পাঞ্জাবৰ অমৃতসৰত মঙলবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন ৫০ বছৰীয়া লোকে নিজৰ বৃদ্ধা মাতৃ আৰু দুটা পোহনীয়া কুকুৰক গু*লীয়াই হ*ত্যা কৰাৰ পিছত নিজেও চৰম পন্থা অৱলম্বন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাৰম্ভিক তদন্ত অনুসৰি, লোকজন দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল বুলি সন্দেহ কৰা হৈছে। ঘটনাটো অমৃতসৰৰ গুমতলা অঞ্চলৰ জুঝাৰ সিং এভিনিউৰ ১৮২ নম্বৰ ঘৰত সংঘটিত হয়। হৰপ্ৰীত সিং নামৰ ৫০ বছৰীয়া লোকজন পৰিয়ালৰ সৈতে তাত বাস কৰিছিল। মঙলবাৰে হঠাৎ ঘৰৰ ভিতৰত গু*লীচালনাৰ শব্দ শুনিবলৈ পোৱা যায়।
জানিব পৰা মতে, হৰপ্ৰীত সিঙে প্ৰথমে নিজৰ পোহনীয়া কুকুৰ দুটাক গু*লীয়াই হ*ত্যা কৰে। ইয়াৰ পিছতে নিজৰ বৃদ্ধা মাতৃক গু*লীয়াই হ*ত্যা কৰে। মাতৃ আৰু কুকুৰ দুটাৰ মৃ*ত্যু হোৱাৰ পিছত তেওঁ ঘৰৰ পৰা ওলাই আহি পিছফালে থকা এটা খালী প্লটত উপস্থিত হয়। তাত তেওঁ নিজকে গু*লীয়াই শেষ কৰে।
ঘটনাৰ সময়ত হৰপ্ৰীতৰ ভনীয়েক আৰু তেওঁৰ দুগৰাকী কন্যা ঘৰৰ এটা কোঠাত শুই আছিল। হঠাৎ বন্দুকৰ গু*লীৰ শব্দ শুনি তেওঁলোক সাৰ পাই উঠে। কোঠাৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছত তেওঁলোকে ঘৰৰ ভিতৰত মাতৃ আৰু পোহনীয়া কুকুৰ দুটাৰ মৃ*তদেহ পৰি থকা প্ৰত্যক্ষ কৰে। আনহাতে, ঘৰৰ পিছফালে থকা খালী ঠাইত হৰপ্ৰীত সিঙৰ মৃ*তদেহ উদ্ধাৰ হয়। এই ভয়ংকৰ দৃশ্য দেখি পৰিয়ালৰ লোকসকল আতংকিত হৈ পৰে।
২০২১ চনত ইংলেণ্ডৰ পৰা উভতি আহিছিল হৰপ্ৰীত
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে হৰপ্ৰীত সিং বিগত কেইবছৰমান ধৰি মানসিক হতাশাত ভুগি আছিল বুলি সন্দেহ কৰা হৈছে। ২০২১ চনত তেওঁ ইংলেণ্ডৰ পৰা ভাৰতলৈ উভতি আহিছিল। ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ কোনো কামত নিয়োজিত হোৱা নাছিল বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকসকলক সোধা-পোছা কৰাত আৰক্ষীয়ে জানিব পাৰে যে হৰপ্ৰীত সিঙে প্ৰায়ে নিজৰ লগত পি*ষ্টল ৰাখিছিল। আনকি ঘৰ আৰু ৰাজপথতো তেওঁ পিষ্ট*ল লৈ ঘূৰি ফুৰিছিল। ইয়াৰ উপৰি মাতৃৰ সৈতেও তেওঁৰ মাজে-সময়ে কাজিয়া আৰু তৰ্ক-বিতৰ্ক হোৱা বুলি জানিব পৰা গৈছে।
CCTVত বন্দী সমগ্ৰ ঘটনা
এই ঘটনাৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে, ঘৰত স্থাপন কৰা চিচিটিভি কেমেৰাত সমগ্ৰ ঘটনাটো ৰেকৰ্ড হৈছে। হৰপ্ৰীতৰ ভনীয়েকে আৰক্ষীক এই কথা অৱগত কৰাৰ লগতে চিচিটিভিৰ ফুটেজো তদন্তৰ বাবে গতাই দিছে। স্থানীয় কাউন্সিলাৰ ৰমনদীপ সিঙে জানিবলৈ দিয়া মতে, পৰিয়ালটো প্ৰায় এবছৰৰ পূৰ্বে এই অঞ্চললৈ আহিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















