অসম লাইভ ২৪ঃ শিশুক কোভিড সংক্ৰমণৰ পৰা বচাবলৈ কেন্দ্ৰই জাৰি কৰিছে কিছু নতুন গাইডলাইন। কৰোনাৰ সাম্ভাব্য তৃতীয় ঢৌত শিশুসকল অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে। বিশেষজ্ঞসকলৰ মতে, কোভিডৰ তৃতীয় ঢৌৱে শিশুৰ ওপৰত অধিক প্ৰভাৱ পেলাব। এই কথাত গুৰুত্ব প্ৰদান কৰি ১৮ বছৰৰ তলৰ শিশুসকলৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন গাইডলাইন জাৰি কৰিছে কেন্দ্ৰই। শিশুৰ চিকিৎসাত ৰেমডেচিভিৰ প্ৰদানত নিষেধাজ্ঞা আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। তদুপৰি জৰুৰী অৱস্থাত চিটি স্কেন কৰাৰো পৰামৰ্শ কেন্দ্ৰৰ। শিশুৰ দেহত কোভিডৰ লক্ষণ দেখা দিলেই ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে এই গাইডলাইন। শিশুসকলক এই ভয়ংকৰ সংক্ৰমণৰ পৰা বচাবলৈ অভিভাৱকসকললৈ এই পৰামৰ্শ কেন্দ্ৰৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ