• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰৰ ভূমি কেলেংকাৰি

ৰাম মন্দিৰৰ ভূমি কেলেংকাৰি

5 years ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

7 minutes ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

46 minutes ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

2 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

2 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

3 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

4 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

5 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

6 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

7 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

7 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

8 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাম মন্দিৰৰ ভূমি কেলেংকাৰি

editor by editor
June 24, 2021
in অসম, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
ৰাম মন্দিৰৰ ভূমি কেলেংকাৰি
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মুক্তহস্তে দান কৰিছে সমগ্ৰ দেশে। বৰ্তমানলৈকে ৩ হাজাৰ কোটিৰ অধিক অনুদান সংগ্ৰহ কৰিছে ৰাম মন্দিৰ ন্যাস কমিটিয়ে। কিন্তু মন্দিৰ নিৰ্মাণৰ বাবে দিয়া অনুদান বিজেপি নেতাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, মন্দিৰ কৰ্তৃপক্ষ আৰু গেৰুৱা শিবিৰৰ ৰাজনীতিকৰ বিৰুদ্ধে ৰাম মন্দিৰৰ ভূমি দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে অযোধ্যাৰ দশৰথ গদ্দি মন্দিৰৰ মহন্ত ব্ৰিজমোহন দাসে। তেওঁ কয়, ‘ভগৱান ৰামৰ মন্দিৰৰ নামত যিয়ে ব্যৱসায় আৰম্ভ কৰিছে, তেওঁ বাবৰতকৈও অধম’।

মন্দিৰ নিৰ্মাণৰ বাবে ভূমিক লৈ কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি বিগত কিছু দিন ধৰি সৰৱ বিজেপি বিৰোধী পক্ষ। তথ্য অনুসৰি, বিগত ১৮ মে’ত প্ৰথমে বিবদমান ভূমিৰ লেনদেন হৈছিল ২ কোটি টকাত। সেই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ কিছু সময় পাছতেই মাটিৰ নতুন মালিকৰ পৰা ১৮ কোটি ৫০ লাখ টকাত ক্ৰয় কৰে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে। সংস্থাৰ সাধাৰণ সম্পাদক চম্পট ৰায়ৰ উপস্থিতিত সম্পন্ন হয় সমগ্ৰ প্ৰক্ৰিয়া। এই ভূমি বিতৰ্কত সাঙুৰ খাইছে অযোধ্যাৰ মেয়ৰ তথা বিজেপি নেতা ঋষিকেশ উপাধ্যায়ৰ নাম। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাম জন্মভূমি সংলগ্ন ১৩৫ ক্ৰমিক নম্বৰৰ বিস্তৃৰ্ণ ভূমিৰ ৮৯০ বৰ্গ মিটাৰ ভূমি মহন্ত দেৱেন্দ্ৰপ্ৰসাদ আচাৰ্যৰ পৰা ২০ লাখ টকাত ক্ৰয় কৰে ঋষিকেশ উপাধ্যায়ৰ ভতিজা দীপ নাৰায়ণে। অৱশ্যে অভিযোগত আওতালৈ অহা নাই এই ভূমি। কিন্তু অযোধ্যাৰ ভূমি ৰাজহ দপ্তৰৰ তথ্য মতে, ১৪২৫ কৃষিবৰ্ষ অনুসৰি ৰামজন্মভূমি সংলগ্ন ১৩৫,১৪২,১২৯ অৰ্থাৎ ২০১ নম্বৰৰ বিস্তৃৰ্ণ এলেকা চৰকাৰী ভূমি। কৃষি কাৰ্যৰ বাদে অন্য কামত সেই ভূমি বহু বছৰ ধৰি লীজত দিয়া হৈছে। বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে লীজত লৈছে এই ভূমি। ৰামকোটৰ বিশ্বনাথ প্ৰসাদ আচাৰ্যক ১৩৫ নম্বৰ ভূমিৰ এটি অংশ লীজত দিয়া হৈছিল। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ উত্তৰসূৰী দেবেন্দ্ৰ প্ৰাসাদাচাৰ্যৰ হাতলৈ হস্তান্তৰিত হয় সেই ভূমি। তেওঁৰ পৰাই সেই ভূমি ২০ লাখ টকাত ক্ৰয় কৰে দীপ নাৰায়ণে। সংবাদ মাধ্যমৰ আগত দেবেন্দ্ৰ প্ৰাসাদাচাৰ্যই কয়, ‘এই ভূমি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দিবলৈ মেয়ৰে কিছু দিন ধৰি হেঁচা দি আহিছিল। চৰকাৰী ভূমিৰ পৰা যি পোৱা যায় সেয়াই ভাল। সেই কথা ভাবি বিক্ৰী কৰিছিল ভূমিভাগ’। পৰৱৰ্তী সময়ত দিপ নাৰায়ণৰ পৰা তীৰ্থক্ষেত্ৰ ন্যাস কমিটিয়ে ১৮ কোটি ৫০ লাখ টকাত ক্ৰয় কৰে উক্ত ভূমি। সেই টকা সম্প্ৰতি মেয়ৰৰ ভতিজা অৰ্থাৎ দীপ নাৰায়ণে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী পক্ষই। মহন্ত ব্ৰিজমোহন দাসৰ দাবী, ১৩৫ নম্বৰৰ ১,২৫৫ বৰ্গমিটাৰ ভূমি বহু বছৰ ধৰি তেৱেই চোৱাচিতা কৰি আহিছে। কেৱল নিজৰ মাটিয়েই নহয় দেৱেন্দ্ৰ প্ৰসাদাচাৰ্যৰ অংশও চোৱাচিতা কৰে বুলি জনাইছে ব্ৰিজমোহন দাসে। এপ্ৰিলৰ প্ৰথম সপ্তাহত সেই ভূমি খালী কৰাৰ নিৰ্দেশ দিছিল সহকাৰী জিলাদণ্ডাধীশ সন্তোষকুমাই সিংহই। মন্দিৰ কৰ্তৃপক্ষক ভূমিভাগ দিয়া হ’ব বুলি কয় সন্তোষকুমাই সিংহই। কিন্তু ফেব্ৰুৱাৰী মাহতেই ভূমিভাগ মোটা অংকৰ বিনিময়ত লেনদেন হৈছে। জালিয়াতিৰে সেই ভূমি দখল কৰে দীপ নাৰায়ণে। বিগত ২০ মে’ত ২,৬০ বৰ্গ মিটাৰৰ ভূমি মন্দিৰ কৰ্তৃপক্ষক বিক্ৰী কৰিছে ৭ কোটি ৩৫ লাখ টকাত। যাৰ বজাৰ মূল্য ১ কোটি ১৭ লাখ টকা।

বেআইনীভাৱে কোটি কোটি টকাৰ চৰকাৰী ভূমিৰ এনেদৰে মালিকানা সলনি কৰাক লৈ প্ৰশ্ন উত্থাপন কৰে অযোধ্যাৰ জিলা দণ্ডাধীশ তথা তীৰ্থক্ষেত্ৰ ন্যাসৰ অন্যতম সদস্য অনুজ কুমাৰ ঝাই। কিন্তু এই সন্দৰ্ভত বৰ্তমানলৈকে মুখ খোলা নাই জিলা প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24ayodhyaram mandirram mandir land scam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?
ৰাজনীতি

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

July 25, 2026
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?
ভাৰত

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

July 25, 2026
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?
বিনোদন

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

July 25, 2026
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ
অপৰাধ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

July 25, 2026
Next Post
বিদ্যুৎ বিভাগত আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰিলেনে? কৰক, অন্যথা সাময়িকভাৱে হ’ব সংযোগ বিচ্ছিন্ন

বিদ্যুৎ বিভাগত আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰিলেনে? কৰক, অন্যথা সাময়িকভাৱে হ’ব সংযোগ বিচ্ছিন্ন

আৰক্ষীৰ গুলীত নিহত বুবু কোঁৱৰৰ অপৰাধনামা

আৰক্ষীৰ গুলীত নিহত বুবু কোঁৱৰৰ অপৰাধনামা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.