মঙলবাৰে পুৱা নেপালত আন এক প্ৰবল ভূমিকম্প। পুৱা প্ৰায় ৭:০২ বজাত ৰিখটাৰ স্কেলত ৫.৩ জোখৰ কম্পন সংঘটিত হয়। ভূমিকম্পৰ প্ৰভাৱ কেৱল নেপালতে সীমাবদ্ধ নাছিল। ভাৰত, ভূটান, বাংলাদেশ, চীনৰ কিছু অংশতো এই কম্পন অনুভৱ কৰা হয়।
নেপালৰ কোশী প্ৰদেশৰ লেলেপৰ সমীপত সংঘটিত হয় এই ভূমিকম্প। পুৱাৰ ভাগত হোৱা কম্পনৰ ফলত ব্যাপক আতংকৰ সৃষ্টি হয়। অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহতি বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।
অসমতো ভূমিকম্প সংঘটিত হয়
ইয়াৰ ভূগৰ্ভস্থ ২৭.৮৫৫° উত্তৰ অক্ষাংশ আৰু ৮৭.৯০৯° পূব দ্ৰাঘিমাংশত, ২০ কিলোমিটাৰ গভীৰতাত অৱস্থিত আছিল। নেপালী সংবাদ মাধ্যমৰ মতে, নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰই ভূমিকম্পৰ প্ৰাবল্য ৫.৬ বুলি প্ৰকাশ কৰিছে। নেপাল-তিব্বত সীমান্তৰ সমীপত এই ভূমিকম্পৰ কেন্দ্ৰৰ খবৰ পোৱা গৈছে।
অসমৰ কাৰ্বি জিলাতো মঙলবাৰে পুৱা ২.৫ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়, যাৰ কেন্দ্ৰবিন্দু ১৫ কিলোমিটাৰ গভীৰতাত।
কিয় ভূমিকম্প হয়?
যদিও পৃথিৱীৰ বাহিৰৰ পৃষ্ঠভাগ শান্ত আৰু সুস্থিৰ যেন লাগে, তথাপিও ইয়াৰ অন্তৰ্ভাগ অহৰহ অস্থিৰ হৈ থাকে। ভূতাত্ত্বিক প্লেটৰ সংঘৰ্ষৰ ফলত প্ৰতি বছৰে শ শ ভূমিকম্পৰ সৃষ্টি হয়। বহুতো ভূতত্ত্ববিদে বুজাইছে যে আমাৰ পৃথিৱীখন ১২খন টেকটনিক প্লেটৰ ওপৰত থিয় হৈ আছে। এই প্লেটবোৰৰ সংঘৰ্ষ হ’লে নিৰ্গত শক্তিৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















