অসম লাইভ ২৪ঃ জুলাই মাহৰ পৰা প্ৰৱজনকাৰী শ্ৰমিকৰ আৰ্থ-সামাজিক অৱস্থা সন্দৰ্ভত জৰীপ আৰম্ভ কৰিব কেন্দ্ৰীয় শ্ৰম মন্ত্ৰ্যালয়ে। শ্ৰমিকৰ কৰ্ম-সংস্থাপনৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব কেন্দ্ৰই। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি, শ্ৰমিকৰ সুবিধা হোৱাকৈ জুলাইৰ পৰা দুটা গুৰুত্বপূৰ্ণ জৰীপ আৰম্ভ কৰিব কেন্দ্ৰই। প্ৰথমে, বিভাগটোৱে বিভিন্ন প্ৰতিষ্ঠানত নিয়োগ সৃষ্টি কৰিব আৰু দ্বিতীয়তে প্ৰৱজনকাৰী শ্ৰমিকৰ আৰ্থ-সামাজিক অৱস্থা, কৰ্ম সংস্থাপনহীনতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে শ্ৰমিকৰ কল্যানৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব। লগতে জুলাই মাহৰ ভিতৰত মন্ত্ৰ্যালয়ে উৎপাদনকাৰী সংস্থা আৰু সেৱাখণ্ডৰ প্ৰতিষ্ঠানসমূহত চাকৰিৰ জৰীপ আৰম্ভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া এই নিৰ্দেশনাই কিছু সকাহ প্ৰদান কৰিছে শ্ৰমিকসকলক। উল্লেখ্য, বিগত এপ্ৰিলৰ মাহতেই জৰীপ আৰম্ভ কৰাৰ কথা আছিল যদিও ক’ৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ বাবে স্থগিত ৰাখিব লগা হ’ল এই প্ৰক্ৰিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ