বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দেশলৈ উভতি যোৱাৰ সিদ্ধান্তক লৈ পুনৰ সৃষ্টি হৈছে ৰাজনৈতিক উত্তেজনা। অহা ১৬ ডিচেম্বৰত ভাৰতৰ পৰা বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে বুলি হাছিনাৰ দল আৱামী লীগে ঘোষণা কৰাৰ পিছতে বিষয়টোক লৈ সৰৱ হৈ পৰিছে তাৰিক ৰহমানৰ নেতৃত্বাধীন বাংলাদেশ চৰকাৰ।
বাংলাদেশ চৰকাৰে স্পষ্ট কৰি দিছে যে ভাৰতৰ পৰা শ্বেখ হাছিনা উভতি অহাৰ একমাত্ৰ পথ হ’ল প্ৰত্যাৰ্পণ। অৰ্থাৎ তেওঁক সাধাৰণ যাত্ৰীৰ দৰে বাংলাদেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। চৰকাৰৰ মতে, আইনগত প্ৰক্ৰিয়াৰ মাজেৰেহে তেওঁক দেশলৈ ঘূৰাই অনা সম্ভৱ। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীয়ে এই সন্দৰ্ভত কঠোৰ মন্তব্য কৰিছে। মঙলবাৰে পুৱা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ জৰিয়তেহে বাংলাদেশলৈ ঘূৰাই আনিব পৰা যাব। তেওঁৰ মতে, প্ৰত্যাৰ্পণৰ সময়ত হাছিনাক হেণ্ডকাফ পিন্ধাই কঠোৰ নিৰাপত্তা আৰু নিৰীক্ষণৰ মাজত অনা হ’ব পাৰে।
১৬ ডিচেম্বৰত বাংলাদেশলৈ ঘূৰি যোৱাৰ ঘোষণা হাছিনাৰ
আৱামী লীগৰ ঘোষণা অনুসৰি, অহা ১৬ ডিচেম্বৰত বাংলাদেশলৈ উভতি অহাৰ পৰিকল্পনা কৰিছে দলৰ নেত্ৰী শ্বেখ হাছিনাই। দলটোৰ মুখপাত্ৰই ৰয়টাৰক জনোৱা মতে, এই দিনটো বাংলাদেশৰ ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ। উল্লেখ্য যে ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তানী সেনাই আত্মসমৰ্পণ কৰাৰ পিছত বাংলাদেশে স্বাধীনতা লাভ কৰিছিল। সেয়েহে দিনটো দেশখনত বিজয় দিৱস হিচাপে পালন কৰা হয়। এনে এটা বিশেষ দিনতে হাছিনাৰ উভতি অহাৰ ঘোষণাই বাংলাদেশৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। ইফালে, বাংলাদেশত বৰ্তমান নিষেধাজ্ঞাৰ সন্মুখীন হৈ আছে শ্বেখ হাছিনাৰ দল আৱামী লীগ। দলটোৱে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে কেইবাটাও অঞ্চলত হিংসাত্মক ঘটনাও সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।ইয়াৰ মাজতে ২০২৪ চনৰ জুলাইৰ প্ৰতিবাদৰ সৈতে জড়িত এটা গোচৰত বাংলাদেশৰ আদালতে শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ফলত তেওঁৰ দেশলৈ উভতি অহাৰ বিষয়টো অধিক জটিল হৈ পৰিছে।
২০২৪ চনৰ পৰা ভাৰতত আশ্ৰয় লৈ আছে শ্বেখ হাছিনাই
উল্লেখ্য যে শ্বেখ হাছিনাই প্ৰায় দুটা দশক বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু ২০২৪ চনৰ ৫ আগষ্টত দেশখনত চৰকাৰবিৰোধী আন্দোলন তীব্ৰতৰ হৈ পৰাত তেওঁ প্ৰধানমন্ত্ৰীৰ পদ এৰি ঢাকা ত্যাগ কৰিবলৈ বাধ্য হয়। তাৰ পিছতে তেওঁ ভাৰতত উপস্থিত হয় আৰু তেতিয়াৰ পৰাই ভাৰতত আশ্ৰয় লৈ আছে।
হাছিনাৰ দেশত্যাগৰ পিছত বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তন ঘটে। প্ৰথমে মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয়। সেই সময়ৰ পৰাই বাংলাদেশে ভাৰতৰ ওচৰত শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ কৰাৰ দাবী জনাই আহিছে। বৰ্তমানৰ তাৰিক ৰহমান নেতৃত্বাধীন চৰকাৰেও এই দাবী অব্যাহত ৰাখিছে।
আনহাতে, এই বিষয়ত ভাৰতে এতিয়ালৈকে সংযত স্থিতি গ্ৰহণ কৰি আহিছে। বাংলাদেশৰ পৰা বাৰে বাৰে প্ৰত্যাৰ্পণৰ দাবী উত্থাপন কৰা হ’লেও ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত কোনো আক্ৰমণাত্মক মন্তব্য কৰা নাই। সামগ্ৰিকভাৱে শ্বেখ হাছিনাৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তনক কেন্দ্ৰ কৰি ভাৰত আৰু বাংলাদেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰতো নতুন চৰ্চাৰ সৃষ্টি হৈছে। ১৬ ডিচেম্বৰত হাছিনা সঁচাকৈয়ে বাংলাদেশলৈ উভতি আহিব নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















