হয়তো দুয়ো মিলি নতুন কাহিনী লিখাৰ সপোন দেখিছিল। কিন্তু প্ৰেমৰ এই গাড়ীখন আগুৱাই নিয়াৰ সময়তে লাগিল অথন্তৰ।
অভিযোগ অনুসৰি, প্ৰেয়সীক লগত লৈ পলায়নৰ চেষ্টা চলোৱাৰ সময়তে স্থানীয় ৰাইজৰ হাতত ধৰা পৰিল দুয়ো। তাৰ পিছতেই আৰম্ভ হ’ল প্ৰশ্নৰ বৰষুণ। মোবাইলৰ মেছেজত যিমানেই ৰোমাণ্টিক কথা নহওক কিয়, ৰাইজৰ সন্মুখত কিন্তু সকলো প্ৰশ্নৰ উত্তৰ দিবলগীয়া হ’ল গুপ্তাজীক।
ইফালে, ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে আন এক সন্দেহ। ৰাইজৰ অভিযোগ অনুসৰি, গুপ্তাজীৰ মোবাইলত আন যুৱতীৰ সৈতে আপত্তিজনক ফটো থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই। তেওঁ প্ৰকৃততে মানৱ সৰবৰাহৰ সৈতে জড়িত নেকি, সেই সন্দেহো প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা এতিয়াও নিশ্চিত হোৱা নাই।
ঘটনাৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ লগতে চুমী হীৰাৰ স্বামী আৰু পৰিয়ালৰ লোককো অৱগত কৰে।
(এই তথ্য প্ৰদান কৰিছে বটদ্ৰৱাৰ মুস্তাফা ছালিম আহমেদে আৰু লিখিছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















