উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ইন্দিৰাপুৰমত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ২ কোটি টকাৰ জীৱন বীমাৰ ধন লাভৰ লোভত নিজৰ স্বামীক লাহে লাহে বি*হ দি হ*ত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে। কেৱল স্বামীকে নহয়, নিজৰ পুত্ৰ আৰু ভতিজাককো বিষাক্ত খাদ্য খুৱাই হ*ত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে মহিলাগৰাকীৰ বিৰুদ্ধে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪২ বছৰীয়া মহিলাগৰাকীক।
স্বাস্থ্যৰ অৱনতি ঘটাত সৃষ্টি হৈছিল সন্দেহ
আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ২৪ ছেপ্টেম্বৰত বসুন্ধৰাৰ বাসিন্দা সুশীল কুমাৰ ভাটনগৰে ইন্দিৰাপুৰম আৰক্ষী থানাত পত্নী আৰু পৰিয়ালৰ আন কেইগৰাকীমান সদস্যৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰত তেওঁ অভিযোগ কৰিছিল যে তেওঁক, তেওঁৰ পুত্ৰ আৰু ভতিজাকক পৰিকল্পিতভাৱে বিষাক্ত খাদ্য খুৱাই হ*ত্যাৰ চেষ্টা চলোৱা হৈছে।
সুশীল কুমাৰৰ মতে, বিগত কিছুদিন ধৰি তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল। অসুস্থতাৰ কাৰণ জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে বিভিন্ন পৰীক্ষা কৰোৱাত তেওঁৰ শৰীৰত বিষক্ৰিয়া ধৰা পৰে। এই কথা জানিব পাৰি কোনোবাই ইচ্ছাকৃতভাৱে তেওঁক বি*ষ প্ৰয়োগ কৰা বুলি সন্দেহ কৰিবলৈ আৰম্ভ কৰে। পিছত তেওঁ আৰক্ষীৰ কাষ চাপে।
স্বামীৰ নামত আছিল ২ কোটি টকাৰ জীৱন বীমা
আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পিছতে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু অভিযুক্ত মহিলাগৰাকীক বিচাৰি অভিযান চলায়। অৱশেষত ধাৰাবাহিক তালাচীৰ অন্তত ২৩ নৱেম্বৰত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীৰ ভাষ্য অনুসৰি, জেৰাৰ সময়ত পোহৰলৈ আহে যে সুশীল কুমাৰৰ প্ৰায় ৫ৰ পৰা ৬ কোটি টকা মূল্যৰ এটা ট্ৰেভেল এজেন্সীৰ ব্যৱসায় আছে। ইয়াৰ উপৰি তেওঁৰ নামত আছিল ২ কোটি টকাৰ জীৱন বীমা পলিচী। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, উক্ত বীমা পলিচিখনৰ মনোনীত ব্যক্তি আছিল তেওঁৰ পত্নী।
বীমাৰ ধন-সম্পত্তিৰ লোভতে হত্যাৰ পৰিকল্পনা!
আৰক্ষীৰ দাবী অনুসৰি, জেৰাৰ সময়ত ৰেণুৱে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত তদন্তত পোহৰলৈ আহিছে যে স্বামীৰ মৃ*ত্যুৰ পিছত ২ কোটি টকাৰ বীমাৰ ধনৰ লগতে তেওঁৰ আন সম্পত্তিৰ ওপৰতো নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি মহিলাগৰাকীয়ে ভাবিছিল। এই লোভৰ বাবেই স্বামীক লাহে লাহে বিষাক্ত খাদ্য খুৱাই মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পৰিকল্পনা কৰা বুলি অভিযোগ উঠিছে। আনকি এই ষড়যন্ত্ৰত স্বামীৰ লগতে পুত্ৰ আৰু ভতিজাককো লক্ষ্য কৰি লোৱা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত সকলো দিশ পৰীক্ষা কৰি আছে। এই ষড়যন্ত্ৰত পৰিয়ালৰ আন কোনো সদস্য জড়িত আছে নেকি, সেয়াও তদন্তৰ আওতালৈ অনা হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















