• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

51 seconds ago
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

36 minutes ago
‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

2 hours ago
ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

2 hours ago
ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

3 hours ago
পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

3 hours ago
৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

4 hours ago
‘হেণ্ডকাফ পিন্ধাইহে ঢাকালৈ অনা হ’ব শ্বেখ হাছিনাক’

‘হেণ্ডকাফ পিন্ধাইহে ঢাকালৈ অনা হ’ব শ্বেখ হাছিনাক’

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ডিচেম্বৰ মাহত সাৱধান ৩ ৰাশিৰ লোক, আহিব ডাঙৰ বিপদ!

6 hours ago
অফিচ পলিটিক্সৰ পৰা সাৱধান! এই ৫ টা টিপছে আপোনাক কৰিব উদ্ধাৰ

অফিচ পলিটিক্সৰ পৰা সাৱধান! এই ৫ টা টিপছে আপোনাক কৰিব উদ্ধাৰ

7 hours ago
কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫২ সংখ্যক জন্মজয়ন্তী উদযাপন

কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫২ সংখ্যক জন্মজয়ন্তী উদযাপন

7 hours ago
প্ৰেমত বলিয়া গুপ্তাজী! মিঠা চুমা বিচাৰি কলকাতাৰ পৰা পালে নগাঁও আহি…

প্ৰেমত বলিয়া গুপ্তাজী! মিঠা চুমা বিচাৰি কলকাতাৰ পৰা পালে নগাঁও আহি…

7 hours ago
অভিনেতাই ওঁঠেৰে কামুৰী কাণফুলি খুলিলে অভিনেত্ৰীৰ, তাৰ পিছত…

অভিনেতাই ওঁঠেৰে কামুৰী কাণফুলি খুলিলে অভিনেত্ৰীৰ, তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

জানক সুগন্ধিৰ আঁৰৰ বিজ্ঞান

editor by editor
November 24, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ
0
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি সকলোৱে সুগন্ধি বা পাৰফিউম ব্যৱহাৰ কৰোঁ। কিন্তু কেতিয়াবা ভাবি চাইছেনে, সুগন্ধিৰ বটলত কেৱল সুগন্ধি তেল থকাৰ পৰিৱৰ্তে কিয় ইমান পৰিমাণে এলক’হল মিহলোৱা হয়? আচলতে সুগন্ধিৰ বটলৰ পৰা ওলোৱা মনোমোহা গোন্ধটোৰ আঁৰত এলক’হলৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

বজাৰত উপলব্ধ বেছিভাগ পাৰফিউমতে প্ৰায় ৭০ৰ পৰা ৯০ শতাংশলৈকে এলক’হল থাকে। বাকী অংশত থাকে সুগন্ধি তেল, পানী আৰু আন কিছুমান উপাদান। কিন্তু সুগন্ধি তেল থকা সত্ত্বেও ইয়াত এলক’হল কিয় যোগ কৰা হয়? এলক’হল অবিহনে সুগন্ধি প্ৰস্তুত কৰাটো সম্ভৱ নহয় নেকি? জানো আহক ইয়াৰ আঁৰৰ বিজ্ঞান।

সুগন্ধিত কিয় এলক’হল মিহলোৱা হয়?

সুগন্ধি প্ৰস্তুত কৰিবলৈ বিভিন্ন ধৰণৰ সুগন্ধি তেল ব্যৱহাৰ কৰা হয়। যেনে- গোলাপ, জেচমিন, চন্দন, কস্তুৰী আদি। এই তেলবোৰৰ গোন্ধ অতি তীব্ৰ আৰু ই যথেষ্ট ঘন হয়। সেয়েহে এইবোৰ পোনে পোনে ছালত ব্যৱহাৰ কৰাটো সকলো সময়তে সুবিধাজনক নহয়। এই সুগন্ধি তেলবোৰ পাতল কৰি ব্যৱহাৰযোগ্য কৰি তুলিবলৈ এটা বিশেষ মাধ্যমৰ প্ৰয়োজন হয়। সেই কামটোৱেই কৰে এলক’হলে। বিশেষজ্ঞসকলৰ মতে, সুগন্ধিৰ বিভিন্ন উপাদান ভালদৰে মিহলি কৰি একেধৰণৰ মিশ্ৰণ প্ৰস্তুত কৰিবলৈ এলক’হল ব্যৱহাৰ কৰা হয়। বিশেষকৈ ইথানল বা ইথাইল এলক’হল এই ক্ষেত্ৰত অতি উপযোগী। চিগমা লাইফষ্টাইলছ এণ্ড কেটিৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক ধ্ৰুৱ ছায়ানীৰ মতে, সুগন্ধিৰ বিভিন্ন উপাদান সঠিক অনুপাতত মিহলি কৰি একেধৰণৰ মিশ্ৰণ তৈয়াৰ কৰাত এলক’হলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

স্প্ৰে কৰাৰ লগে লগে সুগন্ধি কেনেকৈ বিয়পি পৰে?

আপুনি নিশ্চয় লক্ষ্য কৰিছে যে পাৰফিউম স্প্ৰে কৰাৰ লগে লগে ইয়াৰ গোন্ধ চাৰিওফালে বিয়পি পৰে। ইয়াৰ আঁৰতো আছে এলক’হলৰ বিশেষ ভূমিকা। এলক’হল অতি সোনকালে বাষ্পীভূত হয়। সেয়েহে ছালত সুগন্ধি স্প্ৰে কৰাৰ পিছত এলক’হল বতাহত মিলি যায় আৰু তাৰ লগে লগে সুগন্ধিৰ গোন্ধ চাৰিওফালে বিয়পি পৰে। ইয়াৰ উপৰি এলক’হলৰ বাবে সুগন্ধি স্প্ৰে বটলৰ পৰা অতি সৰু সৰু টোপাল হিচাপে ওলাই আহে। ফলত ছালত সুগন্ধি সমানে বিয়পি পৰে। আনহাতে, এলক’হল সোনকালে শুকাই যোৱাৰ বাবে ছালত তেলীয়া বা আঠাযুক্ত অনুভৱ নহয়। অৰ্থাৎ পাৰফিউম ব্যৱহাৰ কৰাৰ পিছত অতি কম সময়ৰ ভিতৰতে আপুনি স্বাভাৱিকভাৱে কাম-কাজ কৰিব পাৰে।

সুগন্ধিৰ সুবাস কিয় সময়ৰ লগে লগে সলনি হয়?

পাৰফিউম ব্যৱহাৰ কৰাৰ লগে লগে যি সুবাস পোৱা যায়, কেইঘণ্টামান পিছত সেই একেই সুবাস নাথাকিবও পাৰে। ইয়াৰ কাৰণ হৈছে সুগন্ধিৰ বিভিন্ন উপাদানৰ বাষ্পীভূত হোৱাৰ গতি বেলেগ বেলেগ। প্ৰথম অৱস্থাত পাতল আৰু সোনকালে বাষ্পীভূত হোৱা সুগন্ধিবোৰ বেছি অনুভৱ হয়। সময় পাৰ হোৱাৰ লগে লগে সেই গোন্ধ কমি আহে আৰু আন সুগন্ধিবোৰ অধিক স্পষ্ট হৈ পৰে। ইয়াক সুগন্ধিৰ বিভিন্ন নোট বুলি কোৱা হয়। সাধাৰণতে সুগন্ধিৰ ওপৰৰ নোট, মাজৰ নোট আৰু শেষৰ নোট থাকে। এইবোৰৰ সংমিশ্ৰণৰ ওপৰতে পাৰফিউমৰ সম্পূৰ্ণ সুবাস নিৰ্ভৰ কৰে।

সুগন্ধিত এলক’হল ব্যৱহাৰৰ আন কেইটামান কাৰণ

এলক’হলে সুগন্ধি বিয়পাই দিয়াৰ লগতে আন কিছুমান কামো কৰে।
– ছালত আঠাযুক্ত অনুভৱ নহয়: কেৱল সুগন্ধি তেল ব্যৱহাৰ কৰিলে ছাল গধুৰ আৰু আঠাযুক্ত অনুভৱ হ’ব পাৰে। কিন্তু এলক’হল মিহলোৱা পাৰফিউম সোনকালে শুকাই যায়।
– সমানে বিয়পি পৰে: এলক’হলৰ বাবে পাৰফিউম স্প্ৰে কৰাৰ সময়ত অতি মিহি কুঁৱলীৰ দৰে ওলাই আহে। ফলত শৰীৰৰ বিভিন্ন অংশত সমানে বিয়পি পৰে।
– বীজাণুৰ বৃদ্ধি কমোৱাত সহায় কৰে: এলক’হলৰ বীজাণুনাশক গুণ আছে। ই সুগন্ধিৰ ভিতৰত বেক্টেৰিয়া আৰু কিছুমান অণুজীৱৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰিব পাৰে।
– দীৰ্ঘদিন সংৰক্ষণত সহায় কৰে: উপযুক্ত সংৰক্ষণ আৰু অন্যান্য উপাদানৰ সৈতে মিলি এলক’হলে সুগন্ধিৰ গুণাগুণ অক্ষুণ্ণ ৰখাত সহায় কৰে।
– ব্যৱহাৰ কৰাটো সহজ: ইথানল সহজে উপলব্ধ আৰু তুলনামূলকভাৱে কম খৰচী। সেয়েহে সুগন্ধি প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰে।

এলক’হল অবিহনেও সুগন্ধি প্ৰস্তুত কৰিব পাৰিনে?

হয়, এলক’হল অবিহনেও সুগন্ধি প্ৰস্তুত কৰিব পাৰি। সকলো পাৰফিউমৰ বাবে এলক’হল অপৰিহাৰ্য নহয়। বৰ্তমান বজাৰত এলক’হলবিহীন সুগন্ধিও উপলব্ধ। এইবোৰ প্ৰস্তুত কৰিবলৈ বিভিন্ন ধৰণৰ তেল আৰু আন বিকল্প উপাদান ব্যৱহাৰ কৰা হয়। এনে সুগন্ধি সাধাৰণতে তেলভিত্তিক হয়। অৱশ্যে এলক’হলযুক্ত পাৰফিউমৰ তুলনাত এইবোৰৰ ব্যৱহাৰৰ পদ্ধতি আৰু ছালত অনুভৱ কৰাৰ ধৰণ কিছু বেলেগ হ’ব পাৰে। তেলভিত্তিক সুগন্ধি সাধাৰণতে স্প্ৰে কৰাৰ পৰিৱৰ্তে পোনপটীয়াকৈ ছালত লগোৱা হয়। গতিকে সুগন্ধি প্ৰস্তুত কৰাত এলক’হলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ যদিও ইয়াৰ অবিহনেও সুগন্ধি তৈয়াৰ কৰাটো সম্ভৱ।

পাৰফিউমত এলক’হল ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য কেৱল পৰিমাণ বৃদ্ধি কৰা নহয়। বৰঞ্চ সুগন্ধি তেলবোৰ ভালদৰে মিহলি কৰা, গোন্ধ সোনকালে বিয়পাই দিয়া, ছালত সহজে প্ৰয়োগ কৰিব পৰা আৰু সোনকালে শুকুৱাই দিয়াৰ ক্ষেত্ৰত এলক’হলে বিশেষ ভূমিকা পালন কৰে। সেয়েহে সুগন্ধিৰ মনোমোহা গোন্ধৰ আঁৰত সুগন্ধি তেলৰ লগতে এলক’হলৰো এক গুৰুত্বপূৰ্ণ অৱদান আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান
ভাৰত

ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

November 24, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ডিচেম্বৰ মাহত সাৱধান ৩ ৰাশিৰ লোক, আহিব ডাঙৰ বিপদ!

November 24, 2026
অফিচ পলিটিক্সৰ পৰা সাৱধান! এই ৫ টা টিপছে আপোনাক কৰিব উদ্ধাৰ
জীৱনশৈলী

অফিচ পলিটিক্সৰ পৰা সাৱধান! এই ৫ টা টিপছে আপোনাক কৰিব উদ্ধাৰ

November 24, 2026
কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫২ সংখ্যক জন্মজয়ন্তী উদযাপন
অসম

কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫২ সংখ্যক জন্মজয়ন্তী উদযাপন

November 24, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.