WhatsApp ব্যৱহাৰকাৰীসকলৰ বাবে এক সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ চাইবাৰ অপৰাধ শাখাই (Cyber Crime Unit)। বিশেষকৈ কম্পিউটাৰত WhatsApp Web ব্যৱহাৰ কৰি লগ আউট নকৰাকৈ থৈ দিয়া লোকসকলক সাৱধান হ’বলৈ আহ্বান জনাইছে বিভাগটোৱে। কিয়নো কম্পিউটাৰত সক্ৰিয় হৈ থকা WhatsApp Web ছেছনৰ সুযোগ লৈ চাইবাৰ অপৰাধীয়ে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ অপব্যৱহাৰ কৰিব পাৰে।
বৰ্তমান সময়ত বহু লোকেই মোবাইলৰ WhatsApp একাউণ্ট কম্পিউটাৰৰ সৈতে সংযোগ কৰি ব্যৱহাৰ কৰে। কাৰ্যালয়ৰ কাম-কাজ, ব্যক্তিগত বাৰ্তা আদান-প্ৰদান আৰু বিভিন্ন নথি-পত্ৰ পঠিওৱাৰ বাবে WhatsApp Web বহুলভাৱে ব্যৱহাৰ কৰা হয়। কিন্তু ব্যৱহাৰৰ পিছত কম্পিউটাৰৰ পৰা WhatsApp Web লগ আউট নকৰাকৈ থৈ দিয়াটো বিপজ্জনক হ’ব পাৰে।
গৃহ মন্ত্ৰালয়ৰ চাইবাৰ অপৰাধ শাখাৰ মতে, কম্পিউটাৰত WhatsApp Web সক্ৰিয় হৈ থাকিলে আন কোনো ব্যক্তিয়ে সেই কম্পিউটাৰৰ প্ৰৱেশাধিকাৰ লাভ কৰি ব্যৱহাৰকাৰীৰ WhatsApp একাউণ্টত থকা ব্যক্তিগত তথ্য চাব পাৰে। আনকি এনে সুযোগৰ অপব্যৱহাৰ কৰি চাইবাৰ অপৰাধীয়ে অনুমতিবিহীনভাৱে একাউণ্টত প্ৰৱেশ কৰাৰ লগতে অনলাইন প্ৰৱঞ্চনাৰ দৰে অপৰাধ সংঘটিত কৰিব পাৰে।
সেয়েহে প্ৰতিবাৰ WhatsApp Web ব্যৱহাৰ কৰাৰ পিছতে একাউণ্টৰ পৰা লগ আউট কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিশেষকৈ ৰাজহুৱা স্থান, চাইবাৰ কেফে অথবা আনৰ কম্পিউটাৰত WhatsApp Web ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন।
ইয়াৰ উপৰি WhatsAppৰ জৰিয়তে কাৰ্যালয় সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্য, চৰকাৰী নথি-পত্ৰ, বেংকিং আৰু বিত্তীয় তথ্য অথবা আন কোনো গোপনীয় তথ্য আদান-প্ৰদান কৰাৰ ক্ষেত্ৰতো সাৱধান হ’বলৈ আহ্বান জনোৱা হৈছে।
কেনেকৈ সুৰক্ষিত থাকিব WhatsApp Web ব্যৱহাৰকাৰীসকল?
- প্ৰতিবাৰ ব্যৱহাৰৰ পিছতে WhatsApp Webৰ পৰা লগ আউট কৰক।
- ৰাজহুৱা বা আনৰ কম্পিউটাৰত WhatsApp Web ব্যৱহাৰ কৰিলে বিশেষ সাৱধান হওক।
- কম্পিউটাৰত WhatsApp Web লগ ইন হৈ আছে নে নাই নিয়মীয়াকৈ পৰীক্ষা কৰক।
- WhatsAppৰ Linked Devices অপচনলৈ গৈ অচিনাকি ডিভাইচৰ সংযোগ বিচ্ছিন্ন কৰক।
- WhatsAppৰ জৰিয়তে বেংক একাউণ্ট, পাছৱৰ্ড, চৰকাৰী নথি-পত্ৰ বা আন স্পৰ্শকাতৰ তথ্য প্ৰেৰণ কৰাৰ পৰা বিৰত থাকক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















